ETV Bharat / sports

পেৰিছত ইতিহাস ৰচনা মনুৰ : ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সত ভাৰতৰ ব্ৰঞ্জ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Jul 30, 2024, 4:06 PM IST

Updated : Jul 30, 2024, 5:46 PM IST

Paris Olympics 2024 Shooting: ২০২৪ চনৰ পেৰিছ অলিম্পিকত দ্বিতীয়টো পদক লাভ কৰিছে ভাৰতে । ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰ আৰু সৰবজোৎ সিঙে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে । এই পদকৰ সৈতে মনু ভাকৰে একেখন অলিম্পিকত দুটা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে ৷

Paris Olympics 2024 Shooting
মনু ভাকৰ আৰু সৰবজোৎ সিং (AP PHOTOS)

স্প’ৰ্টছ ডেস্ক, ৩০ জুলাই: ২০২৪ চনৰ পেৰিছ অলিম্পিকত দ্বিতীয়টো পদক লাভ কৰিছে ভাৰতে । ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰ আৰু সৰবজোৎ সিঙে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

মনু ভাকৰ আৰু সৰবজোৎ সিঙে লাভ কৰে ব্ৰঞ্জৰ পদক:

মঙলবাৰে চেট’ৰ’ত অনুষ্ঠিত হোৱা ব্ৰঞ্জৰ পদকৰ মেচখনত ৰিপাব্লিক অৱ কোৰিয়াৰ দল লি ৱনহ’ আৰু অ’ য়ে জিনে প্ৰথম শৃংখলাত জয়লাভ কৰি আৰম্ভণি কৰে । অৱশ্যে ভাৰতীয় যুটিটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ৮-২ ছেটত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰে । সমগ্ৰ মেচখনত বহু উত্থান-পতন দেখা গ’ল যদিও ভাৰতীয় যুটিটোৱে নিজৰ অগ্ৰগতি হ্ৰাস কৰিব পৰা অৱস্থাত থকা যেন নালাগিল । অৱশেষত মনু ভাকৰ আৰু সৰবজোৎ সিঙৰ যুটিয়ে ১৬-১০ ছেটত জয়লাভ কৰে ।

লক্ষণীয়ভাৱে এই মেচখনত ভাকৰে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল আৰু ১৩টা শ্বটৰ ভিতৰত ১০টা শ্বটত ১০.০ বা তাতকৈ অধিক স্ক’ৰ কৰিছিল ।

লগতে পঢ়ক: মিক্সড ১০ মিটাৰ এয়াৰ পিষ্টলৰ ব্ৰঞ্জৰ পদক মেচত যোগ্যতা অৰ্জন মনু ভাকৰ-সৰবজোৎ সিঙৰ - Paris Olympics 2024

মনু ভাকৰে ৰচিলে ইতিহাস:

এই জয়ৰ জৰিয়তে ২২ বছৰীয়া মনু ভাকৰে ইতিহাস ৰচনা কৰিছে ৷ ভাৰতৰ পৰা অলিম্পিক সংস্কৰণত দুটা পদক লাভ কৰা প্ৰথমজন শ্বুটাৰ হিচাপে পৰিগণিত হৈছে মনু । ইয়াৰ পূৰ্বে দেওবাৰে মনু ভাকৰে ১০ মিটাৰ এয়াৰ পিষ্টল মহিলা একক প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতক পেৰিছ অলিম্পিকৰ প্ৰথমটো পদক প্ৰদান কৰিছিল । একে সময়তে সৰাবজোৎ সিং অলিম্পিক গেমছত পদক লাভ কৰা ষষ্ঠজন ভাৰতীয় শ্বুটাৰ হিচাপে পৰিগণিত হৈছে ।

পিষ্টলৰ বিজুতিৰ বাবে টকিঅ’ত কৰিব নোৱাৰিলে প্ৰতিদ্বন্দ্বিতা:

শ্বুটিঙত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হোৱাৰ বাবে চেট’ৰ’ ৰেঞ্জত ব্যক্তিগত ইভেণ্টত ২২ বছৰীয়া ব্ৰঞ্জৰ পদক লাভ কৰাটোও এক উল্লেখযোগ্য কৃতিত্ব আছিল । মনু ভাকৰ এতিয়া পিভি সিন্ধুৰ পিচত দুটাকৈ অলিম্পিক পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে । ভাকৰৰ এই জয়ৰ বিশেষ তাৎপৰ্য আছে কাৰণ পিষ্টলৰ বিজুতিৰ বাবে টকিঅ’ত তেওঁ খেলিব নোৱাৰিলে ৷ টকিঅ’ ভাৰতৰ পৰা পদক লাভৰ বাবে তেওঁক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছিল ।

লগতে পঢ়ক: ইতিহাস ৰচিলে মনু ভাকৰে : ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা শ্বুটাৰ - paris olympics 2024

অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ:

ভাৰতৰ এই দৰ্শনীয় বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনু ভাকৰ আৰু সৰবজোৎ সিঙক অভিনন্দন জনাইছে । প্ৰধানমন্ত্ৰী মোদীয়ে Xত লিখিছে, "আমাৰ শ্বুটাৰসকলে আমাক অহৰহ গৌৰৱান্বিত কৰি আছে । অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে মনু ভাকৰ আৰু সৰবজোৎ সিঙক অভিনন্দন জ্ঞাপন কৰিলো । দুয়োজনে অতি দক্ষতা আৰু দলীয় কাম-কাজ দেখুৱাইছে । ভাৰত অবিশ্বাস্যভাৱে সুখী ।"

তেওঁ আৰু লিখিছে, "মনুৰ বাবে এইটো তেওঁৰ একেৰাহে দ্বিতীয়টো অলিম্পিক পদক, যিয়ে তেওঁৰ অবিৰত উৎকৰ্ষতা আৰু নিষ্ঠাক প্ৰতিফলিত কৰে ।"

গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে ৰাষ্ট্ৰপতিয়ে:

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুই ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰি কয়, "একেখন অলিম্পিক গেমছত দুটাকৈ পদক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে পৰিগণিত হৈছে । তেওঁ আমাক বহুত গৌৰৱান্বিত কৰিছে । মনু ভাকৰ আৰু সৰবজোৎ সিঙক ভৱিষ্যতে আৰু বহু কৃতিত্বৰ কামনা কৰিলো ৷

লগতে পঢ়ক: অলিম্পিক পদক বিজয়ী মনু ভাকৰলৈ অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ - Paris Olympics 2024

Last Updated : Jul 30, 2024, 5:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.