টেষ্ট শৃংখলাৰ পূৰ্বে পাকিস্তানী শিবিৰত মোক্ষম আঘাত: খেলপথাৰৰ পৰা বাহিৰ পেচাৰ আমিৰ জামাল - PAK VS BAN TEST - PAK VS BAN TEST
PAK vs BAN: পাকিস্তান আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলালৈ বাকী আছে মাজত মাত্ৰ কেইটামান ঘণ্টা ৷ মেচৰ প্ৰাকমুহূৰ্তত পাকিস্তানৰ দলটোৰ সন্মুখীন দেখা দিছে এক বৃহৎ প্ৰত্যাহ্বান ৷ দলটোৰ বিপদজনক দ্ৰুত বলাৰ হিচাপে পৰিচিত আমিৰ জামালক বাহিৰ কৰা হৈছে শৃংখলাটোৰ পৰা ৷
Published : Aug 20, 2024, 5:06 PM IST
স্প’ৰ্টছ ডেস্ক, 20 আগষ্ট: পাকিস্তান আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ'বলগীয়া দুখন মেচৰ টেষ্ট শৃংখলাটোৰ প্ৰথমখন মেচ আৰম্ভ হ’ব 21 আগষ্ট অৰ্থাৎ বুধবাৰৰ পৰা ৷ এই মেচখনৰ পূৰ্বে শান মাছুদ নেতৃত্বাধীন পাকিস্তান ক্ৰিকেট দলটো পৰিছে সংকটত ৷ বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্ট মেচৰ পূৰ্বে পাকিস্তানৰ দ্ৰুত বলাৰ আমিৰ জামালক বাহিৰ কৰা হৈছে শৃংখলাৰ পৰা ৷ পিঠিৰ আঘাতৰ বাবে খেলুৱৈগৰাকীয়ে শৃংখলাত অংশগ্ৰহণ নকৰাটো নিশ্চিত হৈ পৰিছে ৷
বাংলাদেশ শৃংখলাৰ পৰা বাহিৰ আমিৰ জামাল
কাউণ্টি চেম্পিয়নশ্বিপত খেলি থকাৰ মাজতে পিঠিত আঘাত পাইছিল পাকিস্তানৰ ফাষ্ট বলাৰ আমিৰ জামালে ৷ তেতিয়াৰে পৰা দ্ৰুত বলাৰগৰাকীয়ে আঘাতৰ পৰা উপশম পাবলৈ যথাসাধ্য চেষ্টা অব্যাহত ৰাখিছিল যদিও বাংলাদেশ শৃংখলাৰ পূৰ্বে আঘাতৰ পৰা মুক্তি নোপোৱাটো নিশ্চিত হৈ পৰিছে ৷ যাৰ ফলত বুধবাৰৰে পৰা বাংলাদেশ-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া দুখন মেচৰ টেষ্ট শৃংখলাটোৰ পৰা বলাৰগৰাকী বাহিৰ হ’বলগীয়া হৈছে ৷
🚨🚨Aamir Jamal has been ruled out of the Bangladesh series ❌
— Cricbuzz (@cricbuzz) August 20, 2024
He has not recovered in time after suffering a back injury in the County championship. #cricket #TestCricket #PAKvsBAN pic.twitter.com/cuaooZ3lFU
মাত্ৰ 3 খন টেষ্ট মেচত জামালৰ ধুমুহা
আমিৰ জামালে এতিয়ালৈকে পাকিস্তানৰ হৈ মাত্ৰ 3 খন টেষ্ট মেচ খেলিছে । এই সময়ছোৱাত দ্ৰুত বলাৰগৰাকীয়ে 6 টা ইনিংছত উৎকৃষ্ট প্ৰদৰ্শন কৰি দখল কৰিছে মুঠ 18 টাকৈ উইকেট ৷ খেলুৱৈগৰাকীৰ গড় হৈছে 4.9 আৰু সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে 6/69 । আনহাতে, জামালে বেট ধৰি এটা অৰ্ধ-শতকৰ সহায়ত সংগ্ৰহ কৰিছে 143 ৰাণ ৷
ঘৰুৱা ক্ৰিকেটত পাকিস্তানে 21 ৰ পৰা 25 আগষ্টলৈ বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাটোৰ প্ৰথমখন মেচত অংশ ল’ব ৷ ইয়াৰ পিছত দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব 30 আগষ্টৰ পৰা 3 ছেপ্টেম্বৰলৈ ৷ পাকিস্তানী সময় অনুসৰি, এই দুয়োখন মেচ 11 বজাৰ পৰা ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।