ETV Bharat / sports

ব্যৰ্থতাৰ অৱসান ঘটাই মুলতানত ইংলেণ্ডৰ বিৰুদ্ধে 152 ৰাণত জয়ী পাকিস্তান

Multan test: ক্ৰমাগতভাৱে 11 খন মেচত পৰাজয়ৰ পিছত প্ৰথমটো জয় পাকিস্তানৰ ৷ মূলতানত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে জয় লাভ দলটোৰ ৷

author img

By ETV Bharat Sports Team

Published : 3 hours ago

PAK VS ENG 2ND TEST
ইংলেণ্ড-পাকিস্তানৰ মাজৰ দ্বিতীয়খন টেষ্ট (AP Photo)

স্প’ৰ্টছ ডেস্ক, 18 অক্টোবৰ: ঘৰুৱা ক্ৰিকেটত পৰাজয়ৰ ধাৰাৰ অন্ত পাকিস্তানৰ ৷ ক্ৰমাগত 11 খন মেচত পৰাজয়বৰণ কৰাৰ পিছত পাকিস্তানে ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত জয়ৰ মুখ দেখিবলৈ সক্ষম হয় ৷

সমান্তৰালকৈ শৃংখলাটোত 1-1 ত সমতা স্থাপন কৰে দলটোৱে ৷ মূলতানত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত পাকিস্তানে ইংলেণ্ডক 152 ৰাণত পৰাস্ত কৰে ।

1338 দিনৰ পিছত ঘৰুৱা টেষ্টত জয় লাভ পাকিস্তানৰ

মূলতানত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত পৰাজয়বৰণ কৰাৰ পিছত পাকিস্তানে দলটোৰ কিছু সালসলনি কৰে ৷ বাছনি সমিতি আৰু অধিনায়ক শ্বান মাছুদে সৰ্বসন্মতিক্ৰমে শীৰ্ষ বেটছমেন বাবৰ আজম, ফাষ্ট বলাৰ নাছিম শ্বাহ আৰু শ্বাহিন আফ্ৰিদীক দলৰ পৰা বাদ দিয়ে । যাৰ পিছতে পাকিস্তানে দ্বিতীয়খন টেষ্টত ইংলেণ্ডক পৰাজিত কৰি 1338 দিনীয়া ব্যৰ্থতাৰ অৱসান ঘটায় ৷

স্পিনাৰসকলে ঐতিহাসিক জয় প্ৰদান কৰিছিল

দলটোত কোনো বিখ্যাত স্পিনাৰ নাথাকিলেও মেন ইন গ্ৰীণে প্ৰথম টেষ্টৰ বাবে ব্যৱহৃত পিটচকে দ্বিতীয় টেষ্টত ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ পাকিস্তানে দ্বিতীয় টেষ্টৰ বাবে মূল একাদশত মাত্ৰ এজন ফাষ্ট বলাৰ বাছনি কৰিছিল । তেওঁ আছিল আমিৰ জামাল ৷

পাকিস্তানৰ স্পিনাৰসকলে দ্বিতীয় টেষ্টত উন্নত প্ৰদৰ্শন দাঙি ধৰিছিল । দলটোৰ হৈ নোমান আলী(11) আৰু চাজিদ খানে(9) আটাইকেইটা উইকেট দখল কৰে ।

টেষ্টৰ চতুৰ্থ দিনা জিকিবলৈ ইংলেণ্ডক 8 টা উইকেটত প্ৰয়োজন আছিল 261 ৰাণৰ ৷ কিন্তু পাকিস্তানী স্পিনাৰে দৰ্শনীয় প্ৰদৰ্শনৰে প্ৰতিপক্ষক বান্ধি ৰাখে 152 ৰাণত ৷

এখন টেষ্ট মেচত 20 টা উইকেট দখল কৰা দুজন বলাৰ:

  • এম নবেল (13) আৰু এইচ ট্ৰুম্বুল (7) বনাম ইংলেণ্ড, মেলব’ৰ্ণ, 1902
  • চি ব্লিথ (11) আৰু জি হাৰ্ষ্ট (9) বনাম অষ্ট্ৰেলিয়া, বাৰ্মিংহাম, 1909
  • বি ভগলাৰ (12) আৰু এ ফ'কনাৰ (8) বনাম ইংলেণ্ড, জোহান্সবাৰ্গ, 1910
  • জে লেকাৰ (19) আৰু টি লক (1) বনাম অষ্ট্ৰেলিয়া, মানচেষ্টাৰ, 1956
  • এফ মাহমুদ (13) আৰু খান মহম্মদ (7) বনাম অষ্ট্ৰেলিয়া, কৰাচী, 1956
  • বি মেছী (16) আৰু ডেনিছ লিলি (4) বনাম ইংলেণ্ড, লৰ্ডছ, 1972
  • চাজিদ খান (9) আৰু নোমান আলী (11) বনাম ইংলেণ্ড, মুলতান, 2024

পাকিস্তান বনাম ইংলেণ্ডৰ সৰ্বশ্ৰেষ্ঠ খেলৰ পৰিসংখ্যা:

  • 13/101 - আব্দুল কাদিৰ, লাহোৰ, 1987
  • 12/99 - ফজল মাহমুদ, দ্য অভেল, 1954
  • 11/147 - নোমান আলী, মুলতান, 2024*
  • 11/234 - আব্ৰাৰ আহমেদ, মুলতান, 2022

পাকিস্তান বনাম ইংলেণ্ডৰ বাবে সৰ্বশ্ৰেষ্ঠ ইনিংছ পৰিসংখ্যা

  • 9/56 - আব্দুল কাদিৰ, লাহোৰ, 1987
  • 8/46 - নোমান আলী, মুলতান, 2024*
  • 8/164 - চাকলাইন মুস্তাক, লাহোৰ, 2000

টেষ্ট ইনিংছত মুলতানৰ সৰ্বশ্ৰেষ্ঠ পৰিসংখ্যা

  • 8/46 – নোমান আলী বনাম ইংলেণ্ড, 2024*
  • 7/111 – চাজিদ খান বনাম ইংলেণ্ড, 2024*
  • 7/114 – আব্ৰাৰ আহমেদ বনাম ইংলেণ্ড, 2022
  • 6/42 – দানিশ কানেৰিয়া বনাম বাংলাদেশ, 2001

লগতে পঢ়ক: মুখ লুকুৱাবলৈও নহ’ব জেগা, ইমান বেয়াকৈ ইংলেণ্ডৰ হাতত পৰাজিত পাকিস্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.