ETV Bharat / sports

খেল খেলক, সুস্থ থাকক: এইকেইটা খেল খেলিলে হৈ পৰিব বিৰাট কোহলীৰ দৰে ফিট - FIVE SPORTS FOR GOOD LOOKING

author img

By ETV Bharat Sports Team

Published : Sep 1, 2024, 6:22 PM IST

Healthy Sports: নিজকে স্বাস্থ্যৱান কৰি ৰখাৰ এক মাধ্যম হৈছে ক্ৰীড়া ৷ যিয়ে কেৱল আমাৰ মানসিক বিকাশে সাধন নকৰে, বৰং সৌন্দৰ্য ধৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এই প্ৰতিবেদনত এনে পাঁচবিধ খেলৰ বিষয়ে উল্লেখ কৰা হৈছে, যিয়ে ব্যক্তিৰ সৌন্দৰ্য আৰু স্বাস্থ্য উন্নত কৰি ৰখাত সহায় কৰে ৷ পঢ়ক সবিশেষ...

FIVE SPORTS FOR GOOD LOOKING
বিৰাট কোহলী (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 1 ছেপ্টেম্বৰ: আমাৰ দৈনন্দিন স্বাস্থ্য, ফিটনেছ আৰু সৌন্দৰ্যত ক্ৰীড়াই এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এইকাৰণে যদি আমি প্ৰতিদিনে খেল খেলো, তেন্তে আমি পৃথকে কোনো ধৰণৰ ব্যায়াম কৰাৰ প্ৰয়োজন নাথাকে ৷ ক্ৰীড়াই ব্যক্তিৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে ।

বিৰাট কোহলী, মেছি আৰু ৰ’নাল্ডোৰ পৰা স্মৃতি মন্ধানালৈকে প্ৰতিগৰাকী খেলুৱৈয়ে ক্ৰীড়াৰ জৰিয়তে নিজৰ সৌন্দৰ্য আৰু ফিটনেছ ধৰি ৰাখি সুস্থ হৈ থাকে ৷

ক্ৰীড়াৰ জৰিয়তে এগৰাকী ব্যক্তিয়ে বহুতো লাভালাভ পাব পাৰে ৷ যেনে- খেলৰ জৰিয়তে এগৰাকী ব্যক্তি ক্ৰীড়াক্ষেত্ৰত পৰিপক্ক হৈ উঠিব পাৰে, দ্বিতীয়তে খেলৰ জৰিয়তে ব্যক্তিৰ শৰীৰচৰ্চাও অব্যাহত থাকে আৰু কোনো ব্যক্তি স্বাস্থ্যৱান হৈ থাকিব পাৰে, যি মানসিক স্বাস্থ্যৰ বাবেও অতি গুৰুত্বপূৰ্ণ ।

এই প্ৰতিবেদনৰ জৰিয়তে আমি পাঁচবিধ এনে খেলৰ বিষয়ে জনাম, যাৰ জৰিয়তে কোনো ব্যক্তিয়ে শাৰিৰীক আৰু মানসিক লাভালাভ পাব পাৰে-

1. দৌৰা

দৌৰ হৈছে এক প্ৰকাৰৰ খেল, যি আমাৰ স্বাস্থ্যক অতি শক্তিশালী কৰি ৰাখে । অলিম্পিকত 100 মিটাৰৰ পৰা 500 মিটাৰলৈকে দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়, য’ত খেলুৱৈসকলে তেওঁলোকৰ প্ৰতিভা দাঙি ধৰে । দৌৰবিদসকলৰ শাৰিৰীক গঠন বক্ৰ, ওখ, স্বাস্থ্যৱান আৰু আকৰ্ষণীয় হোৱা দেখা যায় ।

ব্যক্তিয়ে দৈনিক এই ব্যায়াম কৰিব পাৰে, যি হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰি ৰখাৰ লগতে অতিৰিক্ত কেলৰিৰ দহন ঘটাই মানসিক স্থিতি সুদৃঢ় কৰি তোলে ৷ দৌৰে ব্যক্তিৰ হৃদৰোগৰ আশংকা যথেষ্ট হ্ৰাস কৰি দীঘলীয়া স্বাস্থ্যকৰ জীৱন উপহাৰ দিব পাৰে ৷

2. সাঁতোৰ

সাঁতোৰ এক উৎকৃষ্ট খেল, যি অলিম্পিকতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সাঁতোৰাৰ ফলত ব্যক্তিৰ শৰীৰৰ সম্পূৰ্ণ ব্যায়াম হয় ৷ কোনো পুখুৰীত বা মুকলি পানীত সাঁতোৰাৰ লগে লগে ব্যক্তিৰ কাৰ্ডিঅ’ভাস্কুলাৰ কণ্ডিচনিং, পেশীৰ শক্তি উন্নত আৰু নমনীয় হৈ পৰে ।

3. চাইকেল চলোৱা

চাইকেল চলোৱা হৈছে এক উৎকৃষ্ট ক্ৰীড়া, যাৰ দ্বাৰা নিজকে স্বাস্থ্যৱান কৰি ৰাখিব পাৰি ৷ ব্যক্তিয়ে নিজৰ সন্তানক এই খেলৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ দিব পাৰে আৰু তেওঁলোকক অলিম্পিকৰ বাবে সাজু কৰি তুলিব পাৰে । এই ক্ৰীড়াই উৎকৃষ্ট কাৰ্ডিঅ’ভাস্কুলাৰ ব্যায়াম প্ৰদান কৰি ব্যক্তিৰ ভৰিৰ পেশী শক্তিশালী কৰে আৰু গাঁঠিবোৰৰ গতিশীলতা উন্নত কৰে । হাৰ্ভাৰ্ড হেল্থ পাব্লিচিঙৰ মতে, নিয়মীয়াকৈ চাইকেল চলালে ৰক্তচাপ হ্ৰাস পোৱাৰ লগতে ওজন নিয়ন্ত্ৰণত থাকে ৷ লগতে ডায়েবেটিছ আৰু হৃদৰোগৰ দৰে দীৰ্ঘম্যাদী ৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰে ।

4.পাইলেটচ

পাইলেটচ হৈছে ফিটনেছৰ বাবে এক উৎকৃষ্ট খেল, যি শৰীৰ, মন আৰু আৱেগক লাভান্বিত কৰে । শক্তি, নমনীয়তা, ভংগী আৰু মনোযোগৰ ওপৰত ইয়াৰ গুৰুত্বই বয়স বা ফিটনেছৰ স্তৰ নিৰ্বিশেষে সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতা উন্নত কৰাৰ ক্ষেত্ৰত এক উপযোগী খেললৈ পৰিণত কৰি তোলে । পাইলেটছে মূলতঃ শক্তিৰ ওপৰত গুৰুত্ব দিয়ে, নমনীয়তা আৰু পেশী টোনিং উন্নত কৰে ।

5. টেনিছ

টেনিছৰ দুটা প্ৰকাৰ আছে- টেবুল টেনিছ আৰু সাধাৰণ টেনিছ । দুয়োটা ক্ৰীড়াই অলিম্পিক স্বীকৃত ক্ৰীড়া । মগজুৰ ব্যায়াম আৰু নিয়ন্ত্ৰণৰ বাবে টেবুল টেনিছ এক উৎকৃষ্ট খেল । এইটো এটা এনেধৰণৰ খেল, যিয়ে এৰ’বিক ব্যায়ামক কৌশলগত চিন্তাধাৰাৰ সৈতে একত্ৰিত কৰে । টেনিছে সক্ৰিয় হৈ থাকিবলৈ এটা আমোদজনক আৰু সামাজিক উপায়ো প্ৰদান কৰে । ই হৈছে এনে এক ক্ৰীড়া, যি হাড়ৰ স্বাস্থ্য বৃদ্ধি কৰিব পাৰে ৷ কিয়নো এই কাৰ্যকলাপৰ ওজন বহনকাৰী প্ৰকৃতিয়ে হাড় শক্তিশালী কৰাত আৰু অষ্টিঅ’পোৰোচিছৰ আশংকা হ্ৰাস কৰাত সহায় কৰে ৷

লগতে পঢ়ক: ইউ এছ অপেন 2024: ৰোহন বোপান্না-আলদিলা চুটজাদীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ - US OPEN 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.