ETV Bharat / sports

শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ দল ঘোষণা - ENG VS SL FIRST TEST

author img

By ETV Bharat Sports Team

Published : Aug 20, 2024, 1:45 PM IST

England Announce Playing XI: বুধবাৰৰে পৰা মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ডত আৰম্ভ হ’ব শ্ৰীলংকা-ইংলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্ট মেচ ৷ যাৰ পৰিপ্ৰেক্ষিতত ইংলেণ্ডে ঘোষণা কৰিছে মূল একাদশৰ নাম ৷ হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে মেচৰ পৰা বাহিৰ হোৱা অধিনায়ক বেন ষ্ট’কছৰ অনুপস্থিতিত ইংলেণ্ডক নেতৃত্ব প্ৰদান কৰিব অলি পোপে ৷ আনহাতে, হেৰী ব্ৰুকক সহ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে ৷

ENG VS SL FIRST TEST
ইংলেণ্ডৰ খেলুৱৈসকল (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 20 আগষ্ট: বুধবাৰে অ’ল্ড ট্ৰেফৰ্ডত আৰম্ভ হ’বলগীয়া শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচৰ বাবে সাজু হৈছে অলি পোপৰ নেতৃত্বাধীন ইংলেণ্ডৰ ক্ৰিকেট দলটো ৷ হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰত থাকিব ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছ ৷ যাৰ বাবে অলি পোপক অধিনায়কৰ দায়িত্ব দিয়াৰ লগতে শৃংখলাটোৰ বাবে সহ অধিনায়কৰ দায়িত্ব দিয়া হৈছে হেৰী ব্ৰুকক ৷

সমান্তৰালকৈ মূল একাদশত স্থান দিয়া হৈছে পেচাৰ মেথিউ পটছক ৷ 2023 চনৰ জুন মাহত আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এক অফ টেষ্টত দীঘলীয়া ফৰ্মেটত অন্তিমবাৰৰ বাবে অংশগ্ৰহণ কৰা পটছে সহযোগী পেচাৰ অলি ষ্টোন আৰু আনকেপড বেটছমেন জৰ্ডান কক্সৰ পূৰ্বে মূল একাদশত স্থান লাভ কৰে ৷

পটছ ন নম্বৰ স্থানত থকাৰ লগে লগে জেমি স্মিথ, ক্ৰিছ ৱ'ক্স আৰু গাছ এটকিনছনে ক্ৰমান্বয়ে ছয়, সাত আৰু আঠ নম্বৰত খেলাৰ সম্ভাৱনা আছে ৷ কিয়নো ইংলেণ্ডৰ ওচৰত এতিয়া ষ্ট'কছৰ অনুপস্থিতিত চাৰিজন ফাষ্ট বলাৰ বলিং বিকল্প হিচাপে মজুত আছে ।

2022 চনত শেষবাৰৰ বাবে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ সময়ত টেষ্টত অংশ লোৱা মিডল অৰ্ডাৰ বেটছমেন ডেন লৰেন্সে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ইংলেণ্ডৰ 3-0 ৰ শৃংখলা বিজয়ৰ সময়ত জাক ক্ৰাউলিৰ আঙুলি ভঙাৰ বাবে মেচৰ পৰা বাহিৰ হোৱাত বেন ডাকেটৰ সৈতে ইনিংছ মুকলি কৰিব ৷

আমোদজনক কথাটো এয়ে যে, লৰেন্সে তেওঁৰ 11 খন মেচৰ টেষ্ট কেৰিয়াৰত কেতিয়াও অ’পেনাৰ হিচাপে ক্ৰিজত নমা নাই । মানচেষ্টাৰত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ জৰিয়তে পোপ ইংলেণ্ডৰ হৈ দলক নেতৃত্ব দিয়া 82 নং স্থানত উপনীত হোৱা পুৰুষৰ টেষ্ট অধিনায়ক হ'ব । পোপ আৰু ব্ৰুকৰ নেতৃত্বত দলটোৱ চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰাৰ আশা প্ৰকাশ কৰা হৈছে ৷

মানচেষ্টাৰত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ পিছত ইংলেণ্ড আৰু শ্ৰীলংকাই 29 আগষ্টত লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচত অংশ ল’ব ৷ তাৰপিছত 6 ছেপ্টেম্বৰত অ’ভেলত আৰম্ভ হ'ব শৃংখলাৰ অন্তিমখন মেচ ৷

ইংলেণ্ডৰ মূল একাদশ: ডেন লৰেন্স, বেন ডাকেট, অলি পোপ(অধিনায়ক), জ’ ৰুট, হেৰী ব্ৰুক(সহ অধিনায়ক), জেমি স্মিথ(উইকেটকীপাৰ), ক্ৰিছ ৱ'ক্স, গাছ এটকিনছন, মেথিউ পটছ, মাৰ্ক উড আৰু ছোৱেব বছিৰ ৷

লগতে পঢ়ক: আই পি এল ২০২৫: লক্ষ্ণৌ চুপাৰ জায়েণ্টছত সলনিৰ সম্ভাৱনা গৌতম গম্ভীৰৰ স্থান - IPL 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.