ETV Bharat / sports

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী; ভাৰতৰ বিৰুদ্ধে ইনিংছ মুকলি নকৰে ষ্টিভ স্মিথে - BORDER GAVASKAR TROPHY 2024

George bailey: অষ্ট্ৰেলিয়াৰ মুখ্য নিৰ্বাচক জৰ্জ বেইলীৰ দাবী ৷ ভাৰতৰ বিৰুদ্ধে ইনিংছ মুকলি নকৰে ষ্টিভ স্মিথে ৷

BORDER GAVASKAR TROPHY 2024
ষ্টিভ স্মিথ (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Oct 14, 2024, 2:48 PM IST

স্প’ৰ্টছ ডেস্ক, 14 অক্টোবৰ: বহু প্ৰত্যাশিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী 2024 ৰ সময়ত অষ্ট্ৰেলিয়াৰ হৈ ইনিংছ মুকলি নকৰে ষ্টিভ স্মিথে ৷ অষ্ট্ৰেলিয়াৰ পুৰুষ ক্ৰিকেট দলৰ ৰাষ্ট্ৰীয় নিৰ্বাচক জৰ্জ বেইলীয়ে নিশ্চিত কৰিছে এই কথা ৷

অভিজ্ঞ বেটছমেন ডেভিদ ৱাৰ্ণাৰৰ অৱসৰৰ পিছত ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তানৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ইনিংছ আৰম্ভ কৰিছিল ষ্টিভ স্মিথে ৷ চলিত বৰ্ষৰ 22 নৱেম্বৰৰ পৰা পাৰ্থত আৰম্ভ হ’বলগীয়া পাঁচখন টেষ্টৰ শৃংখলাটোত অংশগ্ৰহণ কৰিব ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে ৷

ষ্টিভ স্মিথে নকৰে ইনিংছ মুকলি

ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগা টেষ্ট শৃংখলাৰ বাবে স্মিথে 4 নং স্থানত বেটিং কৰাৰ সম্ভাৱনা আছে ৷ অষ্ট্ৰেলিয়াৰ মুখ্য নিৰ্বাচক জৰ্জ বেইলীয়ে সোমবাৰে ঘোষণা কৰে যে, বিগত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত টেষ্ট অভিষেক ঘটোৱা তাৰকা অলৰাউণ্ডাৰ কেমেৰুণ গ্ৰীণ পিঠিৰ অস্ত্ৰোপচাৰৰ বাবে ছয় মাহলৈ ক্ৰিকেটৰ পৰা আঁতৰত থাকিব ৷ যাৰ বাবে আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অংশগ্ৰহণৰ পৰা বিৰত থাকিব খেলুৱৈগৰাকী ৷

অ’পেনাৰ হিচাপে ব্যৰ্থ

অ’পেনাৰ বেটছমেন হিচাপে নিজকে উন্নীত কৰা স্মিথে প্ৰদৰ্শন অটুট ৰখাত ব্যৰ্থ হৈছে ৷ তেওঁ 4 খন মেচৰ 8 টা ইনিংছত 28.50 গড়ে মাত্ৰ 191 ৰাণহে সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত খেলুৱৈগৰাকীয়ে মাত্ৰ এটা অৰ্ধশতক অৰ্জন কৰে । সচৰাচৰ 4 নং স্থানত বেটিং কৰা খেলুৱৈগৰাকীৰ গড় ইনিংছ মুকলিৰ সময়ত হোৱা গড়তকৈ কোনো ব্যতিক্ৰম নহয় । স্মিথে 67 খন টেষ্টৰ 111 টা ইনিংছত 19 টা শতক আৰু 26 টা অৰ্ধ-শতকৰ সৈতে 61.51 গড়ে সংগ্ৰহ কৰিছে 5,966 ৰাণ ।

জৰ্জ বেইলীয়ে কৰিছে স্পষ্ট

অষ্ট্ৰেলিয়াৰ পুৰুষ ক্ৰিকেট দলৰ নিৰ্বাচক বেইলীয়ে প্ৰকাশ কৰে যে, অধিনায়ক পেট কামিন্স আৰু প্ৰশিক্ষক এণ্ড্ৰিউ মেকড’নাল্ডে ইতিমধ্যে স্মিথৰ সৈতে এই বিষয়ে কথা পাতিছে ।

সোমবাৰে জৰ্জ বেইলীয়ে এক সংবাদমেল সম্বোধন কৰি কয়, "পেট, এণ্ড্ৰিউ (মেকড’নাল্ড) আৰু ষ্টিভেন স্মিথ কেমেৰুণৰ আঘাতৰ পৰিপ্ৰেক্ষিতত আছিল বিকল্প ৷ মই ভাবো ষ্টিভে সেই উদ্বোধনী স্থানৰ পৰা পিছুৱাই যাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল" ৷

লক্ষণীয়ভাৱে, অষ্ট্ৰেলিয়াৰ বগা বলৰ অ’পেনাৰ ট্ৰেভিছ হেডে ইতিমধ্যে নিশ্চিত কৰিছে যে তেওঁ ৰেড বল ফৰ্মেটত বেটিং আৰম্ভ কৰিবলৈ আগ্ৰহী নহয় ।

অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে শৃংখলাটোৰ বাবে কেইবাজনো অ’পেনাৰৰ নাম বাছনি কৰিছে ৷ কেমেৰুণ বেনক্ৰফ্ট, মাৰ্কাছ হেৰিছ আৰু যুৱ প্ৰতিভাশালী ছেম কনষ্টাছক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী 2024 ত ইনিংছ মুকলি কৰাৰ দৌৰত থাকিব বুলি আশা কৰা হৈছে ।

ভাৰত বনাম অষ্ট্ৰেলিয়া ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী 2024 অনুসূচী:

  • প্ৰথম টেষ্ট: 22-26 নৱেম্বৰ, পাৰ্থ ষ্টেডিয়াম
  • দ্বিতীয় টেষ্ট: 6-10 ডিচেম্বৰ, এডিলেইড অ’ভেল
  • তৃতীয় টেষ্ট: 14-18 ডিচেম্বৰ, দ্য গব্বা, ব্ৰীচবেন
  • চতুৰ্থ টেষ্ট: 26-30 ডিচেম্বৰ, এম চি জি, মেলব’ৰ্ণ
  • পঞ্চম টেষ্ট: 3-7 জানুৱাৰী, এছ চি জি, ছিডনী

লগতে পঢ়ক: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অংশগ্ৰহণ নকৰে ৰোহিত শৰ্মাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.