ETV Bharat / sports

সৰ্বভাৰতীয় পুলিছ এথেলেটিকছ চেম্পিয়নশ্বিপত ৰিম্পী বুঢ়াগোঁহাইৰ সোণৰ পদক - POLICE ATHLETICS CHAMPIONSHIPS

Rimpy Buragohain wins gold: প্ৰশস্ত হ’ল ৱৰ্ল্ড এথেলেটিকচ পুলিচ মীটলৈ নিৰ্বাচিত হোৱাৰ পথ ৷ অসমৰ জীয়ৰী ৰিম্পী বুঢ়াগোহাঁইৰ অনন্য কৃতিত্ব ৷

POLICE ATHLETICS CHAMPIONSHIPS
Etv Bharat (Etv Bharat Assam)
author img

By ETV Bharat Sports Team

Published : Nov 14, 2024, 2:31 PM IST

স্প’ৰ্টছ ডেস্ক: অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আন এক সুখবৰ ৷ হিমা দাস আৰু লাভলীনা বৰগোহাঁইৰ পাছত ক্ৰীড়াক্ষেত্ৰত এইবাৰ উজলিছে অসম কন‍্যা ৰিম্পী বুঢ়াগোহাঁই । 73 সংখ‍্যক সৰ্বভাৰতীয় Police Athletics Championships ত অসমৰ ৰিম্পী বুঢ়াগোহাঁইয়ে লাভ কৰিছে সোণৰ পদক ৷

লং জাংম্পত 6.34 মিটাৰেৰে সোণৰ পদক অৰ্জন ৰিম্পী বুঢ়াগোহাঁইৰ । প্ৰতিযোগিতাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৰিম্পীৰ এই কৃতিত্ব অৰ্জন । দিল্লী আৰক্ষীয়ে আয়োজন কৰা এই চেম্পিয়নশ্বিপত দেশৰ 25 খন ৰাজ্য, চাৰিখন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 10 টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুঠ 39 টা দলে অংশগ্ৰহণ কৰিছিল ।

POLICE ATHLETICS CHAMPIONSHIPS
অসম কন্যাৰ কৃতিত্ব (ETV Bharat Assam)

প্ৰতিযোগিতাখনত 759 জন পুৰুষ আৰু 364 গৰাকী মহিলাকে ধৰি মুঠ 1123 গৰাকী আৰক্ষী জোৱানে অংশগ্ৰহণ কৰে ৷ সৰ্বভাৰতীয় Police Athletics Championships ত ৰিম্পীয়ে অসম ৰাইফলছৰ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ।

POLICE ATHLETICS CHAMPIONSHIPS
সম্প্ৰতি চি আৰ পি এফত কৰ্মৰত (ETV Bharat Assam)

শিৱসাগৰৰ বকতা পুনিবিল গোঁহাইগাঁৱৰ জীয়ৰী ৰিম্পী বুঢ়াগোঁহাইয়ে 2020 চনত চি আৰ পি এফত যোগদান কৰিছিল । পুনিবিলতেই প্ৰাথমিক শিক্ষা আৰম্ভ কৰা ৰিম্পী সৰুৰেই পৰা ক্ৰীড়াক্ষেত্ৰৰ সৈতে জড়িত আছিল । পৰৱৰ্তী সময়ত সৰ্বভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত (SAI) ক্ৰীড়াৰ শিক্ষাগ্ৰহণ কৰে ৰিম্পীয়ে ৷ সৰ্বভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত (SAI)ৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা কালতেই কেইবাখনো ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি চি আৰ পি এফত যোগদান কৰিবলৈ সক্ষম হয় যুৱতীগৰাকী ।

POLICE ATHLETICS CHAMPIONSHIPS
ৰিম্পী বুঢ়াগোহাঁইৰ সোণৰ পদক লাভ (ETV Bharat Assam)

ৰিম্পীৰ মাতৃ নিকুঞ্জ বুঢ়াগোহাঁয়ো আছিল এগৰাকী ক্ৰীড়াবিদ । ভালে কেইখন ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত পদক লাভ কৰিছিল ৰিম্পীৰ মাতৃয়ে ৷ ৰিম্পীয়ে সোণৰ পদক লাভ কৰি 2025 ৰ প্ৰথমাৰ্ধত হ’বলগীয়া ৱৰ্ল্ড এথেলেটিকচ পুলিচ মীটলৈ নিৰ্বাচিত হোৱাৰ পথ মুকলি কৰে ৷

লগতে পঢ়ক: অলিম্পিকৰ খেলুৱৈ নিৰ্বাচনৰ বাবে অসমলৈ আহিব মীৰাবাঈ চানু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.