ETV Bharat / politics

চৰ্চাত বিহাৰৰ দুজন প্ৰাৰ্থী : কিন্তু কিহৰ বাবে, অসমৰে সম্পৰ্ক কি ? - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 8:05 AM IST

Lok Sabha Election 2024 : লোকসভা নিৰ্বাচনত প্ৰাসংগিক হৈ পৰিছে দুগৰাকী বিশেষ প্ৰাৰ্থীৰ নাম । লাভ কৰিছে বিশেষ চৰ্চা । বিহাৰে এইবাৰ দৃষ্টি আকৰ্ষণ কৰিছে অসমৰ । বিহাৰৰ দুটাকৈ সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাস্ত হোৱা কোন এই দুই বিশেষ প্ৰাৰ্থী ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Two special candidates from Bihar in the news
চৰ্চাত বিহাৰৰ দুজন প্ৰাৰ্থী (ETV Bharat Assam)

গুৱাহাটী, 7 জুন : লোকসভা নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ পাছতে বিহাৰে দৃষ্টি আকৰ্ষণ কৰিছে অসমৰ । অৱশ্যে এই আকৰ্ষণৰ কাৰণ হৈছে দুজন ব্যক্তি । যি দুজন ব্যক্তিয়ে অসমৰ পৰা গৈ বিহাৰত নিৰ্বাচন খেলিছিল । এজন বিহাৰৰে যদিও অসমৰে আছে সু-সম্পৰ্ক আৰু আনজন অসমৰে । এজন ৰাজনীতিত নৱাগত আৰু আনজন ৰাজনীতিত পুৰণি ।

হয়, ঠিকেই অনুমান কৰিব পাৰিছে । আনন্দ মিশ্ৰ আৰু নৱ শৰণীয়াৰ কথাই কোৱা হৈছে । বিহাৰত নিৰ্বাচন খেলি কিমান ভোট পালে দুয়োজনে । এই প্ৰতিবেদনত তাৰেই কিছু আভাস দাঙি ধৰা হৈছে ।

আনন্দ মিশ্ৰ :

অসমৰ বাবে এটা অতি পৰিচিত নাম আনন্দ মিশ্ৰ । আৰক্ষী অধীক্ষক হিচাপে অসমত বিশেষ খ্যাতি লাভ কৰা আই পি এছ বিষয়া আনন্দ মিশ্ৰই ৰাজনীতিৰ পথাৰত খোজ দিয়াৰ বাবে ত্যাগ কৰিছিল চাকৰি । অসমৰ চুপাৰ কপ হিচাপে খ্যাত এইজন প্ৰাক্তন আই পি এছ বিষয়াই চাকৰি ত্যাগ কৰি জন্মভূমি বিহাৰলৈ গৈছিল আৰু বিজেপিৰ টিকট প্ৰত্যাশী আছিল ।

লগতে পঢ়ক: মৃণাল শইকীয়াই গোপনে সহায় কৰিছিল চাগৈ গৌৰৱ গগৈক ! সন্দেহ উপজিছে মুখ্যমন্ত্ৰীৰ - Cm Himanta On Mirnal Saikia

বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ নিৰ্বাচন খেলাৰ ইচ্ছা আছিল আনন্দ মিশ্ৰৰ । কিন্তু সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থিত্ব দিলে মিথিলেশ তিৱাৰীক । বিজেপিৰ পৰা টিকট নাপালেও তেওঁ সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হয় । আই পি এছ বিষয়া হিচাপে অসমত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা আনন্দ মিশ্ৰই ৰাজনীতিলৈ আহি খালে মুখথেকেচা ।

গৃহ ৰাজ্য বিহাৰত গৈ মুখথেকেচা খালে অসমৰ চুপাৰ কপে । বিহাৰৰ বক্সাৰ সমষ্টিত শোচনীয় পৰাজয়ৰ সন্মুখীন হয় আনন্দ মিশ্ৰই । ৪৭,৪০৯ টা ভোট পাই চতুৰ্থ স্থানতহে সন্তুষ্ট থাকিব লগা হʼল আনন্দ মিশ্ৰই । এতিয়া তেওঁৰ ভৱিষ্যত কি হ'ব সেয়া সময়েহে ক'ব । উল্লেখ্য যে, জানুৱাৰী মাহত বক্সাৰ সমষ্টিৰ পৰা বিজেপিৰ টিকট পোৱাৰ আশাৰে আনন্দ মিশ্ৰই চাকৰি ত্যাগ কৰিছিল ।

নৱ শৰণীয়া :

কোকৰাঝাৰ সমষ্টিৰ দুবাৰৰ সাংসদ নৱ শৰণীয়াই অসম এৰি বিহাৰত নিৰ্বাচন খেলি বেয়াকৈ মুখথেকেচা খালে । দুবাৰৰ সাংসদগৰাকীয়ে নিৰ্বাচনত লাজ লগাকৈ পৰাজয় স্বীকাৰ কৰিবলগা হয় । আনকি আমানতৰ ধনো বাজেয়াপ্ত হ'ল নৱ শৰণীয়াৰ ।

উল্লেখ্য যে নৱ শৰণীয়াই জনজাতিৰ বাবে সংৰক্ষিত ২ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা ২০১৪ আৰু ২০২৯ ত দুবাৰকৈ জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু জাতিগত প্ৰমাণপত্রক লৈ থকা খেলিমেলিৰ বাবে এইবাৰ অন্তিম মূহুৰ্তত কোকৰাঝাৰত নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিলে নৱ শৰণীয়াই ।

অসমত নিৰ্বাচন খেলিব নোৱাৰাৰ লগে লগে বিহাৰক বাচি ল'লে নৱ শৰণীয়াই । বাচি ল'লে বিহাৰৰ বাল্মীকি নগৰ লোকসভা সমষ্টিক । সমষ্টিটো জে ডি ইউৰ পৰম্পৰাগত আসন আৰু এন ডি এই এই আসনখন একেৰাহে দুটা দশক ধৰি দখল কৰি আহিছে ।

তথাপিও বহু আশা লৈ তেওঁ সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয় । কিন্তু আশা কৰা ধৰণে তেওঁ ফলাফল নাপালে । তেওঁ লাভ কৰিলে মাত্র ১১,৪২৩ টা ভোট ।

লগতে পঢ়ক: ৰূপজ্যোতি কুৰ্মী-ৰাণা গোস্বামীৰ ৰাজনৈতিক জীৱনলৈ অশনি সংকেত মাতিছে গৌৰৱ গগৈয়ে ! - Jorhat Ls Seat Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.