ETV Bharat / politics

আসুৰিক স্বৈৰতন্ত্র দূৰ নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰাখিব লাগিব: ড৹ হীৰেন গোহাঁই - Hiren Gohain slams BJP

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 9:42 PM IST

LS Polls 2024: ‘‘ভাৰতত সকলোৰে সমান অধিকাৰ আছে । ভাৰতবৰ্ষ ধনীৰো নহয় আৰু দুখীয়াৰো নহয়, সকলোৰে । দেশখন কোনো ধৰ্মৰ নহয় । বিগত দহবছৰ ধৰি দেশত একপক্ষীয় ক্ষমতাৰ প্ৰয়াস চলিছে ।’’ ড৹ হীৰেন গোহাঁই ৷

LS Polls 2024
Dr Hiren Gohain (ETV Bharat Assam)

গুৱাহাটী, ১৮ জুন: ‘‘সদ্যসমাপ্ত লোকসভা নিৰ্বাচন ভাৰতৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজ আছিল । ভাৰতীয় গণতন্ত্ৰই এতিয়াও সংকটৰ পৰা মুক্তি পোৱা নাই ।’’ এই মন্তব্য নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিৰ সভাপতি তথা বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁইৰ ।

ড৹ হীৰেন গোহাঁই (ETV Bharat Assam)

মঙলবাৰে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত বিৰোধী ঐক্য মঞ্চৰ নৱনিৰ্বাচিত সাংসদৰ লগতে এই নিৰ্বাচনত তীব্ৰ যুঁজ দিয়া তিনিগৰাকী প্ৰাৰ্থীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় । প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনাই ভাৰত জোড়ো অভিযান অসম, অসম নাগৰিক সমাজ আৰু নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিয়ে ।

লগতে পঢ়ক: একনায়কত্ববাদী শাসন সদায় চলি নাথাকে : অজিত কুমাৰ ভূঞা - Opposition unity forum Assam

অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁয়ে 2024 ৰ লোকসভা নিৰ্বাচনক মহাভাৰতৰ যুদ্ধ আখ্যা দিয়ে ৷ তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত ৰাইজৰ মাজত সজাগতা দেখা পোৱা গৈছে আৰু সেইটো শেষ হৈ যাবলৈ দিব নোৱাৰি ।

স্বাধীনতা সংগ্ৰামৰ ইতিহাস সুঁৱৰি তেওঁ কয় যে দেশখনত সকলোৰে সমান অধিকাৰ আছে । ভাৰতবৰ্ষ ধনীৰো নহয় আৰু দুখীয়াৰো নহয়, সকলোৰে । দেশখন কোনো ধৰ্মৰ নহয় । বিগত দহবছৰ ধৰি দেশত একপক্ষীয় ক্ষমতাৰ প্ৰয়াস চলিছে । মুষ্টিমেয়ক দেশৰ সম্পত্তি গতাই দিয়া হৈছে । বৃদ্ধি পাইছে নিবনুৱা সমস্যা আৰু দাৰিদ্ৰতা ।

লগতে পঢ়ক: অহংকাৰীসকলক ৰামে ২৪০তে বান্ধি ৰাখিলে; বিজেপিক কটাক্ষ আৰএছএছ নেতাৰ - RSS LEADER SLAMS BJP

তেওঁ লগতে কয় যে এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে 400 বহু দূৰৈৰে কথা, একক সংখ্যাগৰিষ্ঠতাও নাপালে । ৰাইজ সজাগ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে যুদ্ধৰ লক্ষ্য এতিয়াও পূৰণ হোৱা নাই । বহি থাকিব নোৱাৰি । পুনৰ ভয়ৰ পৰিৱেশ গঢ় লৈ উঠিব বুলি সম্ভাৱনা প্ৰকাশ কৰি তেওঁ কয় যে আসুৰিক স্বৈৰতন্ত্ৰ দূৰ নোহোৱা পৰ্যন্ত এই সংগ্ৰাম অব্যাহত ৰাখিব লাগিব ।

কোনো প্ৰাৰ্থীৰ প্ৰতি আমাৰ কোনো বিদ্বেষ নাই বুলি সদৰী কৰি ড৹ গোহাঁয়ে কয়- "সীমিত পৰিসৰত এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । শত্ৰুপক্ষৰ বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব ।" অনুষ্ঠানত প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, হাফিজ ৰচিদ আহমেদ চৌধুৰী, মীৰা বৰঠাকুৰ গোস্বামী আৰু লুৰীণজ্যোতি গগৈক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক: বিৰোধী ঐক্য মঞ্চৰ পিচত অসমত এইবাৰ আঞ্চলিক ৰাজনৈতিক ঐক্য মঞ্চ - Regional Political Unity Forum

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.