ETV Bharat / politics

দ্বিতীয়বাৰৰ বাবে প্ৰেম সিং তামাং হ’ব মুখ্যমন্ত্ৰী; ৯ জুনত শপত অনুষ্ঠান - PS Tamang to take oath

author img

By PTI

Published : Jun 6, 2024, 1:03 PM IST

PS Tamang to take oath as Sikkim CM : দ্বিতীয় কাৰ্যকালৰ বাবে প্ৰেম সিং তামাঙে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৷ ৯ জুনত হ’ব শপত অনুষ্ঠান ৷

PS Tamang to take oath as Sikkim CM
দ্বিতীয়বাৰৰ বাবে প্ৰেম সিং তামাং হ’ব মুখ্যমন্ত্ৰী; ৯ জুনত শপত অনুষ্ঠান (Etv Bharat)

নিউজ ডেস্ক, ৬ জুন : ৯ জুনত দ্বিতীয় কাৰ্যকালৰ বাবে ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰতিষ্ঠাপক প্ৰেম সিং তামাঙে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৷ বুধবাৰে সংবাদ সংস্থা ANI ক সদৰী কৰে এই তথ্য ৷ ৰাজ্যখনৰ ৰাজধানী গেংটকৰ পালজোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব তামাং আৰু তেওঁৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান ।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে পাঁচ বছৰৰ পূৰ্বে হোৱাৰ দৰেই ৯ জুনত পালজোৰ ষ্টেডিয়ামত নতুন মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব । ছিকিমৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক লোকৰ লগতে এছ কে এম কেডাৰেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ কয় ।

ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিঙে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও দুয়োটা সমষ্টিতে তেওঁ পৰাজিত হয় । তামাঙে নিৰ্বাচনত জয়ী হৈ দলীয় কৰ্মী-সমৰ্থকসকলক সম্বোধন কৰি তেওঁৰ ওপৰত বিশ্বাস ৰখাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

ইতিমধ্যে সকলোৰে জ্ঞাত যে, লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে ৩২ খন আসনৰ বাবেও বিধানসভা নিৰ্বাচন হয় ৷ বিধানসভাৰ ৩২ খন আসনৰ ভিতৰত ৩১ খন আসনত এছ কে এম জয়ী হয় । তামাঙে এছ কে এমৰ নেতা আৰু কৰ্মীসকলক তেওঁলোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবেও প্ৰশংসা কৰে ৷

উল্লেখ্য যে, ৫৬ বছৰীয়া তামাং এগৰাকী দক্ষ নেতা । তামাঙে ২০১৯ চনৰ পৰা ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰতিষ্ঠাপক আৰু এজন দক্ষ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । ১৯৯৪ চনৰ পৰা ২০০৯ চনলৈকে চাকুং জিলাত তেওঁ শিক্ষকতা কৰিছিল । ছিকিম ক্ৰান্তিকাৰি মৰ্চা দল গঠন কৰাৰ পূৰ্বে তেওঁ ছিকিম ডেম'ক্ৰেটিক ফ্ৰণ্ট (এছ ডি এফ) পাৰ্টী এজন গুৰুত্বপূৰ্ণ সদস্য আছিল ।

লগতে পঢ়ক : ছিকিমত এছকেএমৰ বৃহৎ জয়, পুনৰ শাসনৰ গাদীত বহিব প্ৰেম সিং তামাং ! - Sikkim Assembly Election Results

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.