সৰুপথাৰ, ১ এপ্ৰিল: ৰাজ্যত এতিয়া নিৰ্বাচনী গৰম বতাহ বলিছে । শাসক-বিৰোধী নামিছে ৰণথলীত । গাঁৱে-ভূঞে নিৰ্বাচনী প্ৰচাৰ তুংগত । কলিয়াবৰ লোকসভা সমষ্টিৰ বিলুপ্তিকৰণৰ পিচত নতুনকৈ গঠিত হৈছে ১০ নং কাজিৰঙা লোকসভা সমষ্টি ।
কাজিৰঙা সমষ্টিৰ বিজেপি মনোনীত প্ৰাৰ্থী হৈছে কামাখ্যা প্ৰসাদ তাছা । আনহাতে, কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী সৰুপথাৰৰ প্ৰাক্তন বিধায়িকা ৰ'জলীনা তিৰ্কী । নতুনকৈ গঠিত হোৱা কাজিৰঙা লোকসভা সমষ্টিত এইবাৰ আকৰ্ষণীয় হ'ব নিৰ্বাচন ।
নিৰ্বাচনৰ গৰম বতাহৰ মাজত কাজিৰঙা সংসদীয় সমষ্টিত চৰ্চিত হৈছে এখন বিশেষ ফটো । যিখন ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । কাজিৰঙা সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী বিজেপি কাৰ্যালয়ত উপস্থিত থকা অৱস্থাত তোলা এখন ফটো । ফটোখনৰ কাষত আছে ভৱেশ কলিতা আৰু সৰুপথাৰ মণ্ডল বিজেপিৰ সভাপতি । যিখন ফটো এতিয়া চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ।
সোমবাৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে নিজৰ ফেচবুকত আপলোড কৰিছে এই ফটোখন । পিছে ফটোখন হৈছে কেইবাবছৰৰ পুৰণি । বিধায়জনে সেই ফটোখনেৰে বুজাইছে যে ৰ'জলীনা তিৰ্কীয়ে বিজেপিত যোগদান কৰাৰ মন মেলিছে নেকি ? নে শাসক পক্ষই ৰাইজক দোমোজাত পেলাবলৈ ফটোখনক আপলোড কৰিছে ।
উল্লেখযোগ্য যে সৰুপথাৰ বিধানসভা সমষ্টিত ২০২১ চনৰ পূৰ্বে কংগ্ৰছৰ শক্তিশালী ভেটি আছিল । ৰ'জলীনা তিৰ্কীৰ পিতৃ আকলিয়াছ তিৰ্কী পূৰ্বতে সৰুপথাৰৰ বিধায়ক আছিল আৰু পিছত তেখেতৰ কন্যা ৰ'জলীনা তিৰ্কীৰ হাতত সৰুপথাত সমষ্টি আছিল ।
২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকন বিধায়ক হ'ল । কালিলৈ কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰপথাৰলৈ আহিব । আজি দেখিবলৈ পোৱা গ'ল সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিশেষ পোষ্ট, য'ত সৰুপথাৰৰ প্ৰাক্তন বিধায়িকা ৰ'জলীনা তিৰ্কীৰ কাষত আছে ভৱেশ কলিতা আৰু সৰুপথাৰ মণ্ডল বিজেপিৰ সভাপতি ।
- " class="align-text-top noRightClick twitterSection" data="">
লগতে পঢ়ক: সংবিধান-গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ৰাইজে ভোটদান কৰিব: ৰ'জলিনা তিৰ্কী - LOK SABHA ELECTIONS