ETV Bharat / politics

আমাৰ কৰ্মীসকলে ভোট দিলেনে নাই সেয়াও চিন্তা কৰিবলগীয়া হৈছে: ফণীভূষণ চৌধুৰী - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 8:48 PM IST

Lok Sabha Election Results 2024: বৰপেটা লোকসভা সমষ্টিৰ পৰা দিল্লীমুখী যাত্ৰা প্ৰশস্ত অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ । ২,১৮,৭৫৯ টা ভোটৰ ব্যৱধানত বিজয়ৰ পথ প্ৰশস্ত হয় প্ৰাৰ্থীগৰাকীৰ । পিছে ফলাফলক লৈ সুখী নহয় চৌধুৰী । সংখ্যালঘু ভোট লাভ নকৰাৰ আক্ষেপ চৌধুৰীৰ ।

Not getting expected result, Phanibhushan Chaudhary
পিছে ফলাফলক লৈ সুখী নহয় ফণীভূষণ চৌধুৰী (ETV Bharat Assam)

বৰপেটা,৪ জুন: বিজয়ী হ'ল বৰপেটা লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী । উৎফুল্লিত অগপ-বিজেপি কৰ্মকৰ্তাসকল । পিছে নিজৰ ফলাফলক লৈ সুখী নহয় প্ৰাৰ্থীগৰাকী । আশানুৰূপ ফলাফল লাভ কৰা নাই বুলি উল্লেখ কৰে জ্যেষ্ঠ অগপ নেতাগৰাকীয়ে । বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ক্ষোভ উজাৰিলে ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ প্ৰতি ৷

ফলাফলক লৈ সুখী নহয় ফণীভূষণ চৌধুৰী (ETV Bharat Assam)

ফণীভূষণ চৌধুৰীৰ ক্ষোভ উজাৰি কয় যে, নিৰ্বাচনত জয়ী হোৱাটো পূৰ্বৰে পৰা নিশ্চিত আছিল ৷ কিন্তু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ পৰা আশানুৰূপ ভোট তেওঁ লাভ নকৰিলে ৷ আনকি নিজ দলৰ কৰ্মীৰ ভোটদানক লৈও সন্দেহ প্ৰকাশ কৰে ফণীভূষণ চৌধুৰীয়ে ৷ নিজৰ লগতে ৰাজ্যখনৰ স্বাৰ্থত ধৰ্মীয় সংখ্যালঘুসকলক পৰৱৰ্তী সময়ত সহায়-সহযোগিতা আগবঢ়াবলৈ চৌধুৰীয়ে আহ্বান জনায় ৷

লগতে পঢ়ক: নিৰ্বাচনৰ ফলাফলক লৈ কিমান আশাবাদী অসমৰ প্ৰাৰ্থীসকল - Lok Sabha Election Results 2024

ধৰ্মীয় সংখ্যালঘুসকলক আবেগিক হৈ ভুল নকৰিবলৈ আহ্বান জনাই তেওঁ ৷ বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত ভৱিষ্যতে আবেগিক হৈ যাতে নিৰ্বাচনত অংশ নলয় তাৰো আহ্বান জনালে অগপৰ বিজয়ী প্ৰাৰ্থীগৰাকীয়ে ৷ লগতে তেওঁ কয় যে এই আহ্বানৰ প্ৰতি সংখ্যালঘুসকলে সঁহাৰি জনালে নিশ্চিতভাৱে সংখ্যালঘুসকলৰ বাবেই মংগল হ'ব ৷

উল্লেখ্য ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদানক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ভোটগণনাৰ পুৱাই ৯-১০ লাখ ভোট লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছিল চৌধুৰীয়ে । ইফালে অসমত বিজেপি মিত্ৰজোঁটে গৰিষ্ঠসংখ্যক আসন লাভ কৰিব বুলি তেওঁ দাবী কৰিছিল ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :
https://www.etvbharat.com/en/!elections/election-2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.