ETV Bharat / politics

ৰাজ্যত ২০২৩ লৈ চিনাক্ত হৈছে ১৩,৭২৯ গৰ‍াকী HIV ৰোগী

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 6:11 PM IST

HIV Positive : সদনত বিধায়িকা শিৱামণি বৰাৰ প্ৰশ্নৰ উত্তৰত মন্ত্রী কেশৱ মহন্ত। ৰাজ্যখনত কৰা ৮৯,৮৪,৫১৯টা পৰীক্ষা ভিতৰত HIV পজিটিভ পোৱা গৈছে ৩১,৭২৯ টা। বিগত বৰ্ষত কৰা ৯,৯০,৩৭২ টা পৰীক্ষাৰ ভিতৰত ধৰা পৰে ৫,৭৯১টা।

HIV Positive
ৰাজ্যত ২০২৩ লৈ চিনাক্ত হৈছে ১৩,৭২৯ গৰ‍াকী HIV ৰোগী

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী: অসমত ২০২৩ চনলৈকে ১৩,৭২৯ গৰাকী এইচ আই ভি পজিটিভ ৰোগী চিনাক্ত কৰা হৈছে। এই তথ্য সদৰী কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই । শুকুৰবাৰে অসম বিধান সভাৰ বাজেট অধিৱেশনৰ পঞ্চম দিনা সদনত HIV ৰ প্ৰসংগ উত্থাপন হয় । ‍

বিধায়িকা শিৱামণি বৰাই ৰাজ্যখনত চিন্তনীয় ৰূপত HIV পজিটিভৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা সন্দৰ্ভত সদনত কেতবোৰ প্ৰশ্ন উত্থাপন কৰে। বিধায়িকা বৰাই সদনৰ দৃষ্টি আকৰ্ষণ কৰি কয় যে, ৰাজ্যখনত ৫০ শতাংশ HIV পজিটিভ ড্ৰাগছ ব্যৱহাৰকাৰী হিচাপে চিনাক্ত হৈছে।

ক'ভিডৰ পাচৰ পৰা HIV ৰ ক্ষেত্রত সজাগতাৰ অভাৱ হোৱা বুলি সদৰী কৰি বিধায়িকা বৰাই অসমকে ধৰি চুবুৰীয়া ৰাজ্যসমূহত HIV পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাত চিন্তা ব্যক্ত কৰে । বিধায়িকাগৰাকীয়ে কয় যে, HIV ৰ ক্ষেত্রত নগাঁও জিলা ৰাজ্যখনৰ ভিতৰত তৃতীয় স্থানত আছে। যুৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ ওপৰত বিধায়িকা বৰাই গুৰুত্ব আৰোপ কৰে।

এই প্ৰশ্নৰ উত্তৰত মন্ত্রী কেশৱ মহন্তই বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি কয় যে, এইটো এটা প্ৰয়োজনীয় বিষয় । ২০০২ চনৰ পৰা ২০২৩ চনলৈ ৰাজ্যখনত ৮৯,৮৪,৫১৯টা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰ ভিতৰত ৩১,৭২৯ টা HIV পজিটিভ পোৱা গৈছে । পূৰ্বৰ তুলনাত বিগত বৰ্ষত HIV পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা স্বীকাৰ কৰে মন্ত্রীগৰাকীয়ে ৷ লগতে তেওঁ কয় যে, বিগত বৰ্ষত ৯,৯০,৩৭২ টা পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰ ভিতৰত ৫,৭৯১টা HIV পজিটিভ পোৱা গৈছে।

HIV ৰ বহুল প্ৰচাৰত বাধা থকাৰ কথা সদৰী কৰি মন্ত্রীগৰাকীয়ে কয় যে, সজাগতা সৃষ্টিৰ বাবে বেচৰকাৰী সংস্থাসমূহে কাম কৰি আছে। অসম ৰাজ্যিক AIDS নিয়ন্ত্ৰণ ছ'চাইটিৰ কাম-কাজৰ প্ৰসংগ উল্লেখ কৰি মন্ত্রী মহন্তই কয় যে, ৰাজ্যত কেন্দ্ৰসমূহৰ যোগেদি এ আৰ টি দি থকা হৈছে। ৰাজ্যত অসম ৰাজ্যিক AIDS নিয়ন্ত্ৰণ ছ'চাইটিৰ অধীনত ১০৭ টা ইণ্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ আছে।

মন্ত্রীগৰাকীয়ে লগতে কয় যে, সজাগতা সৃষ্টিৰ বাবে চৰকাৰখনে কৰি থকা কামৰ বাবেই বৰ্তমান সময়ত মানুহ চেণ্টাৰসমূহলৈ আহিছে আৰু যাৰ ফলত চিনাক্তকৰণৰ সংখ্যা বাঢ়িছে।

লগতে পঢ়ক: যানজঁটে প্ৰতিফলিত কৰিছে অসমৰ আৰ্থিক উন্নয়ন; মন্ত্ৰী ৰণজিৎ দাসৰ সূক্ষ্ম দৃষ্টিকোণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.