ETV Bharat / politics

বিজেপিত এতিয়া তিনিটা গোট : ব্যাখ্যা কৰিলে লুৰীণজ্যোতি গগৈয়ে - Lurinjyoti Gogoi

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 5:18 PM IST

Lurinjyoti Gogoi on Assam BJP : অসমৰ বিজেপিত আছে তিনিটা গ্ৰুপ ৷ কি কি এই তিনিটা গ্ৰুপ ? জনালে লুৰীণজ্যোতি গগৈয়ে ৷ মুখ্যমন্ত্ৰীৰ অহংকাৰৰ আগত দপদপকৈ কি জ্বলিব বুলি ক’লে অজাপৰ সভাপতিগৰাকীয়ে ?

Lurinjyoti Gogoi on Assam BJP
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

ডিব্ৰুগড়, ২ আগষ্ট : শাসকীয় দল বিজেপিত আৰম্ভ হৈছে অন্তঃকন্দল ৷ ন-পুৰণি বিজেপিৰ সংঘাতৰ ফলত দল এৰিছে বহু পুৰণি বিজেপি কৰ্মীয়ে ৷ ইয়াৰ সমান্তৰালভাৱে পুৰণি বিজেপি নেতাসকলক একগোট কৰি নতুন দল গঠনৰ চিন্তা আৰম্ভ কৰিছে একাংশ জ্যেষ্ঠ বিজেপি নেতাই ৷

তেনে সময়তে শুকুৰবাৰে বিজেপি দল এৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই । প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে দল এৰিবলৈ লোৱা বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে । অশোক শৰ্মাৰ বিজেপি ত্যাগক লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে ।

অজাপৰ সভাপতিগৰাকীয়ে কয়, ‘‘ বিজেপিক যিসকলে অতি কষ্ট কৰি এই অৱস্থালৈ আনিলে তেওঁলোক এতিয়া অৱহেলিত ৷ বিজেপিত এতিয়া তিনিটা গ্ৰুপ । এটা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দাদা বিগ্ৰেড, এটা সৰ্বানন্দ সোণোৱালপন্থী আৰু আনটো হ’ল কান্ধত মোনা লৈ দলটোক কষ্ট কৰি গঢ় দিয়াসকল, যিসকল আজিৰ দিনত আটাইতকৈ অৱহেলিত । বিজেপিৰ তিনিটা গোটৰ মাজত হোৱা দ্বন্দ্বৰ বাবে বিজেপিত খহনীয়া হ’ব ৷ যিমানে দম্ভ, অহংকাৰ হ'ব সিমানেই খহনীয়াৰ পৰিৱেশ সৃষ্টি হ'ব ৷ মুখ্যমন্ত্ৰীৰ অহংকাৰৰ আগত দপদপকৈ জ্বলিব এই পৰিৱেশ ৷’’

সৰ্বানন্দ সোণোৱালৰ সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত থকা গ্ৰুপটোৰ এতিয়া মোহভংগ হৈছে ৷ সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব দিল্লীত আছেনে নাই নাজানো, কিন্তু অসমত যে গুৰুত্ব একেবাৰেই নাই সেইটো প্ৰমাণিত হৈছে ৷’’

তদুপৰি বিজেপিৰ বিদ্ৰোহী নেতাই জাতীয় পৰিষদত যোগদান কৰিব নেকি বুলি সাংবাদিকৰ প্ৰশ্নত সভাপতিগৰাকীয়ে কয়, ‘‘ সময়লৈ অপেক্ষা কৰক ৷ বিজেপিৰ যি খহনীয়া, সেয়া আপোনালোকে চাই থাকক ৷ মুখ্যমন্ত্ৰীৰ ইমান অহংকাৰ ! সাংবিধানিক ব্যৱস্থাক বুঢ়াআঙুলি দেখুৱাই কাম-কাজ কৰা আৰম্ভ কৰিছে, সেয়া গণতন্ত্ৰত কেতিয়াও শোভা নাপায় ৷ গণতন্ত্ৰত ৰাইজেই ৰজা, সাধাৰণ জনতাৰ পূজা-অৰ্চনা যিমান দিনলৈ চলিব, জনতাৰ নেতা সিমান শক্তিশালী হৈ থাকিব ৷ যিমান অহংকাৰ হ’ব, সিমান সোনকালে পতন হ’ব ৷’’

লগতে পঢ়ক : বিদ্ৰোহী বিজেপি নেতা অশোক শৰ্মাৰ পদত্যাগৰ পাচতে দলত আৰম্ভ প্ৰলোভনৰ ৰাজনীতি !

লগতে পঢ়ক : সাধাৰণ লোকৰ বাবে চিন্তা কৰিব পৰা শক্তি চৰকাৰৰ নাইকীয়া হৈছে : ভূপেন বৰা

লগতে পঢ়ক : বিদ্ৰোহী বিজেপি নেতা অশোক শৰ্মাক আদৰি ল’বলৈ সাজু অসম প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.