ETV Bharat / politics

কাৰ কপালত আছে ৰাজভোগ ? ভাগ্য নিৰ্ণয় হ’ব অসমৰ ১৪ টা লোকসভা সমষ্টিৰ মুঠ ১৪৩ গৰাকী প্ৰাৰ্থীৰ - Lok Sabha Election results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 7:38 AM IST

LS Polls results 2024: আজি লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ ৰাজ্যৰ ৫০ খন নিৰ্বাচনী জিলাৰ ৫২ টা কেন্দ্ৰৰ ১৫২ টা হলৰ ১৯৪১ খন টেবুলত ভোটগণনাৰ ব্যৱস্থা । নিয়োজিত ৫৮২৩ গৰাকী কাউণ্টিং ষ্টাফ আৰু ৬৪ গৰাকী সাধাৰণ নিৰীক্ষক । ডিফুৰ আমৰি সমষ্টিত হ'ব সবাতোকৈ কম ১০ টা ৰাউণ্ড । জলেশ্বৰ আৰু পূব গোৱালপাৰা সমষ্টিত হ'ব সৰ্বাধিক ২৮ টা ৰাউণ্ড । অসমত তিনিটা পৰ্যায়ত হৈছিল নিৰ্বাচন । ভোটদানৰ হাৰ আছিল ৮১.৫৬ শতাংশ ।

LOK SABHA ELECTION RESULTS 2024
LS Polls results 2024 (ETV Bharat Assam)

গুৱাহাটী, ৪ জুন: অন্ত পৰিল দীঘলীয়া অপেক্ষাৰ । আজি ভাগ্য নিৰ্ণয় হ'ব অসমৰ ১৪ টা লোকসভা সমষ্টিৰ মুঠ ১৪৩ গৰাকী প্ৰাৰ্থীৰ । ৰাজ্যৰ ৫০ খন নিৰ্বাচনী জিলাৰ ৫২ টা ভোটগণনা কেন্দ্ৰৰ ১৫২ টা হলৰ ১৯৪১ খন টেবুলত ভোটগণনাৰ ব্যৱস্থা কৰা হৈছে । পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা । ই ভি এমত বন্দী হৈ থকা প্ৰাৰ্থীসকলৰ আজি ভাগ্য নিৰ্ণয় হ'ব । ফলাফল ঘোষণাৰ বাবে যাৱতীয় প্ৰস্তুতিৰে সাজু হৈছে নিৰ্বাচন আয়োগ ।

ভোটগণনাৰ যাৱতীয় ব্যৱস্থা :

ৰাজ্যৰ ৫০ খন নিৰ্বাচনী জিলাত ৫২ টা ভোটগণনা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে । ভোটগণনা কেন্দ্ৰত ই ভি এমৰ ভোটৰ গণনাৰ উপৰিও পোষ্টেল বেলটৰ গণনা কৰাৰ ব্যৱস্থা কৰা হৈছে । আনহাতে ৫২ টা ভোটগণনা কেন্দ্ৰত ভোট গণনাৰ বাবে ১৫২ টা হলৰ ব্যৱস্থা কৰা হৈছে । সেইদৰে ১৫২ টা হলত ভোট গণনাৰ বাবে মুঠ ১৯৪১ খন টেবুলৰ ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে ডিফুৰ আমৰি সমষ্টিত সবাতোকৈ কম ১০ টা ৰাউণ্ডতে ভোটগণনা সমাপ্ত হ'ব । সেইদৰে জলেশ্বৰ আৰু পূব গোৱালপাৰা সমষ্টিত সৰ্বাধিক ২৮ টা ৰাউণ্ড হ'ব । বাকী সমষ্টি সমূহত ১০ ৰ পৰা ২৮ টা ৰাউণ্ডৰে ভিতৰতে ভোটগণনা হ'ব । ইফালে ভোটগণনাত নিয়োজিত হৈছে ৫৮২৩ গৰাকী কাউণ্টিং ষ্টাফ । তদুপৰি নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত কৰা হৈছে ৬৪ গৰাকী সাধাৰণ নিৰীক্ষক । ইফালে পোষ্টেল বেলেটৰ সংখ্যা হৈছে ১,২৮,২৯৯ টা । অৱশ্যে এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । আনহাতে কিবা বিসংগতি ধৰা পৰা ই ভি এমৰ ক্ষেত্ৰত ভোটগণনা প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিচত সেইসমূহৰ গণনা কৰা হ’ব । ভি ভি পেট গণনা কৰা হ'ব ।

লগতে পঢ়ক: ৪ জুনলৈ দৃষ্টিনিৱদ্ধ দেশবাসীৰ, অসমৰ পৰা কোন কোন যাব দিল্লীৰ মচনদলৈ ? - LOK SABHA ELECTION RESULTS 2024

অসমৰ নিৰ্বাচনী প্ৰেক্ষাপট :

অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল । প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল । দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত নিৰ্বাচন অনুষ্ঠিত হৈছিল । তৃতীয় পৰ্যায়ত কোকৰাঝাৰ, বৰপেটা, ধুবুৰী আৰু গুৱাহাটীত নিৰ্বাচন অনুষ্ঠিত হৈছিল । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৮.২৫ শতাংশ, দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৮১.১৭ শতাংশ আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৮৫.৪৫ শতাংশ । মুঠ ১৪ টা সমষ্টিত ভোটদানৰ হাৰ আছিল ৮১.৫৬ শতাংশ । আনহাতে ধুবুৰীৰ বীৰসিং জাৰুৱা বিধানসভা সমষ্টিত সৰ্বাধিক ৯৪.১০ শতাংশ আৰু নিউ গুৱাহাটী বিধানসভা সমষ্টিত সৰ্বনিম্ন ৬৭.৯৩ শতাংশ ভোটদান হৈছিল । সেইদৰে লোকসভা সমষ্টি হিচাপত ধুবুৰী লোকসভা সমষ্টিত সৰ্বাধিক ৯২.০৮ শতাংশ আৰু লখিমপুৰ লোকসভা সমষ্টিত সৰ্বনিম্ন ৭৪.৪২ শতাংশ ভোটদান হৈছিল ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেট জানিবলৈ ক্লিক কৰক- https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

সমষ্টি অনুসৰি ভাগ্য নিৰ্ণয় হ'বলগীয়া প্ৰাৰ্থীসকল :

কাজিৰঙা সমষ্টিৰ ১১গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৭৯.৩৩ শতাংশ

  • বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা
  • কংগ্ৰেছৰ ৰ'জলীনা তির্কী
  • ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ অনিমা ডেকা গুপ্তা
  • অসম জনমৰ্চাৰ চেলিম আহমেদ
  • ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়াৰ (আঠৱালে) ছালেহ আহমেদ মজুমদাৰ
  • ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰ
  • নিৰ্দলীয় আব্দুল হক
  • নির্দলীয় জ্যোতিষ্ক ৰঞ্জন গোস্বামী
  • নির্দলীয় নিদীৱ জ্যোতি ভূঞা
  • নির্দলীয় দিলোৱাৰ বেগম চৌধুৰী
  • নিৰ্দলীয় বিনোদ গগৈ

শোণিতপুৰ সমষ্টিৰ ৮ গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৭৮.৪৬ শতাংশ :

  • কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু
  • বিজেপিৰ ৰঞ্জিত দত্ত
  • আম আদমী পাৰ্টিৰ ঋষিৰাজ কৌণ্ডিন্য
  • বি পি এফৰ ৰাজু দেউৰী
  • বহুজন মহাপাৰ্টিৰ আলম আলী
  • ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচনেলৰ ৰামেশ্বৰ স্বৰ্গীয়াৰী
  • গণ সুৰক্ষা পাৰ্টীৰ ৰিংকু ৰয়
  • নিৰ্দলীয় প্ৰদীপ ভাণ্ডাৰী

লখিমপুৰ সমষ্টিৰ ৯ গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৭৬.৪২ শতাংশ :

  • কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা
  • বিজেপিৰ প্ৰদান বৰুৱা
  • অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ ঘন কান্ত চুতীয়া
  • কমিউনিষ্ট পাৰ্টী অব ইণ্ডিয়াৰ ধীৰেণ কছাৰী
  • ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অব ইণ্ডিয়াৰ (কমিউনিষ্ট) পল্লৱ পেগু
  • ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচনেল বীৰেণ বাইলুং
  • নিৰ্দলীয় গোবিন বিশ্বকর্মা
  • নির্দলীয় দেৱ নাথ পাইট
  • নিৰ্দলীয় বিক্ৰম ৰামচিয়াৰী

ডিব্ৰুগড়ৰ সমষ্টিৰ ৩ গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৭৬.৭৫ শতাংশ :

  • বিজেপিৰ সৰ্বানন্দ সোণোৱাল
  • অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ
  • আম আদমী পাৰ্টীৰ মনোজ ধানোৱাৰ

যোৰহাট সমষ্টিৰ ৪ গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৭৯.৮৯ শতাংশ :

  • কংগ্ৰেছৰ গৌৰৱ গগৈ
  • বিজেপিৰ তপন কুমাৰ গগৈ
  • একম সনাতন ভাৰত দলৰ অৰুণ চন্দ্ৰ সন্দিকৈ
  • নিৰ্দলীয় ৰাজ কুমাৰ দুৱৰা

দৰং-ওদালগুৰি সমষ্টিৰ ১১ গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৮২.০১ শতাংশ :

  • বিজেপিৰ দিলীপ শইকীয়া
  • কংগ্ৰেছৰ মাধৱ ৰাজবংশী
  • বি পি এফৰ দুৰ্গা দাস বড়ো
  • ভাৰতীয় জৱান কিষান পাৰ্টীৰ অৰুণ বৰা
  • ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াৰ (আঠৱালে) আবুল কাছেম
  • ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ আব্দুল হামেদ
  • এছ ইউ চি আইৰ (চি) জীতেন্দ্ৰ চলিহা
  • ভাৰতীয় গণ পৰিষদৰ বীৰেণ বসাক
  • ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলৰ ললিত পেগু
  • গণ সুৰক্ষা পাৰ্টীৰ স্বৰ্ণ দেৱী
  • নিৰ্দলীয় ডেনিয়েল মাৰ্ডী

ডিফু সমষ্টিৰ ৫ গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৭৫.৭৪ শতাংশ :

  • কংগ্ৰেছৰ জয়ৰাম ইংলেং
  • বিজেপিৰ অমৰছিং তিছ'
  • এ এছ ডি চিৰ জৎছন বে'
  • গণ সুৰক্ষা পার্টীৰ জন বাৰ্নাড চাংমাই
  • নিৰ্দলীয় প্ৰাৰ্থী জন ইংতি কাথাৰ

কৰিমগঞ্জ সমষ্টিৰ ২৪ গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৮০.৪৮ শতাংশ :

  • বিজেপিৰ কৃপানাথ মাল্লা
  • কংগ্ৰেছৰ হাফিজ ৰচিদ আহমেদ চৌধুৰী
  • এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰী
  • ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ আহাদ উদ্দিন
  • বেংগলী নৱনিৰ্মাণ সেনাৰ দেৱাশীষ ঘোষ
  • ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়াৰ (কমিউনিষ্ট) প্ৰজ্জ্বল সুদীপ দেৱ
  • নিৰ্দলীয় আব্দুচ সুভন্ত তপাদাৰ
  • নির্দলীয় আব্দুল কালাম মজুমদাৰ
  • নিৰ্দলীয় আব্দুল গফৰ তালুকদাৰ
  • নিৰ্দলীয় আব্দুল বাচিত তপাদাৰ
  • নিৰ্দলীয় আব্দুল হামিদ
  • নিৰ্দলীয় আলিম উদ্দিন মজুমদাৰ
  • নিৰ্দলীয় গোপাল চন্দ্ৰ পাল
  • নিৰ্দলীয় জীৱেশ দেৱ
  • নিৰ্দলীয় দিলীপ কুমাৰ
  • নিৰ্দলীয় দেৱজ্যোতি নাথ
  • নিৰ্দলীয় বিনয় কৃষ্ণ ৰায়
  • নিৰ্দলীয় নজৰুল ইছলাম লস্কৰ
  • নিৰ্দলীয় মুজ্জাকিৰ হুছেইন লস্কৰ
  • নিৰ্দলীয় ৰকিবুল হুছেইন চৌধুৰী
  • নিৰ্দলীয় ৰচিদ আহমেদ চৌধুৰী
  • নিৰ্দলীয় ৰচিদ আহমেদ লস্কৰ
  • নিৰ্দলীয় চাফিকুৰ ৰহমান হাজাৰি
  • নিৰ্দলীয় চাহেল আহমেদ

শিলচৰ সমষ্টিৰ ৮ গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৭৯.০৫ শতাংশ :

  • বিজেপিৰ পৰিমল শুক্লবৈদ্য
  • কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰ
  • এছ ইউ চি আইৰ (চি) প্ৰভাস চন্দ্ৰ সৰকাৰ
  • বেংগলী নৱনিৰ্মাণ সেনাৰ ৱাৰিন্দ্ৰ কুমাৰ দাস
  • বহুজন মহাপাৰ্টীৰ ৰাজীৱ দাস
  • তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস
  • নিৰ্দলীয় অনন্ত মোহন ৰায়
  • নিৰ্দলীয় ৰাজু দাস

নগাঁও সমষ্টিৰ ১৩ গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৮৪.৯৭ শতাংশ :

  • কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ
  • বিজেপিৰ সুৰেশ বৰা
  • এ আই ইউ ডি এফৰ আমিনুল ইছলাম
  • জয় প্ৰকাশ জনতা দলৰ অনুপম বৰুৱা
  • অসম জন মৰ্চাৰ ছাইফুল ইছলাম চৌধুৰী
  • ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ ৰাবুল হক
  • ভাৰতীয় গণ পৰিষদৰ শান্তনু মুখাৰ্জী
  • নিৰ্দলীয় আবু ইউচুফ মহম্মদ ৰহিম উদ্দিন
  • নিৰ্দলীয় আবু চামা
  • নিৰ্দলীয় চামচুল আলম
  • নিৰ্দলীয় নিখিল ডেকাৰাজা
  • নিৰ্দলীয় বিপদ ভঞ্জন সৰকাৰ
  • নিৰ্দলীয় শিখা শৰ্মা

কোকৰাঝাৰ সমষ্টিৰ ১২গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৮৩.৫৫ শতাংশ :

  • বি পি এফৰ খাম্ফা বৰগয়াৰী
  • ইউ পি পি এলৰ (এন ডি এ) জয়ন্ত বসুমতাৰী
  • কংগ্ৰেছৰ গৰ্জন মুছাহাৰী
  • গণ সুৰক্ষা পাৰ্টিৰ বিনীতা ডেকা
  • অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত নির্দলীয় প্ৰার্থী জ্যোতিষ (জোন) দাস
  • তৃণমূল কংগ্ৰেছৰ গৌৰী শংকৰ শৰণীয়া
  • ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলৰ ললিত পেগু
  • নিৰ্দলীয় প্ৰাৰ্থী অজয় নাৰ্জাৰী
  • নিৰ্দলীয় প্ৰাৰ্থী তৃপ্তিনা ৰাভা
  • নিৰ্দলীয় প্ৰাৰ্থী পংকজ ইছলাৰী
  • নিৰ্দলীয় প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ
  • নিৰ্দলীয় প্ৰাৰ্থী ৰঞ্জন কুমাৰ ব্ৰহ্ম

ধুবুৰী সমষ্টিৰ ১৩ গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৯২.০৮ শতাংশ :

  • কংগ্ৰেছৰ ৰকিবুল হুছেইন
  • এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল
  • অগপৰ (এন ডি এ) জাবেদ ইছলাম
  • ভাৰতীয় গণ পৰিষদৰ এছ এম জিয়াউল হক
  • ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অব ইণ্ডিয়াৰ (কমিউনিষ্ট) সুৰত জামান মণ্ডল
  • ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলৰ তহিদ্দুৰ ৰহমান
  • হিন্দু সমাজ পাৰ্টীৰ ৰাধাৰাণী বিশ্বাস
  • ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়াৰ (আঠৱালে) ৰেজাউল কৰিম
  • অসম জন মৰ্চাৰ শুকুৰ আলী
  • দা নেচনেল ৰোড মেপ পাৰ্টী অৱ ইণ্ডিয়াৰ হাফিজ বুঢ়ানউদ্দিন
  • নিৰ্দলীয় অলকেশ ৰয়
  • নির্দলীয় ফাৰুক খান
  • নিৰ্দলীয় বিশ্বজিৎ ৰায়

বৰপেটা সমষ্টিৰ ১৪ গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৮৫.২৪ শতাংশ :

  • অগপৰ ফণীভূষণ চৌধুৰী
  • কংগ্ৰেছৰ দীপ বায়ন
  • চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰ
  • বি পি এফৰ চামেজ উদ্দিন
  • ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ আবুবক্কৰ ছিদ্দিকি
  • তৃণমূল কংগ্ৰেছৰ আবুল কালাম আজাদ
  • ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়াৰ (আঠৱালে) আমজাদ আলী
  • ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অব ইণ্ডিয়াৰ (কমিউনিষ্ট) চিত্ৰলেখা দাস
  • ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলৰ ছাহজাহান আলী খান
  • নিৰ্দলীয় এ হক
  • নিৰ্দলীয় দুলু আহমেদ
  • নিৰ্দলীয় জগন্নাথ ৰায়
  • নিৰ্দলীয় দেৱান মহিবুল ইছলাম
  • নিৰ্দলীয় মতিয়াৰ ৰহমান

গুৱাহাটী সমষ্টিৰ ৮ গৰাকী প্ৰাৰ্থী : ভোটদানৰ হাৰ ৭৮.৩৯ শতাংশ :

  • বিজেপিৰ বিজুলী কলিতা মেধি
  • কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী
  • ভাৰতীয় গণ পৰিষদৰ সামাদ চৌধুৰী
  • বহুজন মহাপাৰ্টিৰ চেজন গয়াৰী
  • একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মা
  • ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল দলৰ দীপক কুমাৰ বড়ো
  • নিৰ্দলীয় প্ৰাৰ্থী কাজি নেকিব আহমেদ
  • নিৰ্দলীয় প্ৰাৰ্থী কৰ্ণেল গোকুল চন্দ্ৰ সিংহ

লগতে পঢ়ক: কাউণ্ট ডাউন আৰম্ভ : নিৰ্ণয় হ'ব ১৪৩ প্ৰাৰ্থীৰ ভাগ্য; কি আছিল ২০১৯ৰ প্ৰেক্ষাপট - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.