ETV Bharat / politics

এটা ভোটকেন্দ্ৰত মাত্ৰ এটা ভোট : 39 কিঃমিঃ খোজকাঢ়ি গৈ ভোটগ্ৰহণ বিষয়া-কৰ্মচাৰীৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

দুৰ্গম অঞ্চলৰ এটা ভোটকেন্দ্ৰত গ্ৰহণ কৰা হ’ল মাত্ৰ এটা ভোট ৷ একমাত্ৰ ভোটটোৰ বাবেই বয়-বস্তু লৈ খোজকাঢ়ি গ’ল বিষয়া-কৰ্মচাৰী আৰু সুৰক্ষা কৰ্মীৰ দল ৷

SOLE VOTE IN ARUNCAHAL
অৰুণাচল প্ৰদেশৰ এটা ভোটকেন্দ্ৰত মাত্ৰ এটা ভোট
author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 8:14 PM IST

তেজপুৰ, ১৯ এপ্ৰিল : এটা ভোটকেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে মাত্ৰ এগৰাকী ভোটাৰে ৷ গণতন্ত্ৰৰ মহোৎসৱৰ অংশীদাৰ হ’ল অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৱৰ্তী এলেকাৰ মালোগাম গাঁৱৰ বাসিন্দা চকেলা তায়াং ৷

SOLE VOTE IN ARUNCAHAL
অৰুণাচল প্ৰদেশৰ এটা ভোটকেন্দ্ৰত মাত্ৰ এটা ভোট

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত অনুষ্ঠিত ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনতো অংশগ্ৰহণ কৰে 44 বছৰীয়া মহিলা ভোটাৰগৰাকীয়ে । পূব অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ অন্তৰ্গত আঞ্জাও জিলাৰ সদৰ হায়ুলিয়াঙৰ পৰা 39 কিলোমিটাৰ নিলগৰ মালোগাম গাঁৱৰ বাসিন্দা চকেলা তায়াঙে প্ৰদান কৰিলে তেওঁৰ ভোট । উল্লেখ্য যে 52 নং মালগাম ভোটকেন্দ্ৰটো 44 নং হায়ুলিয়াং বিধানসভা সমষ্টিৰ অন্তৰ্গত অত্যন্ত ভিতৰুৱা অঞ্চল ।

  • " class="align-text-top noRightClick twitterSection" data="">

দুৰ্গম অঞ্চলটোত ভোটগ্ৰহণ কৰিবলৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰী আৰু সুৰক্ষা কৰ্মীৰ দল খোজকাঢ়ি যাবলগীয়া হয় । মালোগাম গাঁৱলৈ যোৱাৰ বাবে যান-বাহনৰ ব্যৱস্থা কৰাটোও সম্ভৱপৰ নহয় । অৱশ্যে অত্যন্ত পিচপৰা অঞ্চলটোৰ একমাত্ৰ ভোটাৰগৰাকী সচৰাচৰ সেই গাঁৱত বসবাস নকৰে ৷ কাষৰীয়া লোহিত জিলাৰ ৱাকৰো নামৰ অঞ্চলটোত বসবাস কৰে চকেলা তায়াং নামৰ মহিলাগৰাকীয়ে ৷ কিবা বিশেষ কাম থাকিলেহে অঞ্চলটোলৈ যায় মহিলাগৰাকী ৷

কিন্তু মহিলাগৰাকীৰ ভোটাধিকাৰ আছে সেই দুৰ্গম গাঁওখনত ৷ যিখন গাঁৱত কেৱল যোগাযোগ ব্যৱস্থাই নহয়, টেলিফোন বা মোবাইল ফোনৰ সংযোগো নাই । সেই সকলো প্ৰতিকুলতা নেওচি একমাত্ৰ ভোটদাতাগৰাকীৰ ভোটগ্ৰহণৰ বাবেই দুৰ্গম অঞ্চলটোলৈ যাবলগীয়া হয় নিৰ্বাচনী দল । অঞ্চলটোলৈ যাবলৈ বিষয়া-কৰ্মচাৰীসকলৰ প্ৰয়োজন হয় সম্পূৰ্ণ এটা দিনৰ ৷

পূব অৰুণাচল প্ৰদেশ সংসদীয় সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সাংসদ তথা বিজেপি প্ৰাৰ্থী তাপীৰ গাৱে ৷ তেওঁৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ৰাজ্যখনৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা কংগ্ৰেছ নেতা বশিৰাম চিৰামে ৷ উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ মুঠ 2,226 টা ভোটকেন্দ্ৰৰ 228 টা কেন্দ্ৰলৈ খোজকাঢ়ি যাব লাগে ৷ তাৰে ৬১ টা কেন্দ্ৰলৈ যাবলৈ দুদিন পৰ্যন্ত সময়ৰ প্ৰয়োজন হয় ৷

লগতে পঢ়ক: কোন ৰাজনৈতিক নেতাই ক’ত কৰিলে ভোটাধিকাৰ সাব্যস্ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.