ETV Bharat / politics

কংগ্ৰেছত থাকিও যেন অশোক শৰ্মাই আৰ এছ এছৰ কথা, হিন্দুৰ কথা কৈ থাকে : মুখ্যমন্ত্ৰী - Ashok Sharma joins Congress

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 4:57 PM IST

Himanta Biswa Sarma on Ashok Sharma : কংগ্ৰেছক মই হিন্দু কৰিব নোৱাৰিলোঁ ৷ অশোক শৰ্মাই যাতে কংগ্ৰেছত থাকিও আৰ এছ এছ, হিন্দুৰ কথা কৈ থাকে ৷ এই মন্তব্য ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

Himanta Biswa Sarma on Ashok Sharma
অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য (ETV Bharat Assam)

গুৱাহাটী, ৯ আগষ্ট : অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কংগ্ৰেছত যোগদান কৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ৷ শুকুৰবাৰে নলবাৰী ৰাজীৱ ভৱনত দলটোত যোগদান কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে । বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কংগ্ৰেছত যোগদান কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাক লৈ মই আনন্দিত হৈছো । তেখেতক মই অভিনন্দন জনাইছো ৷ মই আগতে থকা দলটোতে তেওঁ যোগদান কৰিছে । লগতে আহ্বান জনাও যে কংগ্ৰেছত থাকিও যেন তেখেতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কথা, হিন্দুৰ কথা কৈ থাকে । কংগ্ৰেছত হিন্দু মানু্হ থকাৰ প্ৰয়োজনীয়তা আছে । সেয়েহে অশোক শৰ্মা কংগ্ৰেছত যোগদান কৰাটো এটা আনন্দৰ কথা ।’’

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘ কংগ্ৰেছত থাকি মই হিন্দু কৰিব নোৱাৰিলো । মই নোৱৰা কাম কংগ্ৰেছত অশোক শৰ্মাই কৰিলে তেখেতৰ নাম ইতিহাসত সোণালী আখৰেৰে লিখা যাব । ভাৰত মাতা জয় বুলি কৈ যাতে তেওঁ যোগদান কৰে, সেয়া আশা কৰিছো ৷’’ উল্লেখযোগ্য যে ২ আগষ্টত বিজেপি ত্যাগ কৰিছিল নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে । বিজেপিৰ পৰা লাঞ্ছনা পোৱাৰ অভিযোগ তুলি পদত্যাগপত্ৰ দাখিল কৰিছিল অশোক শৰ্মাই । বিজেপিত পোৱা অপমানৰ বাবেই দল এৰাৰ সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰিছিল তেওঁ । আত্মৰক্ষাৰ বাবেই বিজেপি ত্যাগ কৰা বুলি উল্লেখ কৰিছিল অশোক শৰ্মাই ।

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ আচৰণৰ বাবেই অসমতো বাংলাদেশৰ দৰে অৱস্থা হ’ব: অশোক শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.