ETV Bharat / politics

অখিল গগৈৰ বাবেই অসমৰ তিনিখন লোকসভা সমষ্টিত উৰিল কংগ্ৰেছৰ বিজয় ধ্বজা ? - AKHIL GOGOI ROLE ON LS ELECTION

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 12:07 PM IST

Akhil Gogoi : লোকসভা নিৰ্বাচন 2024 ত অসমৰ 11 খন আসনেই বিজেপিয়ে দখল কৰাৰ বিপৰীতে কংগ্ৰেছ মাত্ৰ তিনিখন আসন দখল কৰিয়েই সন্তুষ্ট হৈ থাকিবলগীয়া হ’ল । কিন্তু কংগ্ৰেছে ৰাজ্যৰ তিনিটা লোকসভা সমষ্টি দখল কৰাৰ ক্ষেত্ৰত কি ভূমিকা আছিল ড৹ হীৰেণ গোঁহাই, অজিত কুমাৰ ভূঞা আৰু ৰাইজৰ দলৰ নেতা অখিল গগৈৰ । চর্চা হোৱাৰ দৰে সঁচাই কংগ্ৰেছৰ তিনি সমষ্টি দখলৰ আঁৰৰ ব্যক্তিজনেই অখিল গগৈ নে ? কি কয় ৰাজনৈতিক বিশ্লেষকে ? এই সন্দৰ্ভত ই টি ভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক প্ৰতিবেদন ।

LOK SABHA ELECTION 2024
অখিল গগৈকলৈ কিয় আৰম্ভ হৈছে চর্চা ? (Etv Bharat)

নগাঁও, 11 জুন : বিগত 2019 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ দখলত অসমৰ তিনিখন আসন থকাৰ পাচত 2024 চনৰ দেশৰ সাধাৰণ নিৰ্বাচনতো ৰাজ্যৰ তিনিটা সংসদীয় সমষ্টিয়েই কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছে ৷ যদিও পূৰ্বৰ দুটা সমষ্টি ক্ৰমে কলিয়াবৰ (বৰ্তমান কাজিৰঙা) আৰু বৰপেটা সমষ্টিত পৰাজয় বৰণ কৰে দলটোৱে ।

লোকসভা নিৰ্বাচন 2024 (ETV Bharat)

অৱশ্যে নতুনকৈ বিজেপিৰ দখলৰ পৰা যোৰহাট আৰু এ আই ইউ ডি এফৰ দখলৰ পৰা ধুবুৰী লোকসভা সমষ্টিৰ লগতে পূৰ্বৰ পৰাই দখলত থকা নগাঁও লোকসভা সমষ্টিও দখল কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছে । অৰ্থাৎ এইবাৰ নিৰ্বাচনত যোৰহাটৰ পৰা বহু প্ৰত্যাহ্বান নেওচি কংগ্ৰেছৰ গৌৰৱ গগৈ, নগাঁৱৰ পৰা প্ৰদ্যুৎ বৰদলৈ আৰু ধুবুৰী সংসদীয় সমষ্টিৰ পৰা কংগ্ৰেছ দলৰেই ৰকিবুল হুছেইনে জয়লাভ কৰি সংসদলৈ নিৰ্বাচিত হয় ।

ৰাজ্যৰ মুঠ 14 সমষ্টিৰ ভিতৰত জয়লাভ কৰে তিনিটা লোকসভা সমষ্টি দখলৰ ক্ষেত্ৰত বিৰোধী ঐক্যৰ নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ভূমিকাক লৈ সৰ্বত্ৰে চলিছে ব্যাপক চর্চা । সমান্তৰালকৈ বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেণ গোঁহাই, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বতো ৰাইজক বিশেষকৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে বুজাবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে বিশিষ্ট গল্পকাৰ, ৰাজনৈতিক বিশ্লেষক শিবানন্দ কাকতিয়ে । অসমত সম্প্ৰীতিৰ এনাজৰী আজিও শক্তিশালী বুলিও দাবী কৰে শিবানন্দ কাকতিয়ে ।

LOK SABHA ELECTION 2024
অখিল গগৈকলৈ কিয় আৰম্ভ হৈছে চর্চা ? (ETV Bharat)

লগতে পঢ়ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেহে পৰাজিত হ’ল বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ ! - Dibrugarh Lok Sabha constituency

বিশেষকৈ এ আই ইউ ডি এফৰ শোচনীয় পৰাজয়ৰ ক্ষেত্ৰত নিৰ্বাচনী ফালফল ঘোষণাৰ পাচতেই বিৰোধী ঐক্যৰ নেতা অখিল গগৈক লৈয়ো কিয় আৰম্ভ হৈছে চর্চা ? কংগ্ৰেছে জয়লাভ কৰা সমষ্টি তিনিটাত অখিল গগৈৰ ভূমিকা কি আছিল ? তিনিওটা লোকসভা সমষ্টিত কিমান জনসভাত অংশগ্ৰহণ কৰিছিল অখিল গগৈয়ে ? এই বিষয়ে বিতংকৈ জানিবলৈ প্ৰথমে জানি লওঁ কোন সংসদীয় সমষ্টিত কিমান জনসভাত অংশগ্ৰহণ কৰিছিল অখিল গগৈয়ে ?

LOK SABHA ELECTION 2024
কংগ্ৰেছে জয়লাভ কৰা সমষ্টি তিনিটাত অখিল গগৈৰ ভূমিকা কি আছিল ? (ETV Bharat)

যোৰহাট লোকসভা সমষ্টি :

সৰ্বশক্তি প্ৰয়োগ কৰিও যোৰহাটৰ পৰা দলীয় প্ৰাৰ্থী তপন গগৈক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল শাসকীয় দল বিজেপি । ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাট সংসদীয় সমষ্টিটোৰ পৰা শেষ মাৰি সাংসদ হিচাপে নিৰ্বাচিত হয় । বিজেপি প্ৰাৰ্থী তপন গগৈক 1 লাখ 44 হাজাৰ 392 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হোৱা গৌৰৱ গগৈৰ বিজয়ৰ ক্ষেত্ৰত কি ভূমিকা আছিল ৰাইজৰ দলৰ নেতা অখিল গগৈৰ ?

যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মুঠ দহটা বিধানসভা সমষ্টিৰ অধীনতেই আছে অখিল গগৈয়ে প্ৰতিনিধিত্ব কৰা শিৱসাগৰ বিধানসভা সমষ্টি । অখিল গগৈৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰাও গৌৰৱ গগৈয়ে বিজেপি প্ৰাৰ্থী তপন গগৈতকৈ 18 হাজাৰ 748 টা অধিক ভোট লাভ কৰিছে । অৰ্থাৎ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ গৌৰৱ গগৈয়ে 91,843 টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ তপন গগৈয়ে লাভ কৰিছিল 73,095 টা ভোট ।

অৱশ্যে গৌৰৱ গগৈৰ প্ৰয়াত পিতৃ তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী হৈ থকা তিনিটা কাৰ্যকালতেই প্ৰতিনিধিত্ব কৰা তিতাবৰ বিধানসভা সমষ্টিৰ পৰা সৰ্বাধিক ভোটৰ ব্যৱধান লাভ কৰিছে গৌৰৱ গগৈয়ে । তিতাবৰ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ গৌৰৱ গগৈয়ে 97,392 টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ তপন গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা 56,837 টা । অৰ্থাৎ তিতাবৰ লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে তপন গগৈতকৈ 40,555 টা অধিক ভোট লাভ কৰিছে লোকসভা নিৰ্বাচনত ।

LOK SABHA ELECTION 2024
অখিল গগৈ (ETV Bharat)

বহু প্ৰত্যাহ্বানৰ মাজতো লক্ষাধিক ভোটৰ ব্যৱধানত জয়লাভ কৰা গৌৰৱ গগৈৰ যোৰহাট লোকসভা সমষ্টিত মুঠ 62 খন জনসভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাইছিল অখিল গগৈয়ে । ইয়াৰে 40 খন জনসভাই সম্বোধন কৰিছিল অখিল গগৈৰ গৃহ সমষ্টি শিৱসাগৰত ।

লগতে পঢ়ক : যোৰহাট লোকসভা সমষ্টিত চক্ৰবেহু ৰচনাত কি ভুল কৰিলে বিজেপিয়ে ? - LS polls 2024 results

আনহাতে যোৰহাট লোকসভা সমষ্টিৰ ডিমৌ, টিয়ক, মাজুলী আদি সমষ্টিতো 22 খনকৈ সভাত অংশগ্ৰহণ কৰাৰ উপৰিও ব্যক্তিগতভাৱে বহু লোকক সাক্ষাৎ, পথ সভাৰ আয়োজন কৰি গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলিছিল অখিল গগৈয়ে ।

নগাঁও লোকসভা সমষ্টি :

পূৰ্বৰ পৰাই কংগ্ৰেছে দখলত থকা নগাঁও লোকসভা সমষ্টিতো পুনৰ বিজয় সাব্যস্ত হৈ সাংসদ হিচাপে নিৰ্বাচিত হয় প্ৰদ্যুৎ বৰদলৈ । নগাঁও সংসদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক 212,231 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি সাংসদ হিচাপে নিৰ্বাচিত হয় প্ৰদ্যুৎ বৰদলৈ ।

নগাঁও সংসদীয় সমষ্টিটোৰ বিশেষকৈ ধিং, ৰূপহীহাটত এ আই ইউ ডি এফৰ শক্তিশালী ভেঁটি থকাৰ উপৰিও চামগুৰি আৰু লাহৰীঘাট বিধানসভা সমষ্টিত সাংগঠনিক শক্তি যথেষ্ট সবল আছিল এ আই ইউ ডি এফৰ । এনে অৱস্থাত এ আই ইউ ডি এফ দলকেই টাৰ্গেট কৰি নগাঁও সংসদীয় সমষ্টিটোত প্ৰায় 15 খন বিশাল জনসভাত অংশগ্ৰহণ কৰিছিল ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ।

LOK SABHA ELECTION 2024
অখিল গগৈ (ETV Bharat)

বিগত বিধানসভা নিৰ্বাচনত ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ আমিনুল ইছলামৰ গৃহ সমষ্টি ধিঙতেই সৰ্বাধিক সভা অনুষ্ঠিত কৰি এ আই ইউ ডি এফ দলক একপ্ৰকাৰ উচ্ছেদ কৰিবলৈয়ে সক্ষম হোৱা বুলি ব্যাপক চৰ্চা কৰিছে ৰাজনৈতিক বিশ্লেষকৰ লগতে সাধাৰণ জনতাও । একেদৰে ৰূপহীহাট বিধানসভা সমষ্টিতো কেইবাখনো বিশাল জনসভাত অংশগ্ৰহণ কৰি এ আই ইউ ডি এফ দলক একপ্ৰকাৰ উছন কৰাত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰলদৈয়ে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামতকৈ 102,624 টা অধিক ভোট লাভ কৰিবলৈ সক্ষম হয় ।

LOK SABHA ELECTION 2024
অখিল গগৈ (ETV Bharat)

একেদৰে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী আমিনুল ইছলামে প্ৰতিনিধিত্ব কৰা ধিং সমষ্টিৰ পৰাও আমিনুল ইছলামতকৈ 96,167 টা অধিক ভোট লাভ কৰিবলৈ সক্ষম হয় প্ৰদ্যুৎ বৰদলৈ । অৱশ্যে ধিং বিধানসভা সমষ্টিত ৰাইজৰ দলৰ নেতা মেহবুব মুক্তাৰৰ নেতৃত্বত ৰাইজৰ দলেও সাংগঠনিক ভেঁটি যথেষ্ট শক্তিশালী কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচন 2024 : অসমৰ 143 গৰাকী প্ৰাৰ্থীৰ 112 গৰাকীৰে আমানত ধন বাজেয়াপ্ত - Lok Sabha Election Results 2024

একেদৰে নগাঁও লোকসভা সমষ্টিৰ ভিতৰতেই সৰ্বাধিক ভোটৰ ব্যৱধান লাভ কৰা লাহৰীঘাট বিধানসভা সমষ্টিতো যথেষ্ট প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল অখিল গগৈয়ে । সংসদীয় সমষ্টিটোৰ অখিল গগৈয়ে প্ৰচাৰ চলোৱা সংখ্যালঘু অধ্যুষিত ৰূপহীহাট, চামগুৰি, ধিং আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ লাভ কৰা ভোটৰ ব্যৱধান অধিক হোৱাৰ বিপৰীতে নগাঁও বটদ্ৰৱা, ৰহা, জাগীৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই অধিক ব্যৱধান লাভ কৰে ।

ধুবুৰী লোকসভা সমষ্টি :

দেশৰ ভিতৰতেই সৰ্বাধিক ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থীয়ে জয়লাভ কৰা সমষ্টিটোৱেই হৈছে ধুবুৰী লোকসভা সমষ্টি । সমষ্টিটোৰ পৰা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক দেশৰ ভিতৰতেই ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ।

এইবাৰ সংখ্যালঘু অধ্যুষিত ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ মূল ইছ্যুয়েই আছিল প্ৰায়েই সংখ্যালঘু বৰোধী মন্তব্য কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত সু-সম্পৰ্ক থকাৰ অভিযোগ ।

এই ক্ষেত্ৰত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনেও প্ৰচাৰ কৰাৰ উপৰিও ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ধুবুৰী লোকসভা সমষ্টিত বাহৰ পাতি চলাইছিল নিৰ্বাচনী প্ৰচাৰ । সংসদীয় সমষ্টিটোত মুঠ 47 খন জনসভাত অংশগ্ৰহণ কৰাৰ উপৰিও পথ সভা, বজাৰ হাটত সৰু সুৰা বহু সভাত অংশগ্ৰহণ কৰি কেৱল বদৰুদ্দিন আজমলৰ বিৰুদ্ধে জোৰদাৰ প্ৰচাৰ চলাইছিল ।

লগতে পঢ়ক : তপন কুমাৰ গগৈৰ পৰাজয়ৰ আঁৰৰ কাৰণ কি ? কি কয় যোৰহাটবাসীয়ে - GOURAV GOGOI VS TOPON KUMAR GOGOI

কেৱল প্ৰচাৰ চলোৱাই নহয়, বিশাল জনসভাত আজমলৰ বিৰুদ্ধে ৰাইজক শপত বাক্যও পাঠ কৰাইছিল অখিল গগৈয়ে । যাৰ বাবেই ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন কেৱল জয়ী হোৱাই নহয় দেশৰ ভিতৰতে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা বুলি সাধাৰণ ৰাইজৰ মাজত চর্চা হোৱাৰ উপৰিও ৰাজনৈতিক বিশ্লেষকসকলেও ক’ব বিচাৰে ।

মুঠৰ ওপৰত অখিল গগৈয়ে ব্যাপকভাৱে প্ৰচাৰ চলোৱা যোৰহাট লোকসভা সমষ্টিৰ উপৰিও নগাঁও আৰু ধুবুৰী লোকসভাৰ সমষ্টি কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হোৱাৰ পাচতেই অখিল গগৈ ৰাজ্যৰ ৰাজনীতিত চৰ্চাৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক : লক্ষ্য ২০২৬ চনৰ নিৰ্বাচন ! মাৰ্ঘেৰিটাৰ মন্ত্ৰিত্ব, তেলীক সভাপতি পতাৰ সমীকৰণ - Assam CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.