ETV Bharat / politics

পাঁচটা সমষ্টিৰ উপনিৰ্বাচন : চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ, ৯১০১২৬ গৰাকী ভোটাৰ - Assam bye elections - ASSAM BYE ELECTIONS

Electoral roll of bye elections : পাঁচটা সমষ্টি ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ । চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ । বঙাইগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৮২,৩৫৪ গৰাকী । চামগুৰি সমষ্টিৰ ভোটাৰৰ সংখ্যা ১,৮০,৩৮৬ গৰাকী । ধলাই সমষ্টিৰ ভোটাৰৰ সংখ্যা ১,৯৭,৬৪২ গৰাকী । বিহালী সমষ্টিৰ ভোটাৰৰ সংখ্যা ১,৩২,৫৭৯ গৰাকী । চিদলী সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে ২,১৭,১৬৫ গৰাকী ৷

Electoral roll of bye elections
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat/ File)
author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 5:24 PM IST

গুৱাহাটী, ২১ আগষ্ট : অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ৷ ইতিমধ্যে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫ সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা । উপ-নিৰ্বাচন হ'বলগীয়া সমষ্টি পাঁচটা হৈছে ১১ নং ধলাই (এছ চি), ৩১ নং চিদলী(এছ টি), ৩২ নং বঙাইগাঁও, ৭৭ নং বিহালী আৰু ৮৮ নং চামগুৰি । এই পাঁচটা বিধানসভা সমষ্টিৰ বিধায়ককেইগৰাকী সংসদলৈ নিৰ্বাচিত হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টিকেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছিল ।

Electoral roll of bye elections
চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ (ETV Bharat Assam)

উল্লেখ্য যে ধলাই বিধানসভা সমষ্টিৰ পৰা পৰিমল শুক্লবৈদ্য, বিহালীৰ পৰা ৰঞ্জিত দত্ত, চামগুৰিৰ পৰা ৰকিবুল হুছেইন, বঙাইগাঁৱৰ পৰা ফণীভূষণ চৌধুৰী আৰু চিদলী সমষ্টিৰ পৰা জয়ন্ত বসুমতাৰী সাংসদ হিচাপে নিৰ্বাচিত হোৱাত এই সমষ্টিকেইটাত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ।

বঙাইগাঁও সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা :

৩২ নং বঙাইগাওঁ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৮২,৩৫৪ গৰাকী । সমষ্টিটোত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ২২৪৬ টা । ইয়াৰে ৫৬ টা ভোটকেন্দ্ৰ নগৰ অঞ্চলত আৰু ১৯০ টা ভোটকেন্দ্ৰ গ্ৰামাঞ্চলত ।

চামগুৰি সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা :

৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৮০,৩৮৬ গৰাকী । সমষ্টিটোৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১৯৭ টা ।

ধলাই সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা :

১১ নং ধলাই সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৯৭,৬৪২ গৰাকী । সমষ্টিটোৰ মুঠ ভোটকেন্দ্ৰ হৈছে ২০৮ টা ।

বিহালী সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা :

৭৭ নং বিহালী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৩২,৫৭৯ গৰাকী । সমষ্টিত মুঠ ভোটকেন্দ্ৰ হৈছে ১৫৪ টা ।

চিদলী সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা :

৩১ নং চিদলী বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,১৭,১৬৫ গৰাকী ।

পূৰ্বৰ সমষ্টিৰ ভিত্তিতেই হ'ব পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন :

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত ৰাজ্যত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন পূৰ্বৰ সমষ্টিৰ ভিত্তিতেই হ’ব । ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ভিত্তিতেই উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । এই কথা ইতিমধ্যেই জানিবলৈ দিছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে । পাঁচটা বিধানসভা সমষ্টিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ স্থিতিতে উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব ।

ছেপ্টেম্বৰ মাহত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । যাৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ । উক্ত পাঁচটা সমষ্টিৰ বাবে ২০২১ চনত উপলব্ধ ভোটাৰ তালিকাসমূহ উপ-নিৰ্বাচনৰ সময়লৈকে নবীকৰণৰ ব্যৱস্থা কৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে । পাঁচটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৯,১০,১২৬ গৰাকী ৷

লগতে পঢ়ক : বড়োভূমিত ইউ পি পি এল-বি পি এফ একেলগ হ'লে ভাল হ'ব: মুখ্যমন্ত্ৰী শৰ্মাৰ ঘোষণা

ৰাজ্যসভা নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী-মিছন ৰঞ্জন দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.