ETV Bharat / politics

উপ-নিৰ্বাচন ২০২৪: কাক ক’ত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে ?

Assam By polls: উপ-নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে প্ৰাৰ্থিত্বক লৈ দলসমূহৰ মাজত দেখা গৈছে ব্যাপক তৎপৰতা ৷ চাৰিটা সমষ্টিত একপ্ৰকাৰ প্ৰাৰ্থী নিশ্চিত কৰিছে কংগ্ৰেছে ৷

author img

By ETV Bharat Assamese Team

Published : 7 hours ago

Assam By polls
কাক ক’ত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে (ETV Bharat)

গুৱাহাটী: কংগ্ৰেছে চূড়ান্ত কৰিলে অহা ১৩ নৱেম্বৰত অসমত অনুষ্ঠিত হ’বলগীয়া ৫ টা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে চাৰিজনীয়া প্ৰাৰ্থী তালিকা । এতিয়াও অনিশ্চয়তাত বিহালী আসনখন । দেওবাৰে কংগ্ৰেছে ঘোষণা কৰিব উপ-নিৰ্বাচনৰ চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম । কংগ্ৰেছৰ শীৰ্ষ সূত্ৰ অনুসৰি চামগুৰি, ধলাই, ছিদলী আৰু বঙাইগাঁও সমষ্টিত প্ৰাৰ্থী চূড়ান্ত কৰিছে দলটোৱে ৷ বিহালী সমষ্টিক লৈ কংগ্ৰেছৰ ভিতৰত অন্তঃকলহ অব্যাহত আছে এতিয়াও ৷

এপিচিচিৰ সভাপতি ভূপেন বৰাই বিচাৰে আসনখন বিৰোধীৰ ঐক্যমঞ্চক এৰি দিয়ক কংগ্ৰেছে । বিৰোধীৰ হৈ চিপিআইএমএলক আসন দিয়াৰ চৰ্চা চলি আছে । কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চৰ নেতাক লৈ ৫ জনীয়া কমিটীও গঠন কৰি দিছিল । কিন্তু গৌৰৱ গগৈৰ শিবিৰে বিচাৰি আছে আসনখনত কংগ্ৰেছে নিজেই প্ৰাৰ্থী প্ৰক্ষেপ কৰক ।

বিহালীৰ বাদে বাকী চাৰিটা সমষ্টিত কোন হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী ?

চামগুৰি: কংগ্ৰছে তাঞ্জিল হুছেইনৰ নাম চূড়ান্ত কৰিছে চামগুৰি সমষ্টিৰ প্ৰাৰ্থী হিচাবে । তাঞ্জিল হুছেইন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ । ৰকিবুল হুছেইনৰ পৰিয়ালৰ দখলতে কেইবাটাও দশক আছে চামগুৰি সমষ্টিটো । ৰকিবুল হুছেইন ২০০১ চনৰ পৰা ২০২১ চনলৈ মুঠ ৫ বাৰ চামগুৰিৰপৰা বিধায়ক নিৰ্বাচিত হয় । ৰকিবুল হুছেইন বিগত লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পাছত চামগুৰি আসনখন খালী হৈ পৰে ৷ উপ-নিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থিত্ব দিব কংগ্ৰেছ দলে । বিজেপিয়ে চামগুৰিত প্ৰাৰ্থিত্ব দিছে যুৱনেতা দিপ্লুৰঞ্জন শৰ্মাক ।

Assam By polls
তাঞ্জিল হুছেইন (ETV Bharat)

ধলাই: ধ্ৰুৱজ্যোতি পুৰকায়স্থক ধলাই সমষ্টিত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে । বৰাকৰ ধলাই সমষ্টিটো ক্ৰমাগতভাৱে যোৱা দুটা কাৰ্যকাল বিজেপিৰ দখলত আছে । ২০১৬ আৰু ২০২১ ৰ নিৰ্বাচনত পৰিমল শুক্লবৈদ্যই ধলাই সমষ্টিৰ পৰা বিধায়ক ৰূপে জয় লাভ কৰিছিল । ২০২৪ ৰ লোকসভা নিৰ্বাচনত শিলচৰ সমষ্টিৰ পৰা বিজেপিৰ সাংসদ ৰূপে পৰিমল শুক্লবৈদ্যই জয়লাভ কৰাত ধলাই বিধানসভা আসনখন খালী হৈ পৰে । ধলাইত বিজেপিয়ে নিহাৰঞ্জন দাসক দিছে প্ৰাৰ্থিত্ব ।

Assam By polls
ধ্ৰুৱজ্যোতি পুৰকায়স্থ (Facebook)

ছিদলী: ছিদলী সমষ্টিত সঞ্জীৱ ৱাৰীক প্ৰাৰ্থিত্ব দিব কংগ্ৰেছ দলে ৷ ২০২১ ত ইউপিপিএলৰ দখললৈ আহে ছিদলী আসনখন । ইউপিপিএলৰ বিধায়ক জয়ন্ত বসুমতাৰীক লোকসভা নিৰ্বাচন ২০২৪ ত কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব দিয়ে বিজেপি মিত্ৰজোঁটে । জয়ন্ত বসুমতাৰী সাংসদ নিৰ্বাচিত হোৱাৰ পাছত আসনখন খালী হৈ পৰে ৷ বিজেপি মিত্ৰজোঁটৰ ইউপিপিএলে ছিদলীত এতিয়াও প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই যদিও প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা ৷

বঙাইগাঁও: চাৰিটা দশক অগপৰ দখলত আছে বঙাইগাঁও বিধানসভা সমষ্টি । কংগ্ৰেছে প্ৰাক্তন উচ্চপদস্থ আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিনহা আৰু বঙাইগাঁও জিলা কংগ্ৰেছৰ গিৰিশ বৰুৱাৰ নাম ৰাষ্ট্ৰীয় নেতৃত্বলৈ পঠিয়াইছে যদিও ব্ৰজেনজিৎ সিনহাকেই শেষত বঙাইগাঁৱত প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা । বঙাইগাঁৱৰ ৮ বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰী লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছত বিধানসভা আসনখন খালী হৈছিল ৷ বিজেপি মিত্ৰজোঁটৰ পৰা অগপক আসনখন দিছে যদিও অগপৰ অন্তঃকন্দলৰ বাবে দলটোৱে এতিয়াও প্ৰাৰ্থিত্ব দিব পৰি নাই বঙাইগাঁৱত ।

Assam By polls
ব্ৰজেনজিৎ সিনহা (X handle)

লগতে পঢ়ক: বিহালীক লৈ বিৰোধী ঐক্যত আউল লগাৰ সম্ভাৱনা

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবেই অগপত বিদ্ৰোহৰ উকমুকনি !

উপ-নিৰ্বাচন: তিনি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.