ETV Bharat / politics

সংখ্যালঘুৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ক্ষোভৰ উদগীৰণ : সমগ্ৰ অসমখন দখল কৰাৰ লক্ষ্য বাংলাদেশী মূলৰ মুছলমানৰ ! - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 5:38 PM IST

Updated : Jun 24, 2024, 2:48 PM IST

CM Himanta against minority voters : নিৰ্বাচন গ’ল, এতিয়া হিমন্ত বিশ্ব শৰ্মাই হিচাপ কৰিছে কোনে কোনে বিজেপিৰ পক্ষত ভোট নিদিলে ? সেয়ে সংখ্যালঘু (বাংলাদেশী মূলৰ বুলি কয় মুখ্যমন্ত্ৰীয়ে) ভোটাৰৰ বিৰুদ্ধে অগ্নিশৰ্মা হ’ল মুখ্যমন্ত্ৰীগৰাকী ৷

CM Himanta against minority voters
সংখ্যালঘুৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ক্ষোভৰ উদ্গীৰণ (ETV Bharat Assam)

গুৱাহাটী, ২৩ জুন : অসমৰ বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লক্ষ্য আগন্তুক ১০ বছৰত সমগ্ৰ অসমখন দখল কৰা । মডেল ক’ড অব্ কণ্ডাক্ট প্ৰযোজ্য হৈ থকা বাবে ৰাজ্যখনৰ বিজেপি চৰকাৰ মাত্ৰ এমাহ নিষ্ক্ৰিয় হৈ থাকোতেই তিনিটাকৈ ভয়ংকৰ আগ্ৰাসনৰ কাণ্ড চলালে সংখ্যালঘু লোকসকলে । এই গুৰুতৰ অভিযোগেৰে অসমৰ সংখ্যালঘু ভোটাৰৰ বিৰুদ্ধে নিজৰ ক্ষোভ উজাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে অসমৰ বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ে হিয়া উজাৰি কংগ্ৰেছক ভোট দি বিগত লোকসভা নিৰ্বাচনত চৰম সাম্প্ৰদায়িকতাৰ আশ্ৰয় লোৱাৰ গুৰুতৰ অভিযোগেৰে খঙত অগ্নিশৰ্মা হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

সংখ্যালঘুৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ ক্ষোভৰ উদ্গীৰণ :

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাংলাদেশী সংখ্যালঘু সম্প্ৰদায়ক প্ৰায়ে টাৰ্গেট কৰাটো কোনো নতুন কথা নহয় । লোকসভা নিৰ্বাচনৰ সময়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰৰ নামত ধৰ্মীয় উন্মাদনাৰে নিজৰ বক্তব্য ৰাখিছিল । যাক লৈ বিৰোধী দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকাও কৰিছিল । কিন্তু সময় আৰু ৰাজনৈতিক পৰিস্থিতি সাপেক্ষে সুৰ সলনি কৰাৰ ক্ষেত্ৰতো যথেষ্ট পাৰ্গত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত সংখ্যালঘু ভোটাৰপ্ৰধান অঞ্চলত এইবাৰ নিৰ্বাচনত ব্যাপক প্ৰচাৰ চলাইছিল । কিন্তু তেনে অঞ্চলত ব্যাপকভাৱে ভোট লাভ কৰিলে কংগ্ৰেছ দলে ।

লগতে পঢ়ক: সংসদত মণিপুৰৰ কথা ক’বলৈ নহয়, অসমৰ কথা ক’বলৈহে সাংসদক পঠিয়াইছো : মুখ্যমন্ত্ৰী

আনহাতে এইবাৰৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে আশা কৰাধৰণে বিজেপিয়ে ১১খন আসন লাভ কৰিলেও ভোট শ্বেয়াৰৰ অংকত আশাপ্ৰদ ফলাফল লাভ নকৰিলে । বিশেষকৈ এইবাৰৰ লোকসভা নিৰ্বাচনত সংখ্যালঘু লোকসকলে একচেটিয়াভাৱে কংগ্ৰেছৰ পক্ষত নিজৰ সমৰ্থন আগবঢ়ালে । যাৰ বাবে ধুবুৰীত কংগ্ৰেছৰ ৰকিবুল হুছেইনে দেশৰ ভিতৰতে অভিলেখ ভোটৰ ব্যৱধানত জয়লাভ কৰিলে । যাক লৈ নিৰ্বাচনৰ পিচত মুখ্যমন্ত্ৰীৰ বক্তব্যত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাও পৰিলক্ষিত হৈছে ।

হিন্দু সমাজ ধৰ্মনিৰপেক্ষ, চিন্তা কৰা নাই মোদী বাচাও :

শনিবাৰে মুখ্যমন্ত্ৰীৰ বক্তব্যত পুনৰ দেখা গ’ল ক্ষোভৰ বহিঃপ্ৰকাশ । পুনৰ শনিবাৰে মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক টাৰ্গেট কৰি ল’লে । বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অসমৰ বাংলাদেশ মূলৰ সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ সমালোচনাৰে অসমৰ সংখ্যালঘুসকলৰ প্ৰতি এক বাৰ্তা দিয়াৰো প্ৰয়াস কৰে ।

মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে এটি বিশেষ সম্প্ৰদায়ৰ লোকেও মোদী চৰকাৰৰ পৰা ঘৰ, শৌচাগাৰ, চৰকাৰী চাকৰি, ৰেচন আৰু প্ৰতিমাহে ১,২৫০ টকাকে ধৰি সকলো সুবিধা লাভ কৰিছিল । কিন্তু এইবাৰ নিৰ্বাচনত তেওঁলোকে সকলো সুবিধা লাভ কৰিও তুষ্টিকৰণৰ বাবে কংগ্ৰেছকে ভোট দিছিল । তেওঁলোকৰ উদ্দেশ্য উন্নয়ন নহয়, বৰঞ্চ নৰেন্দ্ৰ মোদীক আঁতৰাই নিজৰ সম্প্ৰদায়ৰ আধিপত্য বজাই ৰখা ।

লগতে পঢ়ক: আমাৰ কৰ্মীসকলে ভোট দিলেনে নাই সেয়াও চিন্তা কৰিবলগীয়া হৈছে: ফণীভূষণ চৌধুৰী

আজি কোনে সাম্প্ৰদায়িকতা কৰে বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বাঘবৰ আৰু জনিয়াতো প্ৰধানমন্ত্ৰীৰ আৱাস যোজনৰা ঘৰ দেখিবলৈ পোৱা যায় । যিজন মানুহে মোদীয়ে দিয়া ঘৰত বাস কৰে, বিদ্যুতৰ পোহৰ লয়, শৌচাগাৰ ব্যৱহাৰ কৰে তথা মাহে ১২৫০ টকা লয় সেইজন মানুহে ভোটকেন্দ্ৰলৈ গৈ সাহসেৰে কংগ্ৰেছক ভোট দিছে, নৰেন্দ্ৰ মোদীক দিয়া নাই ।

সাম্প্ৰদায়িকবাদৰ ইমান চৰম নিৰ্দশন আগতে কেতিয়াও ক’তো প্ৰকাশ হোৱা নাছিল বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এটকাও নিদিয়াকৈ চাকৰি পোৱা পৰিয়ালৰ ব্যক্তিজনে বস্তুৰ দামৰ কথা চিন্তা কৰা নাই, এটাই চিন্তা কৰিছে মোদী হটাও । মোদীক আঁতৰোৱাৰ বাহিৰে তেওঁলোকে একো চিন্তা কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে হিন্দু সমাজ ধৰ্মনিৰপেক্ষ হোৱা বাবেই আমি চিন্তা কৰা নাই মোদী বাচাও ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ পক্ষত ভোট নিদিয়া অমুছলমান লোকসকলক উদ্দেশ্যি এনেদৰে কয় ।

১০ বছৰৰ ভিতৰত অসম দখল কৰাটো তেওঁলোকৰ একমাত্ৰ লক্ষ্য :

সংখ্যালঘু ভোটাৰৰ দ্বাৰা প্ৰত্যাক্ষিত হোৱাৰ লগতে উজনি অসমৰ যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ নিজৰ হাতত থকা সমষ্টিকে ধৰি ৯ টাকৈ বিধানসভা সমষ্টিত কম ভোট লাভ কৰা প্ৰসংগ এৰাই চলিলে হিমন্ত বিশ্ব শৰ্মাই । বাংলাদেশী মূলৰ সংখ্যালঘু ভোটাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি মুখ্যমন্ত্ৰীজনে লগতে উল্লেখ কৰে- “ আমি কোনোবাই মোদীক ভোট দিছো আৰু কোনোবাই দিয়া নাই । কিন্তু বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে কংগ্ৰেছ চৰকাৰ ৰাজ্যত থাকিলেও, পেট্ৰ’লৰ দাম ৩০০ টকা হ'লেও তেওঁলোকে কংগ্ৰেছকে ভোট দিব ।’’ ইয়াৰ কাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে অসমখনক অহা ১০ বছৰৰ ভিতৰত দখল কৰাটোৱেই হৈছে তেওঁলোকৰ একমাত্ৰ লক্ষ্য ।

তিনিটাকৈ সংঘবদ্ধ আক্ৰমণৰ উদাহৰণ মুখ্যমন্ত্ৰীৰ :

ৰাজ্যত বিজেপি নাথাকিলে কি হ’ব ? অসমত কি কৰিব বাংলাদেশী সংখ্যালঘু মুছলমানে ? তিনিটা উদাহৰণ দি অমুছলমান লোকসকললৈ বাৰ্তা দিয়াৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বিস্ফোৰক মন্তব্য- “ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা সময়ত তেওঁলোকে লখিমপুৰত থানা আক্ৰমণ কৰিলে, বৰপেটাৰ হিন্দু গাঁৱত তেওঁলোকে সংঘবদ্ধ আক্ৰমণ চলালে আৰু কোকৰাঝাৰত কোচ ৰাজবংশী গাঁৱলৈ গৈ মাটি দখলৰ অভিযান চলালে ৷’’

লগতে পঢ়ক: কি যাদুৰে আজমলৰ ফু-মন্ত্ৰ বশ কৰিলে ৰকিবুল হুছেইনে ?

লগতে মুখ্যমন্ত্ৰীয়ে অসমৰ অমুছলমানসকললৈ সতৰ্কবাণী এৰিলে এইদৰে- “ নিৰ্বাচনৰ সময়ত আচৰণ বিধি প্ৰযোজ্য হৈ থকা বাবে এমাহ সময় চৰকাৰখন শুই থকা নাছিল, কেৱল নিষ্ক্ৰিয় হৈ আছিল । এমাহ নিষ্ক্ৰিয় হৈ থাকোতেই তিনিটাকৈ সংঘবদ্ধ আক্ৰমণ হ’ল ৷ এইখন অসমত যেতিয়া বিজেপিৰ চৰকাৰ নাথাকিব, তেতিয়া দিনে-নিশাই এনেকুৱা কিমান আক্ৰমণ চলিব ৷ তাক মাত্ৰ আমি কল্পনা কৰাৰ প্ৰয়োজন ।”

মুখ্যমন্ত্ৰীৰ শেহতীয়া এই বক্তব্যই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ সন্মুখত পঞ্চায়ত নিৰ্বাচন ৷ তাৰ পিচতেই আহিব ২০২৬ৰ অসম বিধানসভা নিৰ্বাচন । সেয়ে এতিয়া উজনি অসমত নিজৰ ভেটি পুনৰ শক্তিশালী কৰিবলৈকে এইদৰে অসমৰ বাংলাদেশী মূলৰ মুছলমানৰ ওপৰত খং উজাৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে ।

লগতে পঢ়ক: সংখ্যালঘু লোকৰ সমৰ্থন পাই উৎফুল্লিত অতুল বৰা-ফণীভূষণ চৌধুৰী

Last Updated : Jun 24, 2024, 2:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.