ETV Bharat / politics

কংগ্ৰেছ দলৰ জিকাৰ সপোন অলীক কল্পনাৰ বাহিৰে একো নহয় : দিলীপ শইকীয়া - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 8:45 PM IST

MP Dilip Saikia: কংগ্ৰেছ দলৰ জিকাৰ যিটো সপোন সেয়া তেওঁলোকৰ অলীক কল্পনাৰ বাহিৰে একো নহয় বুলি কটাক্ষ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ ৷ বিৰোধীয়ে নৰেন্দ্ৰ মোদীৰ শক্তি সঁচাকৈয়ে বুজা নাই বুলিও কয় তেওঁ ৷

MP DILIP SAIKIA
কংগ্ৰেছক কটাক্ষ দিলীপ শইকীয়াৰ (ETV BHARAT ASSAM)

মঙলদৈ, 31 মে’ : দৰং-ওদালগুৰি সমষ্টিত ব্যাপক ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি দাবী বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ ৷ লগতে ৰাইজে স্বতঃস্ফূৰ্তভাৱে, হিয়া উজাৰি নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পাতিবলৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে বুলিও দাবী কৰে তেওঁ ৷ ইফালে দৰং-ওদালগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক শুভেচ্ছা জনাই দিলীপ শইকীয়াই কয় যে, কংগ্ৰেছ দলটো বিগত কেবাটাও নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হৈছে ৷ গতিকে কংগ্ৰেছ দলৰ জিকাৰ যিটো সপোন সেয়া তেওঁলোকৰ অলীক কল্পনাৰ বাহিৰে একো নহয় বুলি কয় তেওঁ ৷

ব্যাপক ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ দাবী দিলীপ শইকীয়াৰ (ETV BHARAT ASSAM)

দিলীপ শইকীয়াই কয় যে, সকলোৰে ভাগ্য ই ভি এমত বন্দী ৷ অনুমান, অংক সকলোৱে কৰে ৷ অনুমান আৰু অংকৰ ভিত্তিত দৰং-ওদালগুৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টী, অগপ, ইউ পি পি এল সমৰ্থিত প্ৰাৰ্থী হিচাবে আমি ব্যাপক ব্যৱধানত জয়লাভ কৰাৰ দিশত অগ্ৰসৰ হৈছো ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰায় 40 ঘন্টাজোৰা ধ্যান কাৰ্যসূচীক বিৰোধীয়ে কৰা সমালোচনাৰো প্ৰত্যুত্তৰ দিয়ে দিলীপ শইকীয়াই ৷ তেওঁ কয় যে, যি বিৰোধীয়ে ৰাম মন্দিৰ কাল্পনিক বুলি কয়, ৰামসেতু কাল্পনিক বুলি কয়, তেনেকুৱা মানুহৰ পৰা কি আশা কৰিব পাৰি ৷ ৰাহুল গান্ধীয়ে ধ্যান কৰিব পাৰিব নেকি বুলি প্ৰশ্ন কৰি দিলীপ শইকীয়াই কয় যে ৰাহুল গান্ধীয়ে আধা ঘন্টা সদনত বহিব নোৱাৰে ৷ গতিকে আধা ঘন্টা সময় যাৰ সদনত বহাৰ স্থিৰতা নাই সেইজন মানুহে 40 ঘন্টা ধ্যান কৰাৰ কথা সপোনতো ভাবিব নোৱাৰে ৷ বিৰোধীয়ে নৰেন্দ্ৰ মোদীৰ শক্তি সঁচাকৈয়ে বুজা নাই ৷ নৰেন্দ্ৰ মোদীক বুজিবলৈ কংগ্ৰেছৰ আৰু চাৰি পুৰুষ লাগিব বুলি বিৰোধীক কটাক্ষ কৰে দিলীপ শইকীয়াই ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত বিজয় নিশ্চিত : হাস্যবদনেৰে সোণোৱালে ক’লে- 400 পাৰ হ’বই - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.