ETV Bharat / politics

নাৰীৰ সুৰক্ষা বাবে কি কি পদক্ষেপ লৈছে বিজেপি চৰকাৰে ? তথ্য বিচাৰিছে কংগ্ৰেছে - Women Safety in Assam - WOMEN SAFETY IN ASSAM

Congress on crimes against women in Assam : নাৰীৰ সুৰক্ষাৰ বাবে বিজেপি চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিছে ? মহিলা আয়োগৰ সক্ৰিয়তা আছেনে ? প্ৰশ্ন কৰিছে অসম কংগ্ৰেছে ৷ দুমাহত ২২ টা নাৰীজনিত অপৰাধৰ তথ্য খোদ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰাৰ পিচত কংগ্ৰেছে উদ্বেগ প্ৰকাশ কৰিছে ৷

WOMEN SAFETY IN ASSAM
নাৰীজনিত অপৰাধ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 6:56 PM IST

গুৱাহাটী, ২৪ আগষ্ট : নাৰী নিৰ্যাতনৰ ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে বিজেপি চৰকাৰৰ দিনত ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্ৰী ববিতা শৰ্মাৰ ৷ শনিবাৰে ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেত্ৰীগৰাকী । সংবাদমেলত ববিতা শৰ্মাই কয়, ‘‘বিগত ৯ বছৰত যথেষ্ট বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা । চৰকাৰে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত যিদৰে কাম কৰিব লাগিছিল সেয়া কৰা নাই ।’’

নাৰীজনিত অপৰাধ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে দুমাহত ২২ টা নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱা বুলি কোৱা প্ৰসংগত তীব্ৰ সমালোচনা কৰি তেওঁ কয়, ‘‘চৰকাৰে মহিলাক সুৰক্ষা দিব পৰা নাই বুলি নিজে কৈছে । মহানগৰীৰ ষ্ট্ৰীট লাইট, চি চি টিভি ক’ত ? এইবোৰো নাৰী সুৰক্ষা লগত জড়িত আছে । মানৱ অধিকাৰ আয়োগে কি কৰিছে সজাগতা বাবে ? নাৰীক সুৰক্ষা কিমান দিবলৈ সক্ষম হৈছে তাৰ হোৱাইট পেপাৰ দিবলৈ চৰকাৰক দাবী জনাইছো ৷’’

ৰাজ্যত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ তথ্য দাঙি ধৰি ববিতা শৰ্মাই কয়, ‘‘ৰাজ্যত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ গোচৰ ২০১৮ চনত ৰুজু হৈছিল ২৭,৬৮৭ টা । তাৰ ভিতৰত গ্ৰেপ্তাৰ হৈছিল ৩০,০৯৪ জন অভিযুক্ত ৷ দোষী সাব্যস্ত হয় ১.০৮ শতংশ । ২০১৯ চনত ৩০,০২৫ টা গোচৰ ৰুজু হৈছিল । তাৰ ভিতৰত গ্ৰেপ্তাৰ হৈছিল ৪৪,২৩২ জন অভিযুক্ত ৷ দোষী সাব্যস্ত হয় ০.৯৫ শতাংশ । ২০২০ চনত ২৬,৩৫২ টা গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ হৈছিল ৩৩,৫৩৭ জন আৰু দোষী সাব্যস্ত হৈছিল ০.৫৩ শতাংশ ৷ আনহাতে ২০২১ চনত ২৯,০৪৬ টা গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ হৈছিল ৩৪,৯২৩ জন আৰু দোষী সাব্যস্ত হৈছিল ০.৫ শতাংশ । ২০২২ ত ১৪,১৪৮ টা গোচৰ ৰুজু হৈছিল আৰু গ্ৰেপ্তাৰ হৈছিল ১৯৭৮৯ জন অভিযুক্ত ৷ আনহাতে দোষী সাব্যস্ত হয় ৩.৬১ শতাংশ ৷’’

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, ‘‘দোষী সাব্যস্তৰ পৰিমাণ হ্ৰাস পাইছে বিজেপি চৰকাৰৰ দিনত ৷ মহিলা সুৰক্ষা আৰু নিৰাপত্তাৰ সকলো দায়িত্ব মুখ্যমন্ত্ৰীয়ে ল’ব লাগিব ৷’’ আনহাতে সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই কয়, ‘‘২০১৬ৰ পৰা ২৮ ফেব্ৰুৱাৰী ২৩ চনলৈকে বিজেপি চৰকাৰৰ আইন-শৃংখলা বিঘ্নিত হৈছে । এই সময়ছোৱাত ১,৭০.৭৭০ টা মহিলা নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে ।’’

লগতে পঢ়ক : নাৰীক দেৱীৰ লগত তুলনা কৰাৰ অৰ্থ ক’ত : ৰাজীৱ শৰ্মা

অসমত এতিয়া আইন-শৃংখলা বুলি একো নাই, গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ : আছুৰ সভাপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.