বিশ্বনাথ, ১০ এপ্ৰিল: অহা ইংৰাজী ১৯ এপ্ৰিলত ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন । এই নিৰ্বাচনক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত গৰম বতাহ বলিছে । কি কংগ্ৰেছ, কি বিজেপি সকলো ৰাজনৈতিক দলে এতিয়া অসমৰ চুকে-কোণে নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ কৰিছে । ইফালে বুধবাৰে ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গহপুৰত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
- " class="align-text-top noRightClick twitterSection" data="">
বিয়লি ৩ বজাত গহপুৰ বিধানসভা সমষ্টিৰ ঘাহি গাঁও ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বিজেপিৰ বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ।
আনহাতে সমষ্টিটোৰ ১৯৮ টা বুথ কমিটী, ২৮ খন গাঁও পঞ্চায়তৰ লগতে গহপুৰ নগৰ সমিতিৰ ১০ টা ৱাৰ্ডৰ প্ৰায় ২০ হাজাৰ বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰা সভাখনত উপস্থিত ৰাইজক নৰেন্দ্ৰ মোদীৰ নামত ভোট দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত বিজেপি চৰকাৰেখনে বিগত সময়ত কৰা উন্নয়নৰ খতিয়ান দাঙি ধৰে ।
মিছন বসুন্ধৰা ২.O ৰ জৰিয়তে গহপুৰ বিধানসভা সমষ্টিত ১০ সহস্ৰাধিক খিলঞ্জীয়া লোকক মাটিৰ পট্টা বিতৰণ কৰা লগতে অনাগত সময়ত বাকী সকলেও মাটি পট্টা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ।
অনাগত সময়ত সমষ্টিটোত ৬০ হাজাৰ লোকক অৰুণোদয় আচঁনিত সাঙুৰি লোৱা হ'ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ সভাত লগতে কয় যে অসমত আৰু এতিয়া কোনেও উগ্ৰপন্থী সংগঠনৰ বাবে ভয় কৰিব নালাগে, অসম এতিয়া শান্তিৰ বতাহ বলিছে । কোনো বোমা-বাৰুদৰ শব্দ নাই । বড়োসকলৰ উন্নয়ন কৰিছে বিজেপিয়ে । বিজেপি চৰকাৰৰ নেতৃত্ব বড়ো চুক্তি হৈছে, কাৰ্বি চুক্তি এতিয়া আৰু কোনেও অসমক ভাগ ভাগ কৰিব নিবিচাৰে ।
যাৰ ফলত তিনিচুকীয়াৰ দৰে আলফাই দপদপাই থকা জিলাত ৰাতি ৯ বজাতো কেন্দ্ৰীয় মন্ত্ৰীৰ ৰেলী কৰিবলৈ সাহস কৰিব পৰা হৈছে বুলি নিৰ্বাচনী সভাত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । ইফালে ৬০ বছৰ অসমত কংগ্ৰেছৰ চৰকাৰ থকা পিচতো শ্বহীদ কনকলতা বৰুৱাৰ নামত এখন কলেজ বা বিশ্ববিদ্যালয় হ'ব লাগে বুলি কংগ্ৰেছ দলে চিন্তা কৰা নাছিল বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই । কিন্তু বিজেপি শাসনলৈ আহি শ্বহীদ কনকলতা বৰুৱাৰ নামত বিশ্ববিদ্যালয়ৰ স্থাপন কৰা বুলি প্ৰকাশ কৰি কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
আনহাতে ৰাজ্যত নিজৰ প্ৰাপ্যৰ বাবে দীৰ্ঘদিন ধৰি ৰাজ্যৰ অংগৱাড়ী কৰ্মী আৰু সহায়িকাসকলে প্ৰতিবাদ কৰি থকাৰ পিচতো ৰাজ্যৰ চৰকাৰে কৰ্মীসকলৰ বাবে কোনো চিন্তা নকৰা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অংগনৱাড়ী কৰ্মী-সহায়িকা সকলো মোৰ বাই-ভনী । কিন্তু এই বাই-ভনীসকলে বাওঁপন্থী এটা সংগঠনৰ লগত থাকি প্ৰতিবাদ কৰাৰ বাবে আমি সহায় কৰিব পৰা নাই ।"
তেওঁলোকে সেই বাওঁপন্থী সংগঠনৰ পৰা আঁতৰি সাহিত্য সভা, আছু বা অসমৰ আন জাতীয় সংগঠনৰ সহায়ত আমাক জনোৱা হ'লে নিশ্চয় অসমৰ অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ সমস্যা সমাধান হ'ল হয় বুলি প্ৰকাশ কৰে ।
লগতে অসমত এইবাৰ মিত্ৰজোঁটে ১৩ খন আসন দখল কৰিব বুলি উল্লেখ কৰে মুখ্য়মন্ত্ৰীয়ে । আনহাতে বিৰোধী দলে অৰুণোদয়ৰ প্ৰ-পত্ৰ বিতৰণক কেন্দ্ৰ কৰি এক বিৰ্তক সৃষ্টি কৰিছে, কিন্তু তেওঁলোকে যিমান সমালোচনা কৰিলেও বিজেপি চৰকাৰে ঘৰে ঘৰে অৰুণোদয়ৰ প্ৰ-পত্ৰ বিতৰণ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । ইফালে কা আন্দোলনক লৈ লুৰীণজ্যোতি গগৈ আৰু বিধায়ক অখিল গগৈয়ে চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে গৰজি উঠে মুখ্যমন্ত্ৰী ।
লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈয়ে অসমৰ ৰাইজক মিছা কথা কৈ ৰাজপথলৈ নি ৫ জনকৈ যুৱকক হত্যা কৰাৰ অভিযোগ তোলাৰ লগতে ক'ত ২ কোটি অবৈধ বাংলাদেশী নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমত প্ৰৱেশ কৰিলে তাৰ তথ্য বিচাৰি শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে দুই গগৈলৈ চিঠি লিখাৰ কথা কয় ।