ETV Bharat / politics

মুখ্যমন্ত্রীয়ে কি নিকৃষ্ট খেল খেলি আছে : ক'লে বিধায়ক আমিনুল ইছলামে - MLA Aminul Islam

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 10:22 PM IST

CM Himanta on Bangladeshi Muslims voter : বাংলাদেশী মুছলমানে ভোট কেনেকৈ দিলে ? প্ৰশ্ন কৰিছে আমিনুল ইছলামে ৷ বাংলাদেশী মুছলমানৰ ভোটেৰে কংগ্ৰেছ প্ৰাৰ্থী জয়ী হোৱা বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যত জাঙুৰ খাই উঠিছে বিধায়কগৰাকী ৷

MLA AMINUL ISLAM
বিধায়ক আমিনুল ইছলামৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ২৫ জুন : এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে এ আই ইউ ডি এফ দলে । কংগ্ৰেছক ভোট দিয়া ৯৯ শতাংশ লোক বাংলাদেশী মূলৰ মুছলমান বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দলটোৱে ।

মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি বিধায়ক আমিনুল ইছলামে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি কয় যে বাংলাদেশী হ’লে তেওঁলোকৰ নাম ভোটাৰ তালিকাত কেনেকৈ উঠিল? মুখ্যমন্ত্ৰীয়ে ঘোঁৰাৰ ঘাঁহ কাটি আছিল নেকি বুলি কটাক্ষ কৰি তেওঁ কয় যে বাংলাদেশীৰ নাম ভোটাৰ তালিকাত কেনেকৈ আহিল?

আনহাতে মুখ্যমন্ত্ৰীৰ এই কথাবোৰৰ কংগ্ৰেছে প্ৰত্যুত্তৰ দিয়াৰ বিপৰীতে নীৰৱে থকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে তেওঁলোকে ভোট পাই স‍াংসদ হৈ গুচি গ’ল । ভোট দিয়াসকলৰ এজনো বাংলাদেশী নহয় আৰু সকলো ভাৰতীয় নাগৰিক বুলি মন্তব্য কৰে আমিনুল ইছলামে ৷ বাংলাদেশীৰ নাম ভোটাৰ তালিকাত থাকিব নোৱাৰে বুলি সদৰী কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে এটা সাংবিধানিক পদবীত থাকি এনেদৰে মন্তব্য কৰাটো গৰিহণাৰ যোগ্য ।

মুখ্যমন্ত্ৰীক বক্তব্য উঠাই লোৱাৰ বাবে দাবী জনায় আমিনুল ইছলামে । মুখ্যমন্ত্ৰীয়ে এনেদৰে বক্তব্য আগবঢ়োৱাৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে এইবাৰ মুখ্যমন্ত্ৰীয়ে এটা নিকৃষ্ট খেল খেলিছে । খেলটো হৈছে যে ইমানদিনে তেওঁলোকে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব বুলি কৈ আহিছিল আৰু ইয়াৰ বাবে বিজেপিক ভোট দিয়াৰ কথা কৈছিল । কিন্তু এতিয়া দেখিছে যে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কথা ক’লে হিন্দু ভোট সলনি নহয় ।

লগতে পঢ়ক: নগাঁৱত কিয় পৰাস্ত হ'ল বিজেপি ? ৰূপম গোস্বামীৰ পোষ্টমৰ্টেম

তেওঁ লগতে কয় যে হিন্দু সমাজে আজমলক বেয়া নাপায় । সমাজ সেৱক হিচাপে তথা মানৱদৰদী নেতা হিচাপে হিন্দু-মুছলমান সকলোৱে আজমল ভাল পায় আৰু আজমলৰ বিৰুদ্ধে কথা ক’লে সকলোৱে বেয়া পায় । যাৰ বাবে এইবাৰৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক জিকালে বুলি তেওঁ মন্তব্য কৰে কৰে ।

আমিনুল ইছলামে লগতে অভিযোগ কৰি কয় যে নগাঁৱত এ আই ইউ ডি এফৰ ভোটাৰৰ ঘৰে ঘৰে গৈ বিজেপিয়ে টকা বিলাইছিল । বিজেপিয়ে এ আই ইউ ডি এফৰ ভোটখিনি কংগ্ৰেছলৈ পৰিৱৰ্তন কৰালে বুলি তেওঁ অভিযোগ কৰে । আনহাতে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনক মুখ্যমন্ত্ৰীয়ে জয়ী কৰালে বুলি অভিযোগ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী কৰাই এতিয়া সকলো মুছলমান কংগ্ৰেছত আছে বুলি কৈছে ।

লগতে পঢ়ক: সংখ্যালঘুৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ক্ষোভৰ উদগীৰণ : সমগ্ৰ অসমখন দখল কৰাৰ লক্ষ্য বাংলাদেশী মূলৰ মুছলমানৰ ! -

মুখ্যমন্ত্ৰীয়ে এতিয়াও ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আছে বুলি মন্তব্য কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে ক’ব বিচাৰে যে কংগ্ৰেছ মুছলমানৰ দল আৰু বিজেপি হিন্দুৰ দল । গতিকে হিন্দুসকলে বিজেপিক ভোট দিব লাগে । আজমলক এতিয়া প্ৰতীকিৰূপত ব্যৱহাৰ কৰিব নোৱাৰি ৰকিবুল হুছেইনক কাল্পনিকৰূপত মুছলমানৰ নেতা হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে আমিনুল ইছলামে ।

মুখ্যমন্ত্ৰীয়ে এই নিকৃষ্ট খেল খেলা বুলি মন্তব্য কৰি তেওঁ কয় যে কংগ্ৰেছক টকা-পইছা দি সকলো মেছিনেৰী ব্যৱহাৰ কৰি জয়ী কৰালে । মুখ্যমন্ত্ৰীয়ে ফাইনেন্স কৰাৰ লগতে সকলোধৰণৰ সহায় কৰি কংগ্ৰেছৰ নেতাক জয়ী কৰালে বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে । কংগ্ৰেছক মুছলমানৰ দল বনোৱাৰ বাবেই এই কাম কৰা বুলি তেওঁ কয় ।

লগতে পঢ়ক: সংসদত মণিপুৰৰ কথা ক’বলৈ নহয়, অসমৰ কথা ক’বলৈহে সাংসদক পঠিয়াইছো : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.