ETV Bharat / politics

কোনে দিছিল সাংসদ নৱ কুমাৰ শৰণীয়াক ভুৱা জাতিগত প্ৰমাণপত্ৰ ? - Naba Kumar Sarania

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 7:23 PM IST

উপাধিৰ ওপৰত ভিত্তি কৰি জাতিগত প্ৰমাণপত্ৰ কোনেও দিব নোৱাৰে । নৱ কুমাৰ শৰণীয়াই ৪১ বছৰ বয়সলৈকে জাতিগত প্ৰমাণপত্ৰ লোৱাৰ কোনো তথ্য আদালতত দাখিল কৰিব নোৱাৰিলে । সাংসদ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ সন্দৰ্ভত মহাধিবক্তাৰ মন্তব্য ৷

NABA KUMAR SARANIA
নৱ কুমাৰ শৰণীয়াক জাতিগত প্ৰমাণপত্ৰৰ সন্দৰ্ভত ৰাজ্যৰ মহাধিবক্তা

গুৱাহাটী, 148 এপ্ৰিল: বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে সাংসদ নৱ কুমাৰ শৰণীয়াৰ ভুৱা জাতিগত প্ৰমাণপত্ৰৰ সন্দৰ্ভত ৰায়দান কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া খণ্ড বিচৰাপীঠে শৰণীয়াৰ জনজাতিৰ প্ৰমাণপত্ৰৰ বৈধতা নাকচ কৰে ।

শৰণীয়াৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ সন্দৰ্ভত ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ বিস্ফোৰক মন্তব্য । কোনে দিছিল নৱ কুমাৰ শৰণীয়াৰক ভুৱা জাতিগত প্ৰমাণপত্ৰ ? ক’ৰ পৰা শৰণীয়াই লাভ কৰিছিল এই প্ৰমাণপত্ৰ ? এই সমগ্ৰ বিষয়ৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰে অধিবক্তা দেৱজিৎ শইকীয়াই ।

এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মহাধিবক্তা দেৱজিৎ শইকীয়াই কয়, ‘‘নৱ কুমাৰ শৰণীয়াই ২০১১ চনত সদৌ অসম ট্ৰাইবেল সংঘৰ পৰা এখন জাতিগত প্ৰমাণপত্ৰ উলিয়াইছিল । উক্ত প্ৰমাণপত্ৰৰ ওপৰত আপত্তি দৰ্শাই ২০১৯ চনত জনকলাল গোস্বামীয়ে এখন আপত্তিপত্ৰ দাখিল কৰিছিল । 2024ৰ ১২ জানুৱাৰীত নৱ কুমাৰ শৰণীয়া বড়ো-কছাৰী নহয় বুলি প্ৰমাণ হয় আৰু ২০ জানুৱাৰীত তেওঁৰ জাতিগত প্ৰমাণপত্ৰখন নাকচ কৰা হয় ।’’

২০১১ চনত তেওঁ কোনো তথ্য নোহোৱাকৈ অল আছাম ট্ৰাইবেল সংঘৰ পৰা চাৰ্টিফিকেট লৈছিল বুলি উল্লেখ কৰি দেৱজিৎ শইকীয়াই কয়, ‘‘শৰণীয়াৰ পৰিয়ালৰ ১৯১৫ চনৰ NRCৰ ডাটা পৰীক্ষা কৰিছিল ভিজিলেঞ্চৰ দলে । তাত তেওঁলোক সৰু কোচ বুলি পঞ্জীয়ন আছে । তাত কোনোধৰণৰ প্ৰমাণ নাই যে নৱ কুমাৰ শৰণীয়া ট্ৰাইবেল । শৰণীয়াই ৪১ বছৰ বয়সলৈকে জাতিগত প্ৰমাণপত্ৰ লোৱাৰ কোনো তথ্য আদালতত দাখিল কৰিব নোৱাৰিলে ।’’

শইকীয়াই কয় যে উচ্চতম ন্যায়ালয়ে কৰা ৰায়দান অনুসৰি মানুহৰ উপাধিৰ ওপৰত কোনেও জাতিগত প্ৰমাণপত্ৰ দিব নিৱাৰে । উল্লেখযোগ্য যে ন্যায়ালয়ৰ চূড়ান্ত ৰায়দানৰ ওপৰত ভিত্তি কৰি এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব সাংসদ নৱ শৰণীয়া ৷ এই জনজাতি প্ৰমাণপত্ৰৰ আধাৰতে শৰণীয়াই জনজাতিসকলৰ বাবে সংৰক্ষিত ২ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা ২০১৪ আৰু ২০২৯ত দুবাৰকৈ নিৰ্বাচনত জয়লাভ কৰিছিল ৷

২০২৪ বর্ষৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ‌ বাবে সাজু হৈছিল শৰণীয়া । উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পিচত এতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বঞ্চিত হ’ল সাংসদ নৱ কুমাৰ শৰণীয়া ।

লগতে পঢ়ক: নিৰ্বাচন খেলিব নোৱাৰিব নৱ‌ কুমাৰ শৰণীয়াই ! জাতিগত প্ৰমাণ পত্ৰ অবৈধ‌ ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.