ডিব্ৰুগড়, 28 মাৰ্চ : নাগৰিকত্ব সংশোধনী আইনক লৈ সৰ্বানন্দ সোণোৱালে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আম আদমী পাৰ্টীৰ ৰাজ্যিক সমিতিৰ ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত বিৰোধীয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰার্থী সৰ্বানন্দ সোণোৱালে কৰা মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আম আদমী পার্টীয়ে ৷
ডিব্ৰুগড়ত আজি সংবাদমেল সম্বোধন কৰি আম আদমি পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰ হেমন্ত ফুকনে সৰ্বানন্দ সোণোৱালক প্ৰশ্ন কৰে ৷ তেওঁ কয় যে, যে বিজেপিয়ে বিৰোধীৰ ওপৰত অভিযোগ অনাৰ সময়ত তেওঁলোকে পাহৰি গৈছে যে নাগৰিকত্ব সংশোধনী আইন উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ইয়াক বলবৎ কৰিছে ৷ সংবাদমেলত আপৰ হেমন্ত ফুকনে কয় যে, 1991 চনৰ লোকপিয়লত ৰাজ্যত অসমীয়াভাষীৰ হাৰ আছিল 57.81 শতাংশ ৷ কিন্তু 2011 চনত অসমত অসমীয়াভাষীৰ হাৰ হয়গৈ 48.38 শতাংশ ৷ ইয়াৰ বিপৰীতে 1991 চনৰ লোকপিয়ল মতে অসমত বাঙালীভাষীৰ হাৰ 21.67 শতাংশ আছিল ৷ কিন্তু 2001 চনৰ লোকপিয়লত এই হাৰ বৃদ্ধি হৈ 27.54 শতাংশ বৃদ্ধি পায় বুলি সদৰী কৰে তেওঁ ৷
লগতে 'কা'ৰ জৰিয়তে অধিক বিদেশী অসমত সংস্থাপিত কৰিলে অসমীয়া ভাষা অসমতে সংখ্যালঘু হৈ পৰিব আৰু অসমীয়া বুলি কোনো জাতি নাথাকিবগৈ বুলি সংবাদমেলৰ জৰিয়তে অভিযোগ উত্থাপন কৰে আপৰ নেতাজনে ৷ সংবাদমেলত আপৰ ৰাজ্যিক মুখপাত্ৰ হেমন্ত ফুকনৰ লগতে কেইবাজনো ৰাজ্যিক বিষয়ববীয়া উপস্থিত থাকে ৷
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনক লৈ দীৰ্ঘদিন মৌনতা অৱলম্বন কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে বিয়লি টিংখাঙৰ এখন নিৰ্বাচনী সভাত 'কা' সন্দৰ্ভত প্ৰথবাৰলৈ মুখ খোলে ৷ সভাত সোণোৱালে কয় যে, 'কা' এখন সৰ্বভাৰতীয় আইন ৷ 'কা'ক লৈ কাৰোবাৰ আপত্তি থাকিলে আদালতলৈ যাব পাৰে বুলি কয় তেওঁ৷ এই আইন সন্দৰ্ভত ন্যায়ালয়ে যি সিদ্ধান্ত দিয়ে তাক আদৰণি জনাব বুলি উল্লেখ কৰি যি সকলে 'কা' সন্দৰ্ভত অপপ্ৰচাৰ চলাইছে সেই সকলে সময়ত জবাব দিব লাগিব বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে ৷
লগতে পঢ়ক : কা সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে - CITIZENSHIP AMENDMENT AC