ETV Bharat / politics

উপ-নিৰ্বাচনৰ বাবে সৰ্বপ্ৰথমে প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিব আপ অসমে - Assam Bye Election 2024 - ASSAM BYE ELECTION 2024

Interview with AAP leader Rishiraj Kaundinya : উপ-নিৰ্বাচনৰ বাবে সৰ্বপ্ৰথমে প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিব আপ অসমে ৷ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়েও আপৰ পৰা বিচাৰিছে প্ৰাৰ্থিত্ব ৷ বিহালীত অনুসূচীত জাতিৰ নেতাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আপ অসমৰ ৷ এই সকলোবোৰ ই টিভি ভাৰতক জনালে আপ অসমৰ সাংগঠনিক সম্পাদক ঋষিৰাজ কৌণ্ডিন্যই ৷

Interview with AAP leader Rishiraj Kaundinya
আম আদমি পাৰ্টীৰ নেতা ঋষিৰাজ কৌণ্ডিন্যৰ সৈতে সাক্ষাৎকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 6:41 PM IST

তেজপুৰ, ২৬ আগষ্ট : অসমত মুঠ পাঁচটা বিধানসভা সমষ্টিৰ বাবে অহা অক্টোবৰ মাহৰ ভিতৰত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ বিহালী সমষ্টিত কোন ৰাজনৈতিক দলে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব ? আম আদমি পাৰ্টীয়ে কি সিদ্ধান্ত গ্ৰহণ কৰিব বিহালী সমষ্টিৰ বাবে ? কোন হ’ব বিহালীৰ পৰৱৰ্তী বিধায়ক ? এইসমূহ প্ৰশ্নক লৈ সমষ্টিবাসী ৰাইজৰ মনত চর্চা অব্যাহত আছে ৷

আম আদমি পাৰ্টীৰ নেতা ঋষিৰাজ কৌণ্ডিন্যৰ সৈতে সাক্ষাৎকাৰ (ETV Bharat Assam)

উপ-নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰতা বাঢ়িছে শাসক-বিৰোধীৰ ৷ উভয়ে নিজৰ নিজৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰাত ব্যস্ত থকাৰ সময়তে আম আদমি পাৰ্টীয়েও লৈছে বিশেষ ভূমিকা ৷ বিহালী সমষ্টিত আম আদমি পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সম্ভাব্য তালিকা প্ৰস্তুত কৰিছে ৷

  • আগন্তুক উপ-নিৰ্বাচনৰ সন্দৰ্ভত আপৰ মন্তব্য :

ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত আপ অসমৰ সাংগঠনিক সম্পাদক ঋষিৰাজ কৌণ্ডিন্যই এক সুকীয়া সাক্ষাৎকাৰত কয়, ‘‘প্ৰাৰ্থীৰ তালিকা প্ৰায় প্ৰস্তুত হৈছে ৷ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ একাংশ লোক নিৰাশ হৈ আম আদমি পাৰ্টীৰ পৰা টিকট বিচাৰিছে ৷ আপৰ লগত যোগাযোগ অব্যাহত ৰাখিছে বহুতো লোকে ৷ বিহালী সমষ্টিত বিগত সময়চোৱাত উন্নয়ন স্থবিৰ হোৱাৰ ফলত সমষ্টিৰ বহুলোকে আপৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ৷’’

আপৰ নেতাগৰাকীয়ে কয়, ‘‘বিজেপি দলৰ পৰা টিকট লাভ কৰাৰ সম্ভাৱনা কম, সেয়ে আপৰ লগত যোগাযোগ অব্যাহত ৰাখিছে আৰু যোগ্য প্ৰাৰ্থী হ’লে আপে টিকট প্ৰদান কৰিব ৷ মাত্ৰ বিহালী সমষ্টিৰ কাম হ’ব লাগে ৷ বিহালীৰ ৰাইজে অনুসূচীত জাতিৰ প্ৰাৰ্থী বিচাৰিছে আৰু সেইবাবেই প্ৰাৰ্থীজন ৰাইজৰ মনোগ্ৰাহী হোৱাকৈ দিয়াৰ কথা চিন্তা কৰা হৈছে ৷ বিৰোধী মিত্ৰজোঁট আৰু কংগ্ৰেছৰ লগত পৰৱৰ্তী সময়ত কথা হ’ব ৷ আপে কঁকালত টঙালি বান্ধিছে আৰু সকলোতকৈ আগতে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ৷’’

  • বিহালী সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ :

উপ-নিৰ্বাচনত বিজেপিয়ে পাঁচোটা সমষ্টিত অকলশৰীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সমান্তৰালভাৱে বিৰোধী দল কংগ্ৰেছেও অকলশৰীয়াকৈ এই নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰিছে ৷ বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী হিচাবে একমাত্ৰ শাসকীয় বিজেপি দলৰে তিনিজনকৈ ৰাজনৈতিক কৰ্মীয়ে প্ৰস্তুতি তুংগত তুলিছে ৷ তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ পল্লৱলোচন দাস, বিজেপি নেতা দিগন্ত ঘাটোৱাৰ আৰু জয়ন্ত বৰা আছে প্ৰাৰ্থিত্বৰ দৌৰত ৷

পল্লৱলোচন দাসে এই সমষ্টিত পূৰ্বতে কংগ্ৰেছৰ সময়ত বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল ৷ পৰৱৰ্তী সময়ত বিজেপি দলত যোগদান কৰি ৰঙাপাৰা সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈ মন্ত্ৰিত্ব লাভ কৰে ৷ ২০১৯ চনত তেজপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাবে নিৰ্বাচিত হয় ৷ কিন্তু 2024ৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হয় পল্লৱলোচন দাস ৷

আনহাতে উদীয়মান যুৱক দিগন্ত ঘাটোৱাৰ বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি তথা দলটোৰ এগৰাকী সক্ৰিয় সদস্য হোৱাৰ লগতে প্ৰাৰ্থিত্বৰ দাবীদাৰ ৷ তেওঁ প্ৰথমবাৰৰ বাবে বিহালী সমষ্টিৰ পৰা প্ৰাৰ্থিত্বপ্ৰত্যাশী ৷ আনহাতে জয়ন্ত বৰাই এইবাৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

দিগন্ত ঘাটোৱাৰৰ সমগ্ৰ বিশ্বনাথ জিলাৰ লগতে স্থানীয় লোকৰ মাজত যথেষ্ট পৰিমাণে জনপ্ৰিয়তা আছে ৷ সেই অনুসৰি বিজেপিৰ পৰা দিগন্ত ঘাটোৱাৰে প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনীয়তা আছে ৷ আনহাতে বিৰোধী কংগ্ৰেছৰ তৰফৰ পৰা এই মুহূৰ্তত প্ৰাৰ্থিত্বৰ বাবে কাৰো নাম চৰ্চিত হোৱা নাই ৷ কংগ্ৰেছ দলে বিজেপিৰ প্ৰাৰ্থিত্ব ঘোষণাৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থিত্ব প্ৰদান কৰে যদিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে এই আসনখন ভাষাৰ দিশৰ পৰা বেছি গুৰুত্ব প্ৰদান কৰাৰ সম্ভাৱনীয়তা আছে ৷

এইবাৰ আম আদমি পাৰ্টীয়ে সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাটো নিশ্চিত হৈছে ৷ কংগ্ৰেছে মিত্ৰদলসমূহৰ লগত নাথাকি অকলশৰীয়াকৈ যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেনেহ’লে সহযোগী দলসমূহেও প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷

  • বিহালী সমষ্টিৰ ভোটাৰৰ সংখ্যা :

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ তথ্য অনুসৰি ভাষিক জনগোষ্ঠীৰ ভোটাৰ তালিকা মতে বিহালী সমষ্টিl মুঠ ১,২৫,৪৬ গৰাকী ভোটাৰ আছে ৷ ইয়াৰ ভিতৰত অসমীয়া ভোটাৰ ১,৯১,১৬৫ গৰাকী, চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ ভোটাৰ ৫৬,৩৯২ গৰাকী, গোর্খা ভোটাৰ ২৪, ০৮৭ গৰাকী, বঙালী ভোটাৰ ৯, ৫৭৩ গৰাকী, বড়ো ভোটাৰ ৪, ৯২৬ গৰাকী, কাৰ্বি ভোটাৰ ৫,৬৫৪ গৰাকী, হিন্দীভাষী ভোটাৰ ৫,৩৩১ গৰাকী আছে ৷ আন ৩১৪ গৰাকী ভোটাৰ বিহালী সমষ্টিত বৰ্তমান নাই ৷

লগতে পঢ়ক : উপ-নির্বাচন: পূৰ্বৰ বিধানসভা সমষ্টিৰ মোহ এৰিব পৰা নাই তিনিগৰাকী সাংসদে

ৰকিবুল-পুত্ৰৰ বিৰুদ্ধে বহু কংগ্রেছীয়েও বিচাৰিছে শক্তিশালী প্ৰাৰ্থী; এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলাম

পাঁচটা সমষ্টিৰ উপ নিৰ্বাচন : সাজু হৈছে নিৰ্বাচন আয়োগ, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.