ETV Bharat / lifestyle

এয়া হৈছে অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ উজ্বল ছালৰ ৰহস্য - AMITABH BACHCHAN AND JAYA BACHCHAN

এই বয়সতো কেনেকৈ নিজৰ ছালক উজ্বল তথা সুস্থ কৰি ৰাখিছে অমিতাভ বচ্চন আৰু জয়া বচ্চনে ? কন্যা স্বেতা বচ্চনে প্ৰকাশ কৰিলে ইয়াৰ ৰহস্য-

What is the secret behind Amitabh Bachchan and Jaya Bachchan's skin? Shweta Bachchan revealed the secret
এয়া হৈছে অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ উজ্বল ছালৰ ৰহস্য (INSTAGRAM)
author img

By ETV Bharat Lifestyle Team

Published : Oct 25, 2024, 3:44 PM IST

বলীউডৰ শ্বেহেনশ্বাহ অমিতাভ বচ্চনৰ বয়স হৈছে ৮২ বছৰ আৰু তেওঁৰ পত্নী জয়া বচ্চনেও ইতিমধ্যে ৭৬ বছৰ অতিক্ৰম কৰিছে যদিও এই বয়সতো তেওঁলোকৰ মুখৰ ছাল সদায় জিলিকি থাকে ৷ আপুনি কেতিয়াবা ভাবিছেনে তেওঁলোকৰ জিলিকি থকা মুখখনৰ আঁৰৰ কাৰণ কি ? শেহতীয়াকৈ এটি সাক্ষাতকাৰত পিতৃ-মাতৃৰ উৎকৃষ্ট ছালৰ ৰহস্যৰ বিষয়ে ক’লে কন্যা শ্বেতা বচ্চনে ৷ জানো আহক পিতৃ-মাতৃৰ উজ্বল ছালৰ ৰহস্যৰ বিষয়ে কি ক’লে শ্বেতা বচ্চনে তথা এনে কি সামগ্ৰী আছে যাৰ দ্বাৰা আপুনিও উজ্বল ছালৰ গৰাকী হ’ব পাৰে ৷

ছালৰ বাবে সৰিয়হৰ তেল

শ্বেতা বচ্চনে মীৰা কাপুৰৰ ইউটিউব ধাৰাবাহিক ‘স্কিন এণ্ড উইথিন’ত কয় যে, বঙালী লোকে সৰিয়হৰ তেল বহু পৰিমাণে ব্যৱহাৰ কৰে ৷ মায়ে দৈনিক মাছ খায় আৰু দেউতাই প্ৰতিদিনে মুখ আৰু শৰীৰত সৰিয়হৰ তেল লগায় ৷ আজিলৈকে তেওঁ কেতিয়াও কোনো ধৰণৰ প্ৰসাধন চিকিৎসা কৰা নাই ৷ সেইবাবেই মই ভাবো যে দুয়োৰে বয়স হোৱাৰ সত্ত্বেও তেওঁলোকৰ ছালখন ইমানেই উজ্বল আৰু সুস্থ ৷

শ্বেতা বচ্চনে কয় যে, তেওঁৰ মাতৃ আৰু পিতৃয়ে সৰিয়হৰ তেলক তেওঁলোকৰ স্বাস্থ্যসন্মত জীৱনশৈলীৰ অংশ কৰি লৈছে ৷ তেওঁ কয়, “মই এইটোও ভাবো যে আপোনাৰ ছালৰ ৮০ শতাংশ নিৰ্ভৰ কৰে আপোনাৰ স্বাস্থ্যসন্মত খাদ্যৰ ওপৰত ৷”

সৰিয়হ তেলৰ উপকাৰিতা

ঘৰুৱা কামৰ উপৰিও সৰিয়হ তেলে আপোনাৰ মুখখন অধিক উজ্বল কৰি তোলে, ৰং বৃদ্ধি কৰা আৰু বলিৰেখা আঁতৰোৱাতো সহায় কৰে ৷ এই তেলে ৰক্ত সঞ্চালন ভালদৰে বৃদ্ধি কৰে আৰু চকুৰ চাৰিওফালে থকা ক’লা দাগ আঁতৰোৱাতো সহায় কৰিব পাৰে ৷ বহুতে ওঁঠ ফাটি যোৱা আৰু বলিৰেখা আঁতৰাবলৈও সৰিয়হৰ তেলৰ ওপৰত নিৰ্ভৰ কৰে ৷ কিন্তু ইয়াৰ প্ৰভাৱ ছালভেদে বেলেগ বেলেগ হ’ব পাৰে ৷

সৰিয়হৰ তেল সকলোৰে বাবে উপকাৰী নে ?

সকলো মানুহেই সৰিয়হৰ তেলৰ লাভ পাব পাৰে সেয়া প্ৰয়োজনীয় নহয় ৷ কাৰণ সৰিয়হ তেল লগোৱাৰ সময়ত আমি কিছুমান কথাৰ যত্ন লোৱাটোও উচিত ৷ সকলোৱে ছালত সৰিয়হৰ তেল লগাব পাৰে যদিও কিছু বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত ৷ ইয়াৰ বাবে ছালৰ যত্ন বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লোৱাটো জৰুৰী কাৰণ সকলোৰে ছালৰ ধৰণ বেলেগ বেলেগ হয় আৰু একে পদ্ধতিয়ে সকলোৰে বাবে কাম কৰাটো প্ৰয়োজনীয় নহয় ৷

লগতে পঢ়ক: কেনেকৈ ৮২ বছৰ বয়সতো নিজকে সুস্থ ৰাখিছে বিগ বিয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.