ETV Bharat / international

খাদ্য সাহায্যৰ বাবে অপেক্ষাৰত অৱস্থাত গুলীবৰ্ষণ; গাজাত নিহত কমেও ২০, আহত ১৫৫

author img

By ANI

Published : Mar 15, 2024, 7:13 AM IST

Updated : Mar 15, 2024, 11:07 AM IST

Israel Attack on Gaza : যুদ্ধবিধ্বস্ত পেলেষ্টাইনত মানৱীয় সংকট অধিক তীব্ৰ হৈ উঠিছে । সকলো ফালৰ পৰা মানৱতা ভূলুণ্ঠিত হৈছে গাজাকে ধৰি সমগ্ৰ পেলেষ্টাইনত । তাৰেই এক শেহতীয়া নিদৰ্শন হৈছে বৃহস্পতিবাৰৰ ঘটনা । য'ত খাদ্য সাহায্যৰ বাবে অপেক্ষাৰত অৱস্থাত চলোৱা গুলী বৰ্ষণত ১৫ গৰাকী সাধাৰণ পেলেষ্টাইনী লোক নিহত হয় ।

গাজাত নিহত কমেও ২০, আহত ১৫৫
গাজাত নিহত কমেও ২০, আহত ১৫৫

ইণ্টাৰনেচনেল ডেস্ক, ১৫ মাৰ্চ : বৃহস্পতিবাৰে গাজাত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা । খাদ্য সাহায্যৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত চলা গুলীবৰ্ষণত কমেও ২০ জন লোক নিহত আৰু ১৫৫ জন আহত হয় । পেলেষ্টাইনী এনক্লেভৰ স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি চিএনএনে এই কথা প্ৰকাশ কৰিছে ।

আল চিফা চিকিৎসালয়ৰ জৰুৰীকালীন গোটৰ এজন চিকিৎসক মহম্মদ ঘ্ৰাবে কয় যে মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । কিয়নো হতাহতসকলক বৰ্তমান চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে । প্ৰতিবেদনখনত কোৱা হৈছে ।

ইয়াৰ পূৰ্বে ঘটনাস্থলীৰ এজন সাক্ষীয়ে কৈছিল যে কেইবাজনো লোকৰ মৃত্যু হৈছে । ভিডিঅ'বোৰত ঘটনাস্থলীত দহটা মৃতদেহ পৰি থকা দেখুওৱা হৈছে ।

পেলেষ্টাইনী স্বাস্থ্য মন্ত্ৰালয়ে এই ঘটনাক 'ইজৰাইলী দখলদাৰী বাহিনীয়ে গাজাৰ কুৱেইটী অঞ্চলত তেওঁলোকৰ ৰক্ত তৃষ্ণা পূৰণৰ বাবে কৰা নৃশংস আক্ৰমণ' বুলি অভিহিত কৰিছে । উল্লেখ্য যে মানৱীয় সহায়ৰ বাবে অপেক্ষা কৰি থকা নাগৰিকসকলক লক্ষ্য কৰি লোৱাৰ ফলস্বৰূপে এই ঘটনাটো সংঘটিত হয় ।

প্ৰত্যক্ষদৰ্শীৰ মতে, অঞ্চলটো আৰ্টিলাৰী ফায়াৰ বা টেংকৰ দৰে শব্দত কঁপি উঠিছিল । আনহাতে, বৃহস্পতিবাৰে এক বিবৃতিত গাজাৰ অসামৰিক প্ৰতিৰক্ষাৰ মুখপাত্ৰ মাহমুদ বাচালে ইজৰাইলক এই আক্ৰমণৰ বাবে দায়ী বুলি অভিযোগ কৰে ।

ইফালে, চিএনএনে মাহমুদ বাছালৰ উদ্ধৃতিৰে কয়, "উত্তৰ গাজা ষ্ট্ৰিপত সংঘটিত দুৰ্ভিক্ষৰ ফলস্বৰূপে সাহায্যৰ বাবে অপেক্ষা কৰি থকা নিৰীহ নাগৰিকসকলক হত্যা কৰাৰ নীতি ইজৰাইলী দখলকাৰী বাহিনীয়ে এতিয়াও পালন কৰি আছে ।"

আনহাতে, ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) ঘোষণা কৰে যে মানৱীয় সাহায্য প্ৰথমবাৰৰ বাবে সাগৰীয় পথেৰে গাজাত প্ৰৱেশ কৰিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

স্থল, আকাশ আৰু সাগৰৰ পৰা গাজাত প্ৰৱেশ কৰিব মানৱীয় সাহায্য: প্ৰথমবাৰৰ বাবে সাগৰীয় পথেৰে গাজালৈ আহিব মানৱীয় সাহায্য । ডব্লিউচি কিচেনৰ পৰা পৰা মানৱীয় সাহায্য কঢ়িয়াই অনা আৰু ইউএইয়ে পুঁজি যোগান ধৰা এখন জাহাজে মঙলবাৰে চাইপ্ৰাছৰ লাৰনাকা বন্দৰৰ পৰা গাজা অভিমুখে যাত্ৰা আৰম্ভ কৰে । ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) এক্সৰ এটা পোষ্টত উল্লেখ কৰিছে ।

উল্লেখ্য যে বৃহস্পতিবাৰে আইডিএফে জনোৱা মতে, ইজৰাইলৰ সৈতে চলি থকা যুদ্ধৰ মাজতে হামাছৰ অপাৰেচন ইউনিটৰ এজন কমাণ্ডাৰ মুহাম্মদ আবু হাছনাক ৰাফা অঞ্চলত সঠিক পৰ্যবেক্ষণৰ অন্তত আঁতৰ কৰা হৈছে । এক্সত আইডিএফে পোষ্ট কৰিছে, "হামাছৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যকলাপ আৰু ইহুদী আৰু ইজৰাইলী লক্ষ্যৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে দায়বদ্ধ লেবাননৰ হামাছ সন্ত্ৰাসবাদী হাদি আলী মুস্তাফা । আইডিএফে হামাছৰ বিৰুদ্ধে কাম কৰা প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাব ।"

লগতে পঢ়ক :জাপানৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেটৰ উৰণৰ পিচতে বিস্ফোৰণ

Last Updated : Mar 15, 2024, 11:07 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.