ETV Bharat / international

ছৌদি আৰবত দেখা গ’ল ৰমজানৰ অৰ্ধচন্দ্ৰ, সোমবাৰৰ পৰা আৰম্ভ ৰোজা

author img

By PTI

Published : Mar 10, 2024, 10:41 PM IST

Ramzan Crescent Moon : চৌদি আৰৱত দেওবাৰে নিশা অৰ্ধচন্দ্ৰ দেখা পোৱা যায় ৷ বিশ্বৰ 1.8 বিলিয়ন মুছলমানৰ বাবে পবিত্ৰ ৰোজা মাহ ৰমজান আৰম্ভ হয় ৷ দেওবাৰে নিশা চন্দ্ৰ দেখাৰ অৰ্থ হ’ল সোমবাৰেই ৰোজাৰ প্ৰথম দিন ৷

Ramzan Crescent Moon
ছৌদি আৰবত দেখা গ’ল ৰমজানৰ অৰ্ধচন্দ্ৰ

নিউজ ডেস্ক, 10 মাৰ্চ : ইছলামৰ পবিত্ৰ স্থানসমূহৰ গৃহ চৌদি আৰৱত দেওবাৰে নিশা অৰ্ধচন্দ্ৰ দেখা পোৱা যায় ৷ ইয়াৰ লগে লগে বিশ্বৰ 1.8 বিলিয়ন মুছলমানৰ বাবে পবিত্ৰ ৰোজা মাহ ৰমজান আৰম্ভ হয় ৷ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে খাদ্য আৰু পানীৰ পৰা বিৰত থকা এই পবিত্ৰ মাহটোত সমগ্ৰ মুছলমান বিশ্বতে ধৰ্মীয় চিন্তা-চৰ্চা, পৰিয়ালৰ মিলন আৰু দান-বৰঙণিৰ সময়সীমা চিহ্নিত কৰে ৷ দেওবাৰে নিশা চন্দ্ৰ দেখাৰ অৰ্থ হ’ল সোমবাৰেই ৰোজাৰ প্ৰথম দিন ৷

ছৌদি আৰৱৰ চৰকাৰী টেলিভিছনৰ বাতৰি অনুসৰি তাত কৰ্তৃপক্ষই অৰ্ধচন্দ্ৰ দেখা পাইছে ৷ অৱশ্যে এছিয়াৰ কিছুমান দেশ, অষ্ট্ৰেলিয়া, ব্ৰুনেই, ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু ছিংগাপুৰে অৰ্ধচন্দ্ৰ দেখাত বিফল হোৱাৰ পিচত মঙলবাৰৰ পৰা ৰমজান আৰম্ভ কৰিব ৷ গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে ইজৰাইলে চলাই থকা যুদ্ধৰ বাবে মধ্যপ্ৰাচ্যৰ জুই জ্বলি থকাৰ সময়তে এইবাৰৰ ৰমজান আহিছে ৷ ই আশংকা সৃষ্টি কৰিছে যে এই সংঘাতে যুদ্ধৰ বৰ্তমানৰ সীমাৰ বহু বাহিৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে ৷ ইফালে মহামাৰীৰ পিচৰে পৰা সমগ্ৰ বিশ্বতে মুদ্ৰাস্ফীতি আৰু খাদ্যৰ উচ্চ মূল্যই অব্যাহত আছে ৷

ছৌদি আৰৱত ৰাষ্ট্ৰখনে অৰ্ধচন্দ্ৰ দৰ্শনৰ প্ৰস্তুতিৰ বাবে দেওবাৰে নিশাৰ পৰা আকাশ চাবলৈ আহ্বান জনাই আহিছিল ৷ ৰমজানে চন্দ্ৰ কেলেণ্ডাৰৰ ওপৰত কাম কৰে আৰু চন্দ্ৰ দৰ্শনৰ পদ্ধতি প্ৰায় দেশৰ মাজত ভিন্ন হয়, অৰ্থাৎ কিছুমান ৰাষ্ট্ৰই মাহটোৰ আৰম্ভণি আগতে বা পিচত ঘোষণা কৰে ৷ অৱশ্যে মধ্য প্ৰাচ্যৰ বহুতো চুন্নী অধ্যুষিত ৰাষ্ট্ৰই চৌদি আৰৱৰ নেতৃত্ব অনুসৰণ কৰে, যি হৈছে মক্কাৰ ঘৰ আৰু ইয়াৰ ঘন আকৃতিৰ কাবা যাক মুছলমানসকলে দিনে পাঁচবাৰ প্ৰাৰ্থনা কৰে ৷

ইছলামিক চন্দ্ৰ পঞ্জিকাৰ নৱম মাহ ৰমজান; গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ ঋতু আৰু মাহবোৰৰ মাজেৰে মাহটোৱে চক্ৰ কৰে ৷ মুছলমানসকলে সংঘাতৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে আৰু পবিত্ৰ মাহত দান-বৰঙণিৰ কামত মনোনিৱেশ কৰে ৷ কিন্তু বহু মুছলমানৰ বাবে এইবাৰৰ ৰমজানক লৈ গাজা ষ্ট্ৰিপৰ যুদ্ধই ডাঙৰকৈ থিয় দিছে ৷

লগতে পঢ়ক : আজিৰে পৰা আৰম্ভ ৰমজান মাহ; অধিক মুনাফা লাভৰ উদ্দেশ্যৰে প্ৰতিবিধ সামগ্ৰীৰে মূল্যবৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.