ETV Bharat / health

ডাৰ্মেট’মাইঅ’চাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু দংগলৰ ববিতা খ্যাত অভিনেত্ৰী সুহানী ভাটনাগৰৰ

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 12:17 PM IST

Updated : Feb 18, 2024, 12:49 PM IST

Dermatomyositis Symptoms: মাত্ৰ ১৯ বছৰ বয়সতে বিশ্ববাসীৰ পৰা বিদায় ল’লে ২০১৬ চনৰ ব্লকবাষ্টাৰ ছবি ‘দংগল’ত ববিতা ফোগাটৰ শৈশৱৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী সুহানী ভাটনাগৰে । বহুদিনৰে পৰা অসুস্থ হৈ আছিল সুহানী । সূত্ৰ অনুসৰি সুহানী ভাটনাগৰ ডাৰ্মেট’মাইঅ’চাইটিছ নামৰ ৰোগত আক্ৰান্ত আছিল । এই ৰোগ কি আৰু ইয়াৰ বিপদজনক কাৰকসমূহ জানো আহক ।

What is Dermatomyositis ? What are the symptoms?
ডাৰ্মেট’মাইঅ’চাইটিছ ৰোগ

ব্লকবাষ্টাৰ ছবি দংগলত শৈশৱৰ ববিতা ফোগাটৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী সুহানী ভাটনাগৰৰ দেহাৱসান ৷ ১৯ বছৰ বয়সত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ । দৰাচলতে দীৰ্ঘদিন ধৰি অসুস্থ হৈ দিল্লীৰ এইমছ হাস্পতালত চিকিৎসাধীন হৈ আছিল সুহানী । খবৰ অনুসৰি সুহানী ভাটনাগৰ ডাৰ্মেট’মাইঅ’চাইটিছ নামৰ ৰোগত আক্ৰান্ত আছিল । কিন্তু ডাৰ্মেট’মাইঅ’চাইটিছ ৰোগ কি আৰু ইয়াৰ লক্ষণসমূহ কি কি ? ইয়াৰ বিষয়ে সবিশেষ জানো আহক এই প্ৰতিবেদনত ।

ডাৰ্মাট’মাইঅ’চাইটিছ কি ?

ডাৰ্মাট’মাইঅ’চাইটিছ হৈছে এক অতি বেলেগ ধৰণৰ ৰোগ, যিয়ে ব্যক্তিৰ ছাল আৰু পেশীত আক্ৰান্ত কৰে । এই ৰোগক অটো ইমিউন ৰোগৰ শ্ৰেণীত ধৰা হয় । অটো ইমিউন ডিজিজ হ’ল এনে ৰোগ, য’ত আমাৰ ইমিউন চিষ্টেমে বেলেগ ধৰণে কাম কৰে । ইয়াৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰে আৰু ই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ অক্ষম হৈ পৰে । এই সমস্যা পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বেছি দেখা দিয়ে ।

ডাৰ্মাট’মাইঅ’চাইটিছৰ লক্ষণ

ডাৰ্মাট’মাইঅ’চাইটিছৰ ৰোগৰ প্ৰথম লক্ষণ ছালত দেখা দিয়ে । লাহে লাহে ছাল ক’লা পৰিবলৈ ধৰে । ফোহাও ওলাবলৈ আৰম্ভ কৰে । যাৰ প্ৰভাৱ চকুৰ চাৰিওফালে আৰু মুখমণ্ডলত বেছিকৈ দেখা যায় । ইয়াৰ ফলত ছালত খজুৱতি আৰু বিষ হ’ব পাৰে ।

এই ৰোগত ৰোগীয়ে বহি থকা, ওজন তুলিবলৈ, চিৰি বগাবলৈ আৰু নামিবলৈ বহুত অসুবিধাৰ সন্মুখীন হয় । একো নকৰাকৈ ভাগৰুৱা অনুভৱ কৰে ৰোগীয়ে ।

ডাৰ্মাট’মাইঅ’চাইটিছত শৰীৰৰ পেশীবোৰ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে আৰু পিচলৈ সমস্যাটো অধিক গুৰুতৰ হৈ পৰে ।

ডাৰ্মাট’মাইঅ’চাইটিছ ৰোগৰ কাৰণ

এতিয়ালৈকে এই ৰোগৰ কাৰণ সঠিকভাৱে জানিব পৰা হোৱা নাই যদিও বিশেষজ্ঞসকলৰ মতে ই এক অটো ইমিউন ৰোগ । যাৰ বাবে ভুক্তভোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই নিজৰ শৰীৰৰ ওপৰতে আক্ৰমণ কৰে । আন কাৰণসমূহ যেনে জেনেটিক্স, কিছুমান বিশেষ ধৰণৰ ঔষধ, ভাইৰাছ সংক্ৰমণ, ধূমপান আদিও ইয়াৰ কাৰণ হ’ব পাৰে ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: ফ্ৰীজত ৰাখে নেকি এই 4বিধ সামগ্ৰী ? তেন্তে সৰ্বনাশ !

Last Updated : Feb 18, 2024, 12:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.