ETV Bharat / health

দেশৰ শীৰ্ষ ২১খন চিকিৎসালয়ত পোৱা গৈছে মাৰাত্মক বেক্টেৰিয়া, আইচিএমআৰৰ আচৰিত প্ৰতিবেদন! - Threat of Superbugs

author img

By ETV Bharat Health Team

Published : Sep 12, 2024, 5:25 PM IST

Superbugs: শেহতীয়াকৈ প্ৰকাশিত এক নতুন প্ৰতিবেদনত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য ৷ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আই চি এম আৰ)ৰ তথ্য অনুসৰি দেশৰ ২১খন ডাঙৰ চিকিৎসালয়ত ছুপাৰবাগৰ বিপদজনক উপস্থিতি দেখা গৈছে-

Threat of superbugs: Deadly bacteria found in top 21 hospitals of the country, ICMR's shocking report!
দেশৰ শীৰ্ষ ২১খন চিকিৎসালয়ত পোৱা গৈছে মাৰাত্মক বেক্টেৰিয়া, আইচিএমআৰৰ আচৰিত প্ৰতিবেদন! (ETV Bharat)

এক নতুন প্ৰতিবেদনত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য ৷ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আই চি এম আৰ)ৰ তথ্য অনুসৰি দেশৰ ২১খন ডাঙৰ চিকিৎসালয়ত ছুপাৰবাগৰ বিপদজনক উপস্থিতি দেখা গৈছে ৷ এই ছুপাৰবাগবোৰৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ জীৱন বিপদত পৰিব পাৰে ৷

বিশ্ব স্বাস্থ্য সংস্থাই (WHO) শ্ৰেণীভুক্ত কৰা ছুপাৰবাগ (Klebsiella pneumoniae আৰু Escherichia coli) মূলতঃ এইমছ দিল্লী, পিজিআই চণ্ডীগড়, এপ’ল’ হাস্পতাল চেন্নাই আৰু দিল্লীৰ গংগাৰাম হাস্পতাল আদি বহু চিকিৎসালয়ত পোৱা গৈছে ৷

আইচিএমআৰৰ প্ৰতিবেদনত কোৱা হৈছে যে, বহিঃৰোগী বিভাগ (অ’পিডি), ৱাৰ্ড আৰু আইচিইউৰ পৰা সংগ্ৰহ কৰা তেজ, প্ৰস্ৰাৱ আৰু অন্যান্য তৰল পদাৰ্থকে ধৰি ৰোগীৰ নমুনাত এই ছুপাৰবাগ পোৱা গৈছে ৷ এই প্ৰকাশে চিকিৎসালয়সমূহত এক ভয়াৱহতাৰ সৃষ্টি কৰিছে আৰু তেওঁলোকক ঔষধৰ উন্নত ব্যৱস্থাপনা আৰু বেক্টেৰিয়াৰ আৱৰ্জনা নিষ্কাশনৰ বাবে কঠোৰ প্ৰট’কল মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে যাতে ছুপাৰবাগ অধিক বিয়পিব নোৱাৰে ৷

ছুপাৰবাগে কেন্সাৰৰ দৰে ডাঙৰ ভাবুকি কঢ়িয়াই আনিব পাৰেনে ?

চলিত বৰ্ষৰ আৰম্ভণিতে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে ২০৫০ চনৰ ভিতৰত ছুপাৰবাগ কেন্সাৰৰ দৰেই ডাঙৰ ভাবুকি হ’ব পাৰে ৷ প্ৰতিবেদনত কোৱা হৈছে যে ২০৩০ চনৰ শেষলৈকে এনে ছুপাৰবাগৰ প্ৰত্যক্ষ অৰ্থনৈতিক পৰিণতি বছৰি প্ৰায় ৩.৪ ট্ৰিলিয়ন ডলাৰ হ’ব ৷ ইয়াৰ উপৰিও ২.৪ কোটি লোকক চৰম দৰিদ্ৰতালৈ ঠেলি দিব পাৰি ৷ প্ৰতিবেদনত কোৱা হৈছে যে পশুপালন আৰু ঔষধ কোম্পানীসমূহৰ প্ৰদূষণৰ ফলত ছুপাৰবাগৰ উত্থান বৃদ্ধি পাইছে ৷

কি হয় ছুপাৰবাগ ?

ছুপাৰবাগ হৈছে বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ বা পৰজীৱীৰ প্ৰজাতি যিবোৰ আধুনিক ঔষধকে ধৰি বেছিভাগ এন্টিবায়টিকৰ প্ৰতিৰোধী ৷ প্ৰায়ে এন্টিবায়টিকৰ অপব্যৱহাৰৰ ফলত এই ৰোগ হয় ৷ বীজাণু সবল কৰি ৰখাত সহায় কৰিব পৰা বীজাণুনাশক, এন্টিচেপ্টিক আৰু এন্টিবায়টিক টুথপেষ্ট আৰু চেম্পুৰ পৰা আৰম্ভ কৰি গৰুৰ গাখীৰ আৰু লেতেৰা পানীলৈকে সকলোতে উপস্থিত থাকে ৷

ছুপাৰবাগৰ দুটা মূল ৰূপ

মূলতঃ দুটা উপায়েৰে ইহঁত এন্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেণ্ট (AMR) হৈ পৰে ৷ এটা হ’ল পশুপালনত ঔষধৰ অত্যধিক ব্যৱহাৰ, যিয়ে যিকোনো এন্টিবায়টিকৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ বেক্টেৰিয়াৰ প্ৰজাতিসমূহৰ মিউটেচনৰ সুযোগ প্ৰদান কৰে ৷ দ্বিতীয়তে, ঔষধ কোম্পানীয়ে জলপথ প্ৰদূষিত কৰে ৷ ঔষধ কোম্পানীসমূহে চিকিৎসাৰ আৱৰ্জনাসমূহ পৰ্যাপ্ত পৰিমাণে পৰিশোধন নকৰে যাৰ ফলত প্ৰতিৰোধী ছুপাৰবাগ সৃষ্টি হয় ৷ বিশেষজ্ঞসকলে ইয়াক ‘জেনেটিক কেপিটেলিজম’ বুলি কোৱাৰ দৰে এ এম আৰ এক স্বাভাৱিক পৰিঘটনা ৷ কিন্তু ঔষধ বিশেষকৈ এন্টিবায়টিকৰ অত্যধিক ব্যৱহাৰে এই প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে ৷

লগতে পঢ়ক: চকু ফুলা আৰু শ্ৰৱণ ক্ষমতাৰ সমস্যা হ’লে হৈ যাওক সাৱধান...দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে এই ৰোগ - Syphilis Virus

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.