ETV Bharat / health

যি ঔষধে দূৰ কৰিছিল মাংকিপক্সৰ আশংকা, সেয়াই এতিয়া হৈ পৰিছে অকাৰ্যকৰী - Monkeypox Medicine

author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 8:02 PM IST

Mpox Medicine Tecovirimat: যেতিয়াই কোনো মহামাৰী বিয়পে তেতিয়াই আমি ঔষধৰ ওপৰত অধিক নিৰ্ভৰ কৰোঁ, কিন্তু আটাইতকৈ ফলপ্ৰসূ ঔষধ যেতিয়া অকাৰ্যকৰী হ’বলৈ আৰম্ভ কৰে তেতিয়া আপুনি কি বুলি ক’ব ?

monkeypox medicine tecovirimat TPOXX against virus clade I not healing patient Mpox
যি ঔষধে দূৰ কৰিছিল মাংকিপক্সৰ আশংকা, সেয়াই এতিয়া হৈ পৰিছে অকাৰ্যকৰী (CANVA)

ইউৰোপ আৰু এছিয়াত মাংকিপক্সৰ প্ৰৱেশৰ পিছত এই ৰোগৰ আশংকা বহু পৰিমাণে বৃদ্ধি পাইছে ৷ বিশ্ব স্বাস্থ্য সংস্থাইও এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে ৷ বহু বিশেষজ্ঞৰ মতে, ভৱিষ্যতে এই কৰ’না ভাইৰাছ মহামাৰীৰ দৰেই বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে ৷

মাংকিপক্সৰ এই ঔষধ অকাৰ্যকৰী হৈ পৰিছে

অৱশ্যে এতিয়া ইয়াৰ ঔষধ সন্দৰ্ভত উদ্বেগজনক খবৰ পোহৰলৈ আহিছে ৷ বিজ্ঞানীসকলে জনোৱা মতে, এন্টিভাইৰেল ঔষধ টেক’ভিৰিমেটে মাংকিপক্সৰ ক্লেড-1 প্ৰজাতিৰ ওপৰত কোনো প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাই ৷ বৰ্তমান এই ষ্ট্ৰেইন দ্ৰুতগতিত বিয়পি পৰিছে ৷ পূৰ্বৰ মাংকিপক্সৰ প্ৰভাৱ টেকোভিৰিমেট ঔষধৰ সহায়ত নিয়ন্ত্ৰণ কৰা হৈছিল ৷

'ঘাঁবোৰ ভাল হোৱা নাই'

বিজ্ঞানীসকলৰ মতে, নতুন গৱেষণাৰ পৰা দেখা গৈছে যে যেতিয়া ক্লেড-1 ষ্ট্ৰেইনৰ ঘাঁত এন্টিভাইৰেল ঔষধ টেকোভিৰিমেট প্ৰয়োগ কৰা হয় তেতিয়া ইয়াৰ কোনো বিশেষ প্ৰভাৱ পৰা নাই ৷ এই ঔষধ TPOXX নামেৰেও বিখ্যাত ৷ কংগো গণতান্ত্ৰিক গণৰাজ্যৰ শিশু আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত মাংকিপক্সৰ প্ৰভাৱৰ সময়সীমা হ্ৰাস কৰিবলৈ সক্ষম হৈছে নেকি সেই বিষয়েও বিজ্ঞানীসকলে পৰীক্ষা কৰি আছে ৷ ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা এই দেশত ক্লেড-1 ষ্ট্ৰেইনৰ মাংকিপক্স পক্স ভাইৰাছে বিধ্বংসী ৰূপ ধাৰণ কৰি আহিছে ৷

এই ঔষধ বসন্তৰোগৰ বাবে তৈয়াৰ কৰা হৈছিল

টেকোভিৰিমেট ঔষধৰ ইতিহাসৰ কথা ক’বলৈ গ’লে ইয়াক বসন্তৰোগৰ(Small Pox) চিকিৎসাৰ বাবে প্ৰস্তুত কৰা হৈছিল ৷ এই ঔষধ আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ অনুমোদন লাভ কৰিছিল ৷ মাংকিপক্স আৰু বসন্তৰোগৰ মাজত যথেষ্ট মিল আছে যদিও মাংকিপক্স পক্স বসন্তৰোগতকৈ অধিক বিপজ্জনক ৷ আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ নেচনেল ইনষ্টিটিউট অৱ এলাৰ্জী এণ্ড ইনফেকচিয়েছ ডিজিজত কৰা গৱেষণাৰ পৰা দেখা গৈছে যে টেকোভিৰিমেট ঔষধ নিৰাপদ যদিও ক্লেড-1 ষ্ট্ৰেইনত আক্ৰান্ত লোকৰ স্বাস্থ্যৰ এতিয়াও উন্নতি সাধন হোৱা নাই ৷

লগতে পঢ়ক: দিল্লীত মাঙ্কিপক্সত আক্ৰান্তৰ সংখ্য়া ছয়লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.