ETV Bharat / health

ভুলতেও ব্ৰেকফাষ্টত গ্ৰহণ নকৰিব এই খাদ্য: আগমন ঘটিব পাৰে এই ৰোগৰ - Harmful Food Item In Breakfast

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 8:00 PM IST

Harmful food items in breakfast: ব্ৰেকফাষ্টত স্বাস্থ্যসন্মত খাদ্য খোৱাটো খুবেই উপকাৰী ৷ কিন্তু বেছিভাগ মানুহেই ব্ৰেকফাষ্টতে ভুল খাদ্য খাবলৈ আৰম্ভ কৰে । এনে খাদ্য পুৱাৰ ভাগত খালে পেটৰ বাবে বৰবিহৰ দৰে কাম কৰে । এই খাদ্য সামগ্ৰীবোৰনো কি জানো আহক-

Don't eat these things in breakfast, they are like poison for health
ভুলতেও ব্ৰেকফাষ্টত গ্ৰহণ নকৰিব এই খাদ্য: ঘটিব এই ৰোগৰ আগমণ (CANVA)

পুৱাৰ আহাৰ আমাৰ দিনটোৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ । সেয়ে ব্ৰেকফাষ্টত স্বাস্থ্যকৰ বস্তু অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী । কিন্তু পুৱা খালী পেটত প্ৰতিটো স্বাস্থ্যকৰ বস্তু উপকাৰী হোৱাটো জৰুৰী নহয় । ব্ৰেকফাষ্টত কি খাব লাগে আৰু কি কি পৰিহাৰ কৰিব লাগে সেই বিষয়ে জনাটো খুবেই জৰুৰী ।

হৃদযন্ত্ৰ, হাওঁফাওঁ, খাদ্যনলী আৰু টেষ্ট চাৰ্জন হিচাপে কৰ্মৰত অভিনেত্ৰী মাধুৰী দীক্ষিতৰ স্বামী ডাঃ নেনে প্ৰায়ে ছ’চিয়েল মিডিয়াত এটি ভিডিঅ’ শ্বেয়াৰ কৰে । য’ত চিকিৎসকগৰাকীয়ে জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ সৈতে জড়িত তথ্য মানুহৰ সৈতে ভাগ-বতৰা কৰে । এটা ভিডিঅ’ত চিকিৎসক নেনেই এনেবোৰ খাদ্যৰ বিষয়ে উল্লেখ কৰিছে যিসমূহ আমি আমাৰ ব্ৰেকফাষ্টত খোৱাটো পৰিহাৰ কৰা উচিত । এইবোৰ বস্তুবোৰ পুৱাৰ ভাগত গ্ৰহণ কৰিলে পেটৰ বাবে কোনো বিহতকৈও কম নহয় । জানো আহক ব্ৰেকফাষ্টত আমি কোনবোৰ খাদ্য খাব নালাগে ৷

ব্ৰেকফাষ্টত কি কি খাব নালাগে ?

Don't eat these things in breakfast, they are like poison for health
বগা পাও ৰুটি (FREEPIK)

বগা পাও ৰুটি- বেছিভাগ মানুহেই ব্ৰেকফাষ্টত বগা ৰুটি আৰু মাখন খায়, যিটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক । বগা পাও ৰুটি পৰিশোধিত আটাৰ পৰা তৈয়াৰ কৰা হয় আৰু নিম্নমানৰ কাৰ্বৰে প্ৰক্ৰিয়াকৰণ কৰা হয় । বগা পাও ৰুটি খালে ৰক্ত শৰ্কৰা বৃদ্ধি হোৱাৰ আশংকা থাকে । এই ৰুটিবোৰে মেদবহুলতা বৃদ্ধি কৰাৰ লগতে হৃদৰোগৰ আশংকা সৃষ্টি কৰে । যদি আপুনিও ৰুটি খায় তেন্তে তৎক্ষণাত বন্ধ কৰক ।

ফলৰ ৰস (FREEPIK)

ফলৰ ৰস- কিছুমানে ব্ৰেকফাষ্টৰ লগত ফলৰ ৰস খোৱাটো স্বাস্থ্যকৰ বুলি গণ্য কৰে । ৰস স্বাস্থ্যৰ বাবে উপকাৰী যদিও ব্ৰেকফাষ্টৰ লগত ফলৰ ৰস খালে তেজত শৰ্কৰা বৃদ্ধি পাব পাৰে । ৰসত আঁহ আৰু অন্যান্য পুষ্টিকৰ উপাদান ধ্বংস হৈ যায় যাৰ বাবে সম্পূৰ্ণ সুফল পোৱা নাযায় । এই ৰসত মিঠা বেছি থাকে যাৰ ফলত ওজন বৃদ্ধি পায় । ইয়াৰ পৰিৱৰ্তে আপুনি ফল-মূল খাব লাগে ।

মিঠা দৈ (FREEPIK)

মিঠা দৈ- কিছুমান মানুহে ব্ৰেকফাষ্টত পৰঠা বা লাচী বা মিঠা দৈৰ লগত দৈ খায় । ইয়াৰ ফলত শৰীৰত চেনিৰ পৰিমাণ বৃদ্ধি পাব পাৰে । প্ৰতিদিনে ব্ৰেকফাষ্টত মিঠা দৈ খালে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে । ইয়াৰ ফলত মেদবহুলতাও বৃদ্ধি পায় যিয়ে বহু বিপদৰ সৃষ্টি কৰে । সেয়েহে ব্ৰেকফাষ্টত মিঠা দৈ খাব নালাগে ।

প্ৰচেছড মাংস (FREEPIK)

প্ৰচেছড মাংস- প্ৰচেছড মাংস ব্ৰেকফাষ্টত একেবাৰেই খাব নালাগে । ইয়াৰ ফলত পেটৰ আৰু কলৰেক্টাল কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । প্ৰচেছড মাংসৰ ফলত উচ্চ ৰক্তচাপ আৰু শৰ্কৰাৰ সমস্যা হ’ব পাৰে । গতিকে প্ৰচেছড মাংস ব্ৰেকফাষ্টত পৰিহাৰ কৰা উচিত ।

মিঠা শস্য (FREEPIK)

মিঠা শস্য- কিছুমান মানুহে ব্ৰেকফাষ্টত শস্য বা মিঠা শস্যৰ পৰা তৈয়াৰী বস্তু অন্তৰ্ভুক্ত কৰে । ইয়াৰ ফলত শৰীৰত অধিক কাৰ্বহাইড্ৰেট পোৱা যায়, যাৰ বাবে ভোক আৰু বি পি দুয়োটা বৃদ্ধি হোৱাৰ আশংকা থাকে । এই ধৰণৰ খাদ্যাভ্যাসে দীৰ্ঘকালীনভাৱে ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে ।

লগতে পঢ়ক: এইবোৰ খাদ্য পুৱাৰ আহাৰত গ্ৰহণ কৰাৰ পৰা বিৰত থাকক... - Foods To Avoid in Breakfast

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.