ETV Bharat / health

ঋতুস্ৰাৱৰ সময়ত হোৱা অতিপাত বিষক আওকাণ নকৰিব...হ’ব পাৰে এই ৰোগৰ লক্ষণ - Chocolate Cyst

author img

By ETV Bharat Health Team

Published : Aug 27, 2024, 1:58 PM IST

Chocolate Cyst: ঋতুস্ৰাৱৰ সময়ত হোৱা অতিপাত বিষক আওকাণ কৰাৰ ভুল নকৰিব কাৰণ এয়া হ’ব পাৰে চকলেট চিষ্টৰ কাৰণ ৷ চকলেট চিষ্ট হৈছে এক প্ৰকাৰৰ ডিম্বাশয়ৰ চিষ্ট । এনে হয় যেতিয়া জৰায়ুৰ ভিতৰত পোৱা কলা (এণ্ডোমেট্ৰিয়াম) ডিম্বাশয়ৰ ওপৰত বৃদ্ধি হ’বলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত ইয়াৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা জনাটো অতি প্ৰয়োজনীয় ।

Chocolate Cyst Signs Causes Symptoms And Treatment
ঋতুস্ৰাৱৰ সময়ত হোৱা অতিপাত বিষক আওকাণ নকৰিব...হ’ব পাৰে এই ৰোগৰ লক্ষণ (CANVA)

সাধাৰণতে মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত অতিপাত বিষৰ সন্মূখীন হ’বলগীয়া হয় ৷ এই বিষৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমানে যদি ঘৰুৱা উপায় অনুসৰণ কৰে তেন্তে আন কোনোৱে আকৌ ঔষধৰ সহায় ল’বলগীয়া হয় আৰু ইয়াৰ দ্বাৰা মহিলাসকলে কিছু সকাহ লাভ কৰে ৷ কিন্তু বিশেষজ্ঞৰ মতে, কেতিয়াবা এই বিষ সাধাৰণ নহ’বও পাৰে ৷

এন আই এইচৰ এক প্ৰতিবেদন অনুসৰি, চকলেট চিষ্ট, যাক এণ্ডোমেট্ৰ’মা বুলিও কোৱা হয়, ই এক প্ৰকাৰৰ ডিম্বাশয়ৰ চিষ্ট ৷ এই ৰোগত গৰ্ভাশয়ত এক আৱৰণৰ দৰে কলা ডিম্বাশয়ত বাঢ়িবলৈ আৰম্ভ কৰে ৷ এই কলাটো(tissue) পিৰিয়ডৰ সময়ত ঘন হৈ তেজ ওলায়, যাৰ ফলত ডিম্বাশয়ৰ ভিতৰত এটা ডাঠ চকলেট সদৃশ পদাৰ্থ জমা হয় ৷ সেইবাবেই ইয়াক চকলেট চিষ্ট বুলি কোৱা হয় ৷ সময় থাকোতে ইয়াৰ চিকিৎসা নকৰিলে এই সমস্যা অধিক বৃদ্ধি হ’ব পাৰে ৷ সেয়ে ঋতুস্ৰাৱৰ অতিপাত বিষক আওকাণ কৰাৰ ভুল নকৰিব ৷

চকলেট চিষ্টৰ কাৰণ

এণ্ডোমেট্ৰিয়াল কলাৰ প্ৰসাৰ: জৰায়ুৰ আৱৰণৰ এটা টুকুৰা ফেল’পিয়ান টিউবৰ জৰিয়তে ডিম্বাশয়লৈ গৈ তাত বৃদ্ধি হ’বলৈ আৰম্ভ কৰে ৷

ৰক্ত সঞ্চালন: ঋতুস্ৰাৱৰ সময়ত তেজ ডিম্বাশয়ত প্ৰৱেশ কৰি তাত আৱদ্ধ হৈ চকলেট সদৃশ পদাৰ্থ গঠন কৰে ৷

ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সমস্যা: কিছুমান মহিলাৰ ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতাই এই অতিৰিক্ত কলা ধ্বংস কৰিবলৈ অক্ষম ৷

চকলেট চিষ্টৰ লক্ষণ

  • মাহেকীয়াৰ সময়ত তীব্ৰ বিষ হোৱাটোৱেই আটাইতকৈ সাধাৰণ লক্ষণ ৷ বিষ ইমানেই বেছি হ’ব পাৰে যে ইয়াৰ প্ৰভাৱ দৈনন্দিন কাম-কাজত পৰে (Pelvic pain)৷
  • ঋতুস্ৰাৱ অনিয়মিত বা অতিপাত ৰক্তক্ষৰণ হ’ব পাৰে (Heavy menses)৷
  • ঋতুস্ৰাৱ নহ’লেও অতিপাত পেটৰ বিষ হ’ব পাৰে ৷
  • যৌন সম্পৰ্ক স্থাপনৰ সময়তো বিষ অনুভৱ কৰিব পাৰে (Dyspareunia)৷
  • প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ হ’ব পাৰে (Dysuria)৷
  • কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব পাৰে ৷
  • পেটত ফুলা,বমি বা ওকট পাকট লগা যেন অনুভৱ কৰিব পাৰে (Nausea/vomiting)৷
  • বিষাক্ত শৌচ (Dyschezia) ৷
  • আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে ৷

ডিম্বাশয় ফাটি যোৱা: কোনো কাৰণত ডিম্বাশয়ত হোৱা এই চিষ্ট ফাটি যাব পাৰে, যাৰ ফলত তীব্ৰ বিষ আৰু আভ্যন্তৰীণ ৰক্তক্ষৰণ হ’ব পাৰে ৷

বন্ধ্যাত্ব: চকলেট চিষ্টে বন্ধ্যাত্বৰ সৃষ্টি কৰিব পাৰে ৷

এণ্ডোমেট্ৰিয়াছিছ: চকলেট চিষ্ট এণ্ডোমেট্ৰিয়াছিছৰ লক্ষণ হ’ব পাৰে, যিটো গুৰুতৰ অৱস্থাত জৰায়ুৰ এই আৱৰণ শৰীৰৰ আন অংশলৈও বিয়পি পৰে ৷

সতৰ্কীকৰণ: এই প্ৰতিবেদনত কেৱল সাধাৰণ তথ্যহে দিয়া হৈছে ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত যদি কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

https://www.ncbi.nlm.nih.gov/books/NBK559230/

লগতে পঢ়ক: চিকিৎসকৰ মতে মহিলাসকলৰ PCODৰ সমস্যাৰ কাৰণ কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.