ETV Bharat / entertainment

ভিডিঅ’বাৰ্তা যোগে চৰকাৰক কি নতুন আইডিয়া দিলে জুবিনে ? - DIGHALIPUKHURI TREES

গছ কটাক লৈ ভিডিঅ’ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কণ্ঠশিল্পী জুবিন গাৰ্গৰ । চৰকাৰলৈ এক বিশেষ অনুৰোধ কণ্ঠশিল্পীগৰাকীৰ ।

zubeen garg appeals assam government to find alternate ways to construct flyover except cutting dighalipukhuri trees
কণ্ঠশিল্পী জুবিন গাৰ্গ (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : Nov 1, 2024, 4:05 PM IST

গুৱাহাটী : উন্নয়নৰ কথাই যেতিয়া মানুহৰ টোপনি কাঢ়ি নিয়ে, সেই উন্নয়ন জানো কাম্য ? অসমত এতিয়া সৰ্বত্ৰে গছ কটাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে সাধাৰণ জনতা ৷ থকা-খোৱা, অহা-যোৱা সকলোবোৰৰ সুবিধাৰ বাবে কি যে কৰা নাই মানৱ সমাজে সেউজী ধৰণীৰ লগত !

ক্ৰমান্বয়ে সেউজী ধৰণীও আৰু সেউজী হৈ থকা নাই ৷ যি ফালেই দৃষ্টি যায়, সেই ফালেই কেৱল ওখ ওখ বিল্ডিং ৷ কংক্ৰিট হৈ পৰিছে চৌপাশৰ পৰিৱেশ ৷

পৰিৱেশ সংৰক্ষণৰ নামত চৰকাৰে বহু সময়ত বহু আঁচনি হাতত লৈছে যদিও সেইবোৰ ভৱিষ্যতে কেনেদৰে ফল দেখুৱাব, সেয়া সময়েহে ক’ব ৷ পিছে শেহতীয়াকৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বিষয়টো হ’ল গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ সেই বিশাল গছকেইজোপা, য’ত কোপদৃষ্টি পৰিছে শাসক পক্ষৰ ৷ গুৱাহাটীৰ মণিৰাম দেৱান পথ আৰু গোপীনাথ বৰদলৈ পথ সংযোগী নির্মীয়মাণ উৰণ সেতুৰ বাবে ইতিমধ্যে দীঘলীপুখুৰীৰ চৌপাশে থকা শত বছৰ পুৰণি গছবোৰ কাটিবলৈ জো-যা কৰিছে চৰকাৰে ৷ ইয়াকে লৈ চাৰিওফালে চলিছে প্ৰতিবাদ ৷

লগতে পঢ়ক : ওৰে নিশা দীঘলীপুখুৰীৰ পাৰৰ গছক পহৰা দিলে কটনিয়ানে; কোনো কাৰণতেই নিদিয়ে কাটিবলৈ

উন্নয়নৰ নামত গছকটাৰ বিৰুদ্ধে সৰ্বত্রে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এক ভিডিঅ’ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ জুবিন গাৰ্গৰ । কণ্ঠশিল্পীগৰাকীয়ে জোনালীস্থিত ষ্টুডিঅ’ত উপস্থিত থাকি গছ সংৰক্ষণ তথা ৰোপণ সন্দৰ্ভত সামাজিক মাধ্যম যোগে এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে । কণ্ঠশিল্পীগৰাকীয়ে কয়, “সম্প্রতি এটা হুলস্থূল চলি আছে গছকটাক লৈ বিভিন্ন স্থানত । দেখিছো ডাঙৰ ডাঙৰ গছ কাটি দিবলগীয়া হৈছে ৰাস্তা-ঘাট আদি নিৰ্মাণৰ বাবে । চৰকাৰে কৈছে যে আমি গছ কাটিছো যদিও বিভিন্ন ঠাইত গছ ৰুইছো । কিন্তু কিছুমান ঠাই আছে যেনে দীঘলীপুখুৰীৰ সেই পুৰণা গছখিনি । সেই গছখিনি আচলতে দীঘলীপুখুৰীৰ সৌন্দৰ্য । সেই গছখিনি কাটি যদি বেলেগ ঠাইত গছ ৰোৱেও দীঘলীপুখুৰীৰ সেই সৌন্দৰ্য ঘূৰি আহিবনে ? এইটো এটা ডাঙৰ প্রশ্ন ।”

ইয়াৰ সমান্তৰালকৈ কণ্ঠশিল্পীগৰাকীয়ে কয়, “কিছুদিন পূৰ্বে আগৰতলাত দেখিলো পুৰণা গছ নাকাটিবলৈ উৰণসেতুৰ আৰ্হি সলনি কৰা হৈছে । গতিকে সেইটো আমাৰ ইয়াতো সম্ভৱ বুলি মই ভাৱো । গতিকে মই চৰকাৰক এইটো আবেদন জনাইছো যে কিবা যদি বিকল্প আছে তেন্তে সেই বিকল্প গ্ৰহণ কৰক । যাতে দীঘলীপুখুৰীৰ সেই গছকেইজোপা আমি বচাব পাৰো । এয়া মোৰ লগতে সমগ্ৰ অসমবাসীৰ তৰফৰ পৰা অনুৰোধ ।”

গছকেইজোপা সংৰক্ষণৰ যি বিপ্লৱ চলিছে তাত সকলোকে সহযোগ কৰিবলৈ আহ্বান জনাই কণ্ঠশিল্পীগৰাকীয়ে । লগতে এখন উৰণসেতুৰ ফটো আপলোড কৰি উৰণসেতু কেনেদৰে নিৰ্মাণ কৰিব পাৰি তাৰ বিষয়েও অন্য এটা পোষ্ট কৰে কণ্ঠশিল্পীগৰাকীয়ে ।

লগতে পঢ়ক : পুৰণিক পাহৰি কেৱল নতুনৰ পাছত দৌৰাটোৱেই সূচায় নেকি প্ৰগতি ? অতীতলৈ ঘূৰি কি চাম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.