ETV Bharat / entertainment

মুম্বাই আৰক্ষীয়ে শেষ শ্ৰদ্ধা জনাব পংকজ উধাছক

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 3:49 PM IST

Pankaj Udhas Funeral: গজল সম্ৰাট পংকজ উধাছ আৰু নাই । আজি কণ্ঠশিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ব। কেতিয়া আৰু ক’ত হ’ব জানি লওক এই প্ৰতিবেদনত ।

Where and when will the funeral of Pankaj Udhas be held?
পংকজ উধাছৰ অন্ত্যেষ্টিক্ৰিয়া

চিটাৰা ডেস্ক, ২৭ ফেব্ৰুৱাৰী : আজি পঞ্চভূতত বিলীন হ’ব বলীউডৰ ‘গজল সম্ৰাট’ অৰ্থাৎ পংকজ উধাছ ৷ গজল সম্ৰাটগৰাকীৰ মৃত্যুৰ খবৰত মৰ্মাহত হৈছে লাখ লাখ অনুৰাগী । ইফালে শেষবাৰৰ বাবে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ বহু চেলিব্ৰিটি তেওঁৰ বাসগৃহত উপস্থিত হৈছে ।

উল্লেখ্য যে, ২৬ ফেব্ৰুৱাৰীত ইহলীলা সম্বৰণ কৰিছিল পংকজ উধাছে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ । ছ’চিয়েল মিডিয়াৰ জৰিয়তে সকলোকে এই তথ্য দিছিল তেওঁৰ কন্যাই । আজি বিয়লি ৩ৰ পৰা ৫ বজাৰ ভিতৰত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব । ইয়াৰ সম্পূৰ্ণ বিৱৰণ জানি লওক এই প্ৰতিবেদনত ৷

ক’ত হ’ব পংকজ উধাছৰ অন্ত্যেষ্টিক্ৰিয়া ?

পংকজ উধাছক সমগ্ৰ দেশে জনাইছে শ্ৰদ্ধাঞ্জলি । ইফালে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পৰ্কীয় তথ্যও পোহৰলৈ আহিছে । এই সন্দৰ্ভত পংকজ উধাছৰ কন্যাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে । য’ত তেওঁ লিখিছে, মুম্বাইৰ ৱৰলীৰ হিন্দু শ্মশানত আবেলি ৩ৰ পৰা ৫ বজাৰ ভিতৰত দেউতাৰ শেষ ৰীতি-নীতি সম্পন্ন কৰা হ’ব ।

মুম্বাই আৰক্ষীয়ে গজল সম্ৰাটক দিব শেষ চেলুট

বৰ্তমান পংকজ উধাছৰ মৃতদেহ মুম্বাইত থকা তেওঁৰ ঘৰত আছে । য’ৰ পৰা তেওঁক মুম্বাইৰ ৱৰলীৰ হিন্দু শ্মশানলৈ লৈ যোৱা হ’ব । ইয়াৰ বাবে পূজা আৰম্ভ হৈছে । গায়কজনৰ নশ্বৰদেহ হিন্দু শ্মশানলৈ নিয়াৰ পূৰ্বে মুম্বাই আৰক্ষীয়ে তেওঁক শেষ সন্মান জনাব আৰু তাৰ পিচত তেওঁক ত্ৰিৰংগাত মেৰিয়াই শেষ ৰীতি-নীতিৰ বাবে লৈ যোৱা হ’ব ।

এইসকল চেলিব্ৰিটিক দেখা গ’ল পংকজ উধাছৰ বাসগৃহত

এই সময়চোৱাত বহু বিশিষ্ট ব্যক্তি পংকজ উধাছৰ ঘৰত উপস্থিত হৈছে আৰু তেওঁক শেষবাৰৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । তবলাবাদক জাকিৰ হুছেইনকো দেখা গৈছে ৷ ইয়াৰ উপৰিও সুনীল গাভাস্কাৰ, বিদ্যা বালান, শংকৰ মহাদেৱনকে ধৰি বহু চেলিব্ৰিটিয়ে গজল সম্ৰাটগৰাকীক বিদায় দিবলৈ আহিছিল ।

গায়কীৰ বাবে ৫১ টকা প্ৰথম পুৰস্কাৰ পাইছিল

পিতৃ আৰু ভাতৃৰ পথ অনুসৰণ কৰি সংগীত জগতত ভৰি দিছিল পংকজ উধাছে । অৱশ্যে তেওঁ চিকিৎসক হ’ব বিচাৰিছিল । কিন্তু গীতে তেওঁ গজল সম্ৰাট কৰি তুলিলে । দীৰ্ঘদিনীয়া কেৰিয়াৰত পংকজ উধাছে পদ্মশ্ৰী বঁটাৰ দৰে বহু ডাঙৰ বঁটাও লাভ কৰিছিল ।

লগতে পঢ়ক: আজি পঞ্চভূতত বিলীন হ’ব পংকজ উধাছ, কন্যাই শ্বেয়াৰ কৰিলে আবেগিক পোষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.