ETV Bharat / entertainment

টকা উপাৰ্জনৰ বাবে কেৰিয়াৰৰ আৰম্ভণিত ছুইপাৰৰ কাম কৰিছিল স্মৃতি ইৰাণীয়ে - Smriti Irani recalls struggle days

Smriti Irani Life Struggles: শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত স্মৃতিয়ে নিজৰ কেৰিয়াৰৰ প্ৰথম দিনবোৰৰ কথা মনত পেলাই কয় যে কাম পোৱাৰ পূৰ্বে বহু প্ৰত্যাখ্যানৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

Smriti Irani recalls her early life struggles
লুকৰ বাবেই একতাই ৰিজেক্ট কৰিছিল স্মৃতি ইৰাণীক
author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 2:23 PM IST

চিটাৰা ডেস্ক, ১৩ মাৰ্চ: টিভি অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা স্মৃতি ইৰাণীয়ে বৰ্তমান ৰাজনীতিৰ ক্ষেত্ৰতখনত আলোড়নৰ সৃষ্টি কৰিছে । টিভি শ্ব’ ‘Kyunki Saas Bhi Kabhi Bahu Thi’ৰ নিজৰ চৰিত্ৰটোৰে স্মৃতিয়ে প্ৰতি ঘৰে ঘৰে এক সুকীয়া পৰিচয় বনাবলৈ সক্ষম হৈছিল ।

একতা কাপুৰে স্মৃতি ইৰাণীক ৰিজেক্ট কৰিছিল

শেহতীয়াকৈ স্মৃতিয়ে এই টিভি ধাৰাবাহিকখনত কেনেকৈ গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছিল সেই বিষয়ে শ্বেয়াৰ কৰিছে । এটা সাক্ষাৎকাৰত হোৱা কথা-বতৰাৰ সময়ত স্মৃতিয়ে নিজৰ কেৰিয়াৰৰ প্ৰথম দিনবোৰৰ কথা মনত পেলাই কয় যে কাম পোৱাৰ পূৰ্বে তেওঁ বহু প্ৰত্যাখ্যানৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

শৰীৰৰ ৰঙৰ বাবে প্ৰত্যাখ্যানৰ সন্মুখীন হৈছিল

প্ৰাৰম্ভিক সংগ্ৰামৰ কথা স্মৰণ কৰি স্মৃতি ইৰাণীয়ে কয় যে একতা কাপুৰে প্ৰথমবাৰৰ বাবে তেওঁক দেখাৰ সময়ত তেওঁক শ্ব’টোৰ বাবে ৰিজেক্ট কৰিছিল । অৱশ্যে পিচলৈ জ্যোতিষী এজনৰ পৰামৰ্শ মতে তেওঁক চহী কৰিছিল । তেওঁ সেই কথা মনত পেলাই কয়, ‘‘মই বহুবাৰ প্ৰত্যাখ্যানৰ সন্মুখীন হ’বলগীয়া হৈছিলো । মোৰ লুক আৰু আনকি মোৰ ৰঙৰ বাবেও মোক বহুবাৰ ৰিজেক্ট কৰা হৈছিল ।’’

স্মৃতি ইৰাণীৰ প্ৰথম চাকৰি

স্মৃতি ইৰাণীয়ে প্ৰকাশ কৰে যে প্ৰাৰম্ভিক দিনত তেওঁ প্ৰতিমাহে ১৮০০ টকা পাইছিল । মিছ ইণ্ডিয়াৰ বাবে নিৰ্বাচিত হোৱাৰ পিচত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তেওঁক ১ লাখ টকাৰ প্ৰয়োজন হৈছিল । এই ধনৰাশি তেওঁ দেউতাকৰ পৰা ধাৰ লৈছিল । স্মৃতিয়ে প্ৰকাশ কৰে যে প্ৰতিযোগিতাৰ সময়ত লাভ কৰা উপহাৰৰ পৰা ৪০ হাজাৰ টকা ঘূৰাই দিছিল । অৱশ্যে বাকী থকা টকাখিনি উভতাই দিবলৈ তেওঁ চাকৰি বিচাৰিব লগা হৈছিল ।

মেকড’নাল্ডছত ছুইপাৰ চাকৰি পাইছিল

স্মৃতি ইৰাণীয়ে লগতে কয় যে, ‘‘টকাৰ বাবে মই মেকড’নাল্ডছত ছুইপাৰ হিচাপে কাম কৰিছিলো, য’ত মই মাহে ১৮০০ টকা পাইছিলোঁ । এয়াই আছিল মোৰ প্ৰথম চাকৰি ।’’ স্মৃতিয়ে তেতিয়া সপ্তাহত ছয় দিন তাত কাম কৰিছিল আৰু ছুটীৰ দিনত অডিশ্যন দিছিল ।

উল্লেখ্য যে, স্মৃতি ইৰাণীয়ে ‘Kyunki Saas Bhi Kabhi Bahu Thi’ ধাৰাবাহিকৰ বাবেই প্ৰতি ঘৰে ঘৰে স্বীকৃতি লাভ কৰিছিল । ইয়াৰ পিচত তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিবলৈ এই ধাৰাবাহিকখনক বিদায় দিছিল ।

লগতে পঢ়ক: আমিৰ খান-ৰীনা দত্তৰ বিবাহ বিচ্ছেদৰ কাৰণ কিৰণ ৰাও নাছিল, খোদ প্ৰকাশ কৰিলে আমিৰৰ প্ৰাক্তন পত্নীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.