চিটাৰা ডেস্ক, ১৮ জুন : সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰ জগতক অতিক্ৰম কৰি সৰ্বাধিক পাৰিশ্ৰমিক লাভ কৰা অভিনেতা-অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে শ্বাহৰুখ খান আৰু দীপিকা পাডুকন । ফৰ্বছে আইএমডিবিৰ সহযোগত সৰ্বাধিক পাৰিশ্ৰমিক লাভ কৰা ভাৰতীয় চেলেব্ৰিটীৰ তালিকা প্ৰকাশ কৰিছে, য’ত শ্বাহৰুখ খান আৰু দীপিকা পাডুকন শীৰ্ষত আছ ৷
বলীউডৰ বিখ্যাত যুটিয়ে চলচ্চিত্ৰ উদ্যোগত উপাৰ্জনৰ ক্ষেত্ৰত সকলোকে পিছ পেলাই দিছে । শ্বাহৰুখ খান আৰু দীপিকা পাডুকনে বলীউডৰ লগতে দক্ষিণৰ চিনেমাৰ তাৰকাকো উপাৰ্জনৰ ক্ষেত্ৰত পিছ পেলাইছে । শ্বাহৰুখ খান আৰু দীপিকা পাডুকনে ২০২৪ বৰ্ষৰ সবাতোকৈ উপাৰ্জন কৰা তাৰকা হিচাপে আত্মপ্ৰকাশ কৰিছে । শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ পাচত এই উপাৰ্জনৰ তালিকাত কোন কোন তাৰকা আছে জানো আহক-
দীপিকা পাডুকন
বলীউডৰ ‘পদ্মাৱতী’ দীপিকা পাডুকনে এতিয়া গৰ্ভধাৰণৰ সময় উপভোগ কৰি আছে আৰু আগন্তুক ছেপ্টেম্বৰ মাহত প্ৰথমবাৰৰ বাবে মাতৃত্বৰ সোৱাদ লাভ কৰিব অভিনেত্ৰীগৰাকীয়ে । দীপিকাৰ সন্তানৰ বাবে আশাৰে বাট চাই ৰৈ থকা অনুৰাগীসকলৰ বাবে তাৰ আগতে আহিল এটা সুখবৰ ৷ ৰূপালী পৰ্দাৰ উপাৰ্জনৰ ক্ষেত্ৰত বহু আগবাঢ়ি গৈছে অভিনেত্ৰীগৰাকী । উপাৰ্জনৰ ক্ষেত্ৰত আলিয়া ভাট, কেটৰিণা কাইফ, ঐশ্বৰ্য ৰায়ৰ দৰে শীৰ্ষ অভিনেত্ৰীক অতিক্ৰম কৰিছে দীপিকাই ।
আইএমডিবিৰ সহায়ত ফৰ্বছৰ তালিকা অনুসৰি দীপিকাই এখন ছবিৰ বাবে ১৫ ৰ পৰা ৩০ কোটি টকা পাৰিশ্ৰমিক হিচাপে লয়, যিটো এগৰাকী অভিনেত্ৰীৰ ক্ষেত্ৰত যথেষ্ট বেছি ।
কংগনা ৰনৌত আছে দ্বিতীয় স্থানত, যিয়ে ১৫ ৰ পৰা ২৭ কোটি টকা মাচুল লয় । ইয়াৰ পিচত, প্ৰিয়ংকা চোপ্ৰা আছে তৃতীয় স্থানত । প্ৰিয়ংকাই এখন চলচ্চিত্ৰৰ বাবে ১৫ ৰ পৰা ২৫ কোটি টকা লয় । কেটৰিণা কাইফে ১৫ ৰ পৰা ২০ কোটি টকা লয় আৰু তেওঁ তালিকাৰ চতুৰ্থ স্থানত আছে । আলিয়া তালিকাৰ পাঁচ নম্বৰত আছে আৰু তেওঁ এখন চলচ্চিত্ৰৰ বাবে ১০ ৰ পৰা ২০ কোটি টকা লয় ।
ইয়াৰ পিচত ক্ৰমান্বয়ে কৰীণা কাপুৰ খানে (৮ ৰ পৰা ১৮ কোটি), শ্ৰদ্ধা কাপুৰে (৭ ৰ পৰা ১৫ কোটি), বিদ্যা বালানে (৮ ৰ পৰা ১৪ কোটি), অনুষ্কা শৰ্মা আৰু ঐশ্বৰ্য ৰায়ে (৮ৰ পৰা ১২ কোটি) মাচুল লয় ।
শ্বাহৰুখ খান
সমান্তৰালকৈ বলীউড আৰু দক্ষিণৰ তাৰকাসকলক উপাৰ্জনৰ ক্ষেত্ৰত পিছ পেলাইছে শ্বাহৰুখ খানে । ফৰ্বছ আৰু আইএমডিবিৰ তথ্য অনুসৰি, শ্বাহৰুখ খানে (১৫০ ৰ পৰা ২৫০ কোটি), ৰজনীকান্তে (১৫০ ৰ পৰা ২১০ কোটি), থালাপতি বিজয়ে (১৩০ ৰ পৰা ২০০ কোটি), প্ৰভাসে (১০০ ৰ পৰা ২০০ কোটি) পাৰিশ্ৰমিক লয় ৷
আনহাতে ছলমান খানৰ নাম নাই শীৰ্ষ ৫ টা স্থানৰ ভিতৰত ৷ আমিৰ খানে (১০০ ৰ পৰা ১৭৫ কোটি), ছলমান খানে (১০০ ৰ পৰা ১৫০ কোটি), কমল হাছানে (১০০ ৰ পৰা ১৫০ কোটি), আল্লু অৰ্জুনে (১০০ ৰ পৰা ১২৫ কোটি) মাচুল লয় । অক্ষয় কুমাৰে এখন চলচ্চিত্ৰৰ বাবে (৬০ ৰ পৰা ১৪৫ কোটি) লয় আৰু দক্ষিণৰ চুপাৰষ্টাৰ অজিতে (১০৫ কোটি) মাচুল লৈ ১০ নম্বৰত স্থান দখল কৰিছে ।
ইটিভি ইণ্ডিয়াই এই উপাৰ্জনৰ পৰিসংখ্যা নিশ্চিত নকৰে ।
লগতে পঢ়ক : মুক্তি পালে কল্কি ২৮৯৮ এডিৰ প্ৰথমটো গীত : সম্পূৰ্ণ ভিডিঅ’টো চাওক - Kalki 2898 AD First Single