ETV Bharat / entertainment

যুগ্ম জীৱনৰ 2 টা বছৰ সম্পূৰ্ণ কৰিব ৰণবীৰ আৰু আলিয়াই - Ranbir Alia Wedding Anniversary

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 5:15 PM IST

Ranbir Kapoor and Alia Bhatt Second Wedding Anniversary : 14 এপ্ৰিলত বিটাউনৰ জনপ্ৰিয় লাভবাৰ্ড ৰণবীৰ আৰু আলিয়াৰ দ্বিতীয় বিবাহ বাৰ্ষিকী ৷ ইজনৰ আনজনৰ প্ৰতি থকা মৰম-ভালপোৱাৰ বাবে সকলোৰে মাজত খুবেই জনপ্ৰিয় এই যুটিটো ৷

Ranbir Kapoor and Alia Bhatt Second Wedding Anniversary
যুগ্ম জীৱনৰ 2 টা বছৰ সম্পূৰ্ণ কৰিলে ৰণবীৰ আৰু অলিয়াই

চিটাৰা ডেস্ক, 13 এপ্ৰিল : ইখনৰ পিচত সিখনকৈ হিট ছবি অনুৰাগীলৈ উপহাৰ দি থকা বলীউডৰ তাৰকা দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে তেওঁলোকৰ যুগ্মজীৱনৰ 2 টা বছৰ অতিক্ৰম কৰিছে ৷ 14 এপ্ৰিলত তাৰকা দম্পতীটোৱে বিবাহবাৰ্ষিকী উদযাপন কৰিব ৷

আলিয়া ভাটৰ অন্তিমখন হিট ছবি ৰকী ঔৰ ৰাণী কি প্ৰেম কাহানী, আনহাতে ৰণবীৰ কাপুৰে এনিমেল চলচ্চিত্ৰৰ সৈতে বক্স অফিচ জোকাৰি গৈছিল । বৰ্তমান আলিয়া ভাটে প্ৰযোজক হিচাপে কেইবাখনো চলচিত্ৰত কাম কৰি আছে ৷ আনহাতে ৰণবীৰ কাপুৰে ৰামায়ণ চলচ্চিত্ৰত ৰামৰ চৰিত্ৰত অভিনয় কৰি আছে বুলি জানিব পৰা গৈছে ।

কেতিয়া পৰস্পৰক লগ পাইছিল দম্পতীটোৱে :

২০১৭ ৰ পৰা ২০১৮ চনৰ মাজভাগত অয়ন মুখাৰ্জীৰ ব্ৰহ্মাস্ত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত দম্পতীটোৱে প্ৰথমে পৰস্পৰক লগ পাইছিল ৷ শ্বুটিঙৰ সময়ত, দুয়োৰে মাজৰ ঘনিষ্ঠতা বাঢ়ি গৈ আছিল আৰু তাৰ পিচত ৰণবীৰে আলিয়াক ফিল্মী ষ্টাইলত আঁঠু কাঢ়ি প্ৰেমৰ প্ৰস্তাৱ দিছিল । ব্ৰহ্মাস্ত্ৰ ছবিখন নিৰ্মাণ কৰাৰ 5 বছৰত দুয়োৰে মাজত সম্পৰ্ক ইমানেই গাঢ় হৈ উঠিছিল যে বিবাহৰ পূৰ্বেই আলিয়া গৰ্ভৱতী হৈছিল ৷ ছবিখন ২০২২ চনৰ ৯ ছেপ্টেম্বৰত মুক্তি দিয়া হৈছিল ।

ব্ৰহ্মাস্ত্ৰৰ মুক্তিৰ পূৰ্বে ৰণবীৰ-আলিয়াই 14 এপ্ৰিল 2022 ত ৰাজকীয় শৈলীত বিবাহপাশত আৱদ্ধ হৈছিল । বিবাহৰ আঢ়ৈ মাহৰ পিচত, অৰ্থাৎ 27 জুন, 2022 ত আলিয়াই চিকিৎসালয়ৰ পৰা চোনোগ্ৰাফী (গৰ্ভধাৰণ পৰীক্ষা)ৰ এখন ফটো শ্বেয়াৰ কৰিছিল আৰু অনুৰাগীসকলক গৰ্ভধাৰণৰ ভাল খবৰটো দিছিল । ইয়াৰ পিচত, সামাজিক মাধ্যমত ব্যৱহাৰকাৰীসকলে বিবাহৰ আগতে আলিয়াই গৰ্ভৱতী হোৱাৰ বাবে উপহাসো কৰিছিল ৷

2022 চনৰ 5 নৱেম্বৰত, আলিয়া ভাটে এগৰাকী কন্যা সন্তান জন্ম দিয়ে । দম্পতীটোৰ কন্যা ৰাহা বৰ্তমান ডেৰ বছৰীয়া । ৰণবীৰ আৰু আলিয়াই বিগত বৰ্ষৰ খ্ৰীষ্টমাছৰ দিনা তেওঁলোকৰ কন্যাৰ মুখ বিশ্ববাসীৰ আগত দেখুৱাইছিল ৷

লগতে পঢ়ক: কন্যাৰ সৈতে নৱবৰ্ষ উদযাপন কৰি মুম্বাইলৈ উভতিল ৰণবীৰ-আলিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.