ETV Bharat / entertainment

জন্মদিনত অভিনেতালৈ চিত্ৰ নিৰ্মাতাৰ উপহাৰ - Ajay Devgn Birthday - AJAY DEVGN BIRTHDAY

Maidaan trailer : বিগত মাহত ময়দানৰ নিৰ্মাতাই ছবিখনৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিছিল ৷ আজি অজয় দেৱগণৰ জন্মদিন উপলক্ষে তেওঁ অভিনীত Maidaan ছবিখনৰ অন্তিমটো ট্ৰেইলাৰ নিৰ্মাতাই শ্বেয়াৰ কৰি অভিনেতাজনলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷

On Ajay Devgn's Birthday, Makers Drop Maidaan's Final Trailer
Maidaan ছবিখনৰ অন্তিমটো ট্ৰেইলাৰ
author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 3:10 PM IST

চিটাৰা ডেস্ক, 2 এপ্ৰিল : মঙলবাৰে অভিনেতা অজয় দেৱগণে তেওঁৰ 55 সংখ্যক জন্মদিন উদযাপন কৰিছে ৷ তেওঁ অভিনীত ছবি ময়দানে মুকলিৰ পূৰ্বেই ইতিমধ্যে বহু চৰ্চা লাভ কৰিছে ৷ ছবিখনে এই বছৰতে মুক্তি লাভ কৰাৰ কথা ৷ অজয় দেৱগণৰ অনুৰাগীৰ মাজত এই ছবিখনকলৈ যথেষ্ট চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷ আত্মজীৱনীমূলক ছবিখনৰ নিৰ্মাতাই ইতিমধ্যে ছবিখনৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ শ্বেয়াৰ কৰি দৰ্শকৰ মাজত উৎসুকতা বজাই ৰাখিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শেহতীয়াকৈ মুকলি কৰা ট্ৰেইলাৰটোৱে কাহিনীটোৰ এক আভাস প্ৰদান কৰিছে ৷ ভাৰতীয় ফুটবলৰ কিংবদন্তি প্ৰশিক্ষক চৈয়দ আব্দুল ৰহিমৰ জীৱনৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে ৷ প্ৰিয়মণি আৰু গজৰাজ ৰাৱক গুৰুত্বপূৰ্ণ ভূমিকাত দেখিবলৈ পোৱা যাব ৷ আজি অজয়ৰ জন্মদিনত নিৰ্মাতাসকলে ছবিখনৰ ফাইনেল ট্ৰেইলাৰটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে ।

মঙলবাৰে ইনষ্টাগ্ৰামত অজয় দেৱগণে চূড়ান্ত ট্ৰেইলাৰটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে । এই ট্ৰেইলাৰটোত প্ৰশিক্ষক এছ আব্দুল ৰহিম আৰু তেওঁৰ ভাৰতীয় ফুটবল দলটোৱে ফুটবলৰ ক্ষেত্ৰখনত ইতিহাস সৃষ্টি কৰাৰ লক্ষ্যৰে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানসমূহ প্ৰদৰ্শন কৰা হৈছে । এই অসাধাৰণ ব্যক্তিত্বৰ যাত্ৰাৰ পৰা প্ৰেৰণা লৈ, ছবিখনত প্ৰশিক্ষক চৈয়দ আব্দুল ৰহিমৰ কাহিনী বৰ্ণনা কৰা হৈছে, যাৰ অক্লান্ত নিষ্ঠা আৰু জাতিটোক উন্নীত কৰাৰ প্ৰবল ইচ্ছাই ভাৰতবাসীক অপৰিসীম গৌৰৱৰ সান্নিধ্য দিছিল ৷ এই ছবিখনত এটা অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী বাহাৰুল ইছলামে ৷ 83, ভেড়িয়া আদিকে ধৰি ইতিমধ্যে বলীউডৰ বহুকইখন ছবিত অভিনয় কৰা বাহাৰুল ইছলাম সম্প্ৰতি মুম্বাইৰ এগৰাকী ব্যস্ত শিল্পী ৷ মঙলবাৰে যশস্বী শিল্পীগৰাকীয়ে Maidaan ক লৈ যথেষ্ট আশাবাদী বুলিও মন্তব্য কৰে ৷

ট্ৰেইলাৰটো শ্বেয়াৰ কৰি অজয়ে লিখিছে, "দিল এক, সমাজ এক, চোছ এক ! 10 এপ্ৰিলত চিনেমাগৃহত এছ.এ. ৰহিম আৰু তেওঁৰ #TeamIndia আহক #Maidaan লৈ অকথিত সঁচা কাহিনীৰ সাক্ষী হওঁক! #MaidaanFinalTrailer আউট নাও !"

অমিত ৰবিন্দৰনাথ শৰ্মাৰ পৰিচালনাত নিৰ্মিত ময়দান এখন ক্ৰীড়া নাটক য’ত অজয় দেৱগণে আধুনিক ভাৰতীয় ফুটবলৰ প্ৰশিক্ষক হিচাপে বিখ্যাত চৈয়দ আব্দুল ৰহিমৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈকে ভাৰতীয় ফুটবলৰ সোণালী সময়ছোৱাক কেন্দ্ৰ কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে ৷ অজয় দেৱগণৰ উপৰিও ময়দানৰ কলাকুশলীসকলৰ ভিতৰত আছে প্ৰিয়মণি, গজৰাজ ৰাও আৰু বাঙালী অভিনেতা ৰুদ্ৰনীল ঘোষ । জি ষ্টুডিঅ’ এণ্ড বেভিউ প্ৰজেক্টছ আৰু ফ্ৰেছ লাইম ফিল্মছৰ দ্বাৰা উপস্থাপিত এই চিত্ৰনাট্যখনৰ ৰচনা কৰিছে ছাইৱিন কোৱাড্ৰাছে, সংলাপ লিখিছে ৰিতেশ শ্বাহে । ছবিখনৰ সংগীত সুৰ কৰিছে এ আৰ ৰহমানে, গীতৰ কথা মনোজ মুন্টাশ্বিৰ শুক্লাৰ । জি ষ্টুডিঅ’, বনি কাপুৰ, অৰুণাভা জয় সেনগুপ্তা আৰু আকাশ চাওলাৰ দ্বাৰা বেংকৰোল কৰা ময়দান এপ্ৰিল 2024 ৰ ঈদত ৰূপালী পৰ্দাত মুক্তি পাব ৷ আইমেক্স ফৰ্মেটত অতিৰিক্ত স্ক্ৰীণিংৰ সৈতে দৰ্শকে আনন্দেৰে চলচ্চিত্ৰখন উপভোগ কৰিব পাৰিব ।

লগতে পঢ়ক : 55 বছৰ বয়সত অজয় দেৱগণৰ হাতত আছে ঈৰ্ষণীয় ছবিৰ তালিকা - Ajay Devgn Birthday

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.