ETV Bharat / entertainment

পূৰ্বে কেতিয়াও নেদেখা এটি অদ্ভূত কাহিনী, আপুনি চালেনে হৰৰ কমেডী ছবি মুঞ্জ্যা ? - Munjya Box Office Collection Day 4

author img

By ETV Bharat Entertainment Team

Published : Jun 11, 2024, 1:40 PM IST

Munjya Box Office Collection Day 4: যদি আপুনি হৰৰ কমেডী ছবি মুঞ্জ্যা যদি এতিয়াও চোৱা নাই তেন্তে এতিয়াই চাই লওক কাৰণ এই ছবিখনে বৰ্তমান বক্স অফিচত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । লগতে ইয়াত অভিনয় কৰা কলা-কুশলীসকলৰ অভিনয়েও সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে ৷ দক্ষিণৰ ছবি হনুমেন ছবিখনৰ দৰেই আশা কৰাতকৈও অধিক মনোৰঞ্জন দিছে মুঞ্জ্যা ছবিখনে ।

Munjya Box Office Collection Day 4 Low Budget Horror Comedy ruling like  Teja Sajja Hanu Man
পূৰ্বে কেতিয়াও নেদেখা এটি অদ্ভূত কাহিনী, আপুনি চালেনে হৰৰ কমেডী ছবি মুঞ্জ্যা ? (INSTAGRAM)

চিটাৰা ডেস্ক, 11 জুন: বৰ্তমান ছ’চিয়েল মিডিয়াত খুবেই চৰ্চিত হৈছে মুঞ্জ্যা ৷ দখল কৰিবলৈ সক্ষম হৈছে ছবি মুঞ্জ্যাই ৷ জনাই দিও যে, মুঞ্জ্যা এখন হৰৰ কমেডী ছবি ৷ শৰ্বাৰী ৱাফ, মোনা সিং আৰু অভয় বাৰ্মাৰ দৰে কম জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী দ্বাৰা অভিনীত ছবি মুঞ্জ্যাই বক্স অফিচত এক বিস্ফোৰণ সৃষ্টি কৰিছে ৷

মাত্ৰ ৩০ কোটি টকাৰ বাজেটেৰে নিৰ্মিত ছবি মুঞ্জ্যাই মাত্ৰ চাৰিদিনতে নিজৰ বাজেটৰ কাষ চাপিবলৈ সক্ষম হৈছে ৷ দক্ষিণ চিনেমাৰ ছবি হনু-মেনৰ দৰেই মুঞ্জ্যাই দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

সামান্য ৪০ কোটি টকাৰ বাজেটেৰে নিৰ্মিত হনু-মেন ছবিখনে বিশ্বব্যাপী বক্স অফিচত ৩০০ কোটিতকৈও অধিক টকা সংগ্ৰহ কৰিছিল ৷ এতিয়া মুঞ্জ্যাইও যেন হনু-মেনৰ পথ অনুসৰণ কৰিছে ৷

মুঞ্জ্যাৰ চতুৰ্থ দিনৰ সংগ্ৰহ

উল্লেখ্য যে, ৭ জুনত মুক্তিলাভ কৰা ছবি মুঞ্জ্যা আৰু ছবিখনে ৪ কোটি টকাৰে নিজৰ যাত্ৰা আৰম্ভ কৰে ৷ একে সময়তে শনিবাৰে অৰ্থাৎ দ্বিতীয় দিনা ছবিখনে বক্স অফিচত ৭.২৫ কোটি টকাৰ বাম্পাৰ এমাউণ্ট লাভ কৰিছিল ৷ দেওবাৰে অৰ্থাৎ তৃতীয় দিনা ছবিখনে ৮ কোটি টকাৰ বিপুল সংগ্ৰহ কৰিছিল ৷

একে সময়তে যদি বাতৰিত বিশ্বাস কৰা হয় তেন্তে চতুৰ্থ দিনতো ছবিখনে ভালেখিনি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ চতুৰ্থ দিনটোত ছবিখনে সংগ্ৰহ কৰিছে ৪ কোটি টকা ৷ একে সময়তে মুঞ্জ্যাৰ চাৰিদিনীয়া ঘৰুৱা সংগ্ৰহৰ পৰিমাণ অতিক্ৰম কৰিছে ২৩.২৫ কোটি টকা ৷ মিডিয়া ইণ্ডাষ্ট্ৰি ট্ৰেকাৰ চেকনিল্কত চাবলৈ গ’লে ছবিখনে এতিয়ালৈকে ২৭.৪৫ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ যিটো তেওঁলোকৰ বাজেটৰ একেবাৰে ওচৰা-উচৰি ৷

মুঞ্জ্যাৰ কাহিনী

মেডদক ফিল্মছৰ বেনাৰত নিৰ্মিত এই হৰৰ কমেডী ছবি মুঞ্জ্যাৰ পৰিচালনা কৰিছে আদিত্য সৰ্পতদাৰে ৷ ষ্ট্ৰী (২০১৮), ৰুহি (২০২১) আৰু ভেড়িয়া (২০২২)ৰ পিচত মেডদক ফিল্মছে নিজৰ হৰৰ কমেডী ইউনিভাৰ্চ মুঞ্জিয়াক প্ৰযোজনা কৰিছে ৷ উল্লেখ্য যে, চাফেড, এ ৱতন মেৰে ৱতনৰ দৰে ছবিত নিজৰ শক্তিশালী অভিনয়েৰে দৰ্শকৰ অন্তৰ জিনা নৱাগত অভিনেতা অভয় বাৰ্মাৰ অভিনয়ৰ সকলোৱে সলাগ লৈছে ৷

পুনে আৰু মহাৰাষ্ট্ৰৰ কৌংকন অঞ্চলৰ চেটুকৱাড়ী নামৰ এখন ঠাইত স্থাপিত মুঞ্জ্যা ভাৰতীয় আস্থা আৰু সংস্কৃতিৰ জগতখনৰ পৰা অহা ব্ৰহ্মৰাক্ষস (মুঞ্জ্য)ৰ ওপৰত আধাৰিত এটি কাহিনী ৷ য’ত মুঞ্জ্যাই নিজৰ আধৰুৱা ভালপোৱাৰ সন্ধান বিচাৰিবলৈ বিট্টু (অভয় বাৰ্মা)ৰ সহায় লয় বাকী মোনা সিং আৰু দক্ষিণ ভাৰতৰ কটপ্পা হিচাপে খ্যাত সত্যৰাজৰ হাস্যৰসিক অভিনয় উপভোগ কৰিবলৈ আপোনালোকে চাব লাগিব ছবি মুঞ্জ্যাক ৷

লগতে পঢ়ক: ধৰ্মক লৈ ট্ৰ’ল কৰাসকলক ছাৰা আলী খানে দিলে উপযুক্ত প্ৰত্যুত্তৰ - Sara Ali Khan on trolls

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.