ETV Bharat / entertainment

প্ৰীতি মেচ খেলিবলৈ গৈ উভতি আহিবলগীয়া হ’ল মুনাৱাৰ ফাৰুকী - MUNAWAR FARUQUI DEATH THREAT

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 1:43 PM IST

Munawar Faruqui : মুনাৱাৰ ফাৰুকীয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছে ৷ তেওঁ থকা হোটেলখনত কোনো লোকে অনুসন্ধান চলোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ কৌতুক অভিনেতাজন দিল্লীৰ পৰা মুম্বাইলৈ উভতি আহিছে ৷

munawar faruqui gets death threat in delhi during ecl match retuns to mumbai from delhi
মুনাৱাৰ ফাৰুকী (Etv Bharat)

চিটাৰা ডেস্ক, 18 ছেপ্টেম্বৰ : দিল্লীত মুনাৱাৰ ফাৰুকীক হত্যা কৰাৰ পৰিকল্পনা চলি আছিল । এই বিষয়ে দিল্লী আৰক্ষীয়ে জানিব পাৰি তেওঁ হোটেলখনলৈ গৈ তদন্ত কৰে আৰু মুনাৱাৰ ফাৰুকী ততাতৈয়াকৈ দিল্লীৰ পৰা মুম্বাইলৈ ৰাওনা হয় ।

বিগ বছ 17 ৰ বিজয়ী আৰু ষ্টেণ্ডআপ কমেডিয়ান মুনাৱাৰ ফাৰুকীয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছে । মুনাৱাৰ যোৱা কেইদিনমানৰ পৰা দিল্লীত আছিল আৰু মৃত্যুৰ ভাবুকি পোৱাৰ পিছত লগে লগে মুম্বাইলৈ উভতি আহিছে । মুনাৱাৰৰ ভাবুকিৰ ক্ষেত্ৰত দিল্লী আৰক্ষীয়ে এটা ইনপুট লাভ কৰিছিল । দিল্লী আৰক্ষীয়ে লাভ কৰা এই ইনপুটত এইটো তথ্য আছিল যে মুনাৱাৰক হত্যা কৰাৰ পৰিকল্পনা চলি আছিল । ইয়াৰ বাবে কিছুমান লোকক তেওঁ থকা হোটেলখনলৈ প্ৰেৰণ কৰা হৈছিল ।

মুনাৱাৰ এখন হোটেলত বিতৰ্কিত ইউটিউবাৰ এলভিছ যাদৱৰ সৈতে দিল্লীত আছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দিল্লী আৰক্ষীয়ে শনিবাৰে নিশাই এই তথ্য লাভ কৰিছিল । দিল্লী আৰক্ষীয়ে এটা গুলীচালনাৰ ঘটনাৰ তদন্ত কৰি আছিল । জেৰাৰ সময়ত সন্দেহযুক্ত লোকসকলে এই আচৰিত কথা প্ৰকাশ কৰিছিল । তেওঁলোকে আৰক্ষীক জনাই যে তেওঁলোকে দিল্লীৰ হোটেল সূৰ্যৰ অনুসন্ধানৰ নিৰ্দেশনা লাভ কৰিছিল, য'ত মুনাৱাৰ যাদৱৰ সৈতে আছিল । এই তথ্যৰ পিছত দিল্লী আৰক্ষী আই জি আই ইণ্ডোৰ ষ্টেডিয়াম আৰু হোটেলত উপস্থিত হয় আৰু অনুসন্ধান আৰম্ভ কৰে । মুনাৱাৰ এই হোটেলখনৰ প্ৰথম মহলাত আছিল ।

এণ্টাৰটেইনাৰ্ছ ক্ৰিকেট লীগ (Entertainers Cricket League)ত প্ৰীতি মেচ খেলিবলৈ দিল্লীৰ আই জি আই ষ্টেডিয়ামলৈ গৈছিল মুনাৱাৰ । 13 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই লীগ 22 ছেপ্টেম্বৰলৈকে চলিব । মেচ খেলিবলৈ গৈ ভাবুকিৰ সন্মুখীন হোৱা মুনাৱাৰ ফাৰুকীৰ এতিয়া দিল্লীত থকাটো নিৰাপদ নহয় আৰু তেওঁক এতিয়া মুম্বাইলৈ প্ৰেৰণ কৰা হৈছে । উল্লখ্য যে, কিছু সময়ৰ পৰা মুনাৱাৰ ফাৰুকীয়ে বাৰে বাৰে এই ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে ।

লগতে পঢ়ক : প্ৰথম প্ৰজেক্টৰ বাবে পিতৃতকৈয়ো আগত ভাইজানৰ হে কাষ চাপিল নেকি আৰিয়ান ! - Aryan Khan first direction

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.