ETV Bharat / entertainment

খাদ্যৰ বিষক্ৰিয়াত ভোগা জাহ্নৱী কাপুৰক চিকিৎসালয়ৰ পৰা অব্যাহতি - JANHVI KAPOOR

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 10:41 PM IST

Janhvi Kapoor Food Poisoning: বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে । জাহ্নৱীৰ পিতৃ তথা চলচ্চিত্ৰ নিৰ্মাতা বনী কাপুৰে এই কথা সদৰী কৰে ৷ সম্প্ৰতি নিজ ঘৰতে আছে অভিনেত্ৰীগৰাকী ৷

JANHVI KAPOOR
বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ (ANI)

চিটাৰা ডেস্ক, 21 জুলাই: দেশৰ সকলোৰে দৃষ্টি আৱদ্ধ থকা অনন্ত-ৰাধিকাৰ বিবাহ অনুষ্ঠানৰ পিছতে খাদ্যৰ বিষক্ৰিয়াত ভূগিছিল বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ ৷ যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয় অভিনেত্ৰীগৰাকীক ৷

মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা জাহ্নৱী সম্প্ৰতি সুস্থ হৈ উভতিছে ঘৰলৈ । জাহ্নৱীৰ পিতৃ তথা চলচিত্ৰ পৰিচালক বনী কাপুৰে নিশ্চিত কৰিছে এই তথ্য ৷ প্ৰায় দুদিন চিকিৎসা গ্ৰহণৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতে বলীউডৰ অভিনেত্ৰীগৰাকী ৷

এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত চলচ্চিত্ৰ নিৰ্মাতা বনী কাপুৰক জাহ্নৱীৰ স্বাস্থ্যৰ বিষয়ে সোধাত পিতৃয়ে এই তথ্য সদৰী কৰে ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জাহ্নৱী কাপুৰে এই সময়ছোৱাত অনুৰাগীসকলৰ পৰা যথেষ্ট মৰম পাইছিল । তদুপৰি অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে প্ৰেমিক শিখৰ পাহাৰিয়াইও অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যৰ যত্ন লৈছিল ।

অভিনেত্ৰীগৰাকীক শীঘ্ৰেই ৰাষ্ট্ৰীয় বঁটা বিজয়ী সুধাংশু চাৰিয়াৰ পৰিচালিত জাংগেল মে'ত দেখা যাব । ছবিখনত গুলচন দেৱায় আৰু ৰোশন মেথিউয়েও অভিনয় কৰিছে । কিছুদিন আগতে নিৰ্মাতাসকলে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰিছিল । ট্ৰেইলাৰত জাহ্নৱীয়ে সুহানা ভাটিয়াৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে, যি দেশৰ আটাইতকৈ কনিষ্ঠ উপায়ুক্ত ।

ট্ৰেইলাৰত দেখুওৱা হৈছে যে, সাধাৰণ লোকসকলে সুহানাক স্বজন-পোষণৰ অংশ বুলি বিবেচনা কৰে, যি এই পদৰ বাবে যোগ্য নহয় । চলিত বছৰৰ 2 আগষ্টত ছবিখনে মুক্তি লাভ কৰিব ৷

পৰৱৰ্তী সময়ত জাহ্নৱীক কৰণ জোহৰৰ ছবিত দেখাৰ সম্ভাৱনা আছে ৷ অভিনেত্ৰীগৰাকীৰ সৈতে এই ছবিত অভিনয় কৰিব ঈশান খট্টৰে ৷ ধড়কৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰা দুয়োগৰাকী তাৰকাই নীৰজ ঘাইৱানৰ মুক্তি লাভ কৰিবলগীয়া ছবিত অভিনয় কৰিব, যিখন চলিত বছৰৰে অক্টোবৰত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে ৷ এই ছবিখনত অভিনেতা বিশাল জেঠৱাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷

লগতে পঢ়ক: অনন্ত-ৰাধিকাৰ বিবাহৰ পিচতে খাদ্য বিষক্ৰিয়াত ভুগিছে জাহ্নৱী কাপুৰ : আপুনিও বাৰিষাকালত নকৰিব এই ভুল - Janhvi Kapoor

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.