ETV Bharat / entertainment

হালোৱা পুৰি খাই কৰিলে ইকাতি-সিকাতি...কাৰাগাৰত এনেদৰে এলভিছে পাৰ কৰিলে এটা ৰাতি

Elvish Yadav: ইউ টিউবাৰ আৰু বিগ বছ অ’টিটি খ্যাত এলভিছ যাদৱ সাপৰ বিষৰ গোচৰত জড়িত হৈ পৰাৰ ফলত যেন আৰু অধিক বিপদত পৰিবলৈ গৈ আছে । এই বিষয়ত নয়ডা আৰক্ষীয়েও এলভিছক কেইবাবাৰো জেৰা চলাইছে । পিচে এলভিচ যাদৱে প্ৰথম নিশা জেলত কেনেদৰে কটালে জানেনে ?

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 7:35 PM IST

Elvish Yadav spent his first night in jail no special treatment and sleepless night
হালোৱা পুৰি খাই কৰিলে ইকাতি-সিকাতি...কাৰাগাৰত এনেদৰে এলভিছে পাৰ কৰিলে এটা ৰাতি

ইউটিউবাৰ তথা বিগ বছ OTT 2 বিজয়ী এলভিছ যাদৱ এই মুহূৰ্তত শিৰোনামত ৷ বৰ্তমান তেওঁ নয়ডা আৰক্ষীৰ জিম্মাত ৷ দেওবাৰে সূত্ৰৰ পৰা জানিব পৰা গৈছে যে এলভিছে পাৰ্টিত সাপৰ বিষৰ অৰ্ডাৰ দিয়াৰ কথা স্বীকাৰ কৰিছিল ৷ বৰ্তমান আদালতে তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষীৰ তথ্য অনুসৰি এই গোচৰত ৫ জন সাপৰ বেজক গ্ৰেপ্তাৰ কৰা হৈছে যিয়ে জেৰাৰ সময়ত স্বীকাৰ কৰিছিল যে, তেওঁ এলভিছ যাদৱৰ সংস্পৰ্শত আছিল ৷ অৱশ্যে এলভিছ যাদৱৰ জেলত থকা প্ৰথম নিশাটো ইকাতি-সিকাতি কৰিয়েই পাৰ হ’ল ৷

এলভিছ যাদৱক লাক্সাৰ জেলৰ আইছ’লেশ্যন ৱাৰ্ডত ৰখা হৈছে ৷ য'ত তেওঁ মাটিত শুব লগা হৈছিল ৷ সূত্ৰ অনুসৰি এলভিছ যাদৱে জেলত গোটেই ৰাতিটো শুব পৰা নাছিল আৰু অতিশয় বিচলিত যেন অনুভৱ কৰিছিল ৷

এলভিছৰ জেলত প্ৰথম নিশাটো কেনেকৈ পাৰ হ’ল ?

গ্ৰেপ্তাৰৰ পিছত জেললৈ পোৱা এলভিছ যাদৱৰ প্ৰথম নিশাটো ইকাতি-সিকাতি কৰিয়েই পাৰ হ’ল ৷ সূত্ৰ অনুসৰি তেওঁক অতি বিচলিত যেন লাগিছিল আৰু গোটেই ৰাতিটো টোপনি মৰা নাছিল ৷ আচলতে তেওঁ জেলত কোনো বিশেষ ভাল ব্যৱহাৰ পোৱা নাছিল ৷ দেওবাৰে মেনুৱেল অনুসৰি জেলৰ ভিতৰত পুৰী আৰু হালোৱা প্ৰস্তুত কৰা হৈছিল ৷ দেখা গ’ল যে এলভিছ যাদৱেও বিগত নিশা জেলত পুৰি খাইছিল ৷

বৰ্তমান নয়ডা আৰক্ষীয়ে এই বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে ৷ অৱশ্যে ইয়াৰ মাজতে এলভিছ যাদৱে আন এক ডাঙৰ জোকাৰণিৰ সন্মুখীন হৈছে ৷ জানিব পৰা গৈছে যে, সোমবাৰে অৰ্থাৎ আজি নয়ডাত অধিবক্তাৰ ধৰ্মঘট হৈছে, সেয়েহে এলভিছ যাদৱে জামিন লাভ কৰিবলৈ সময় লাগিব ৷ যাৰ পৰা স্পষ্ট হৈ পৰিছে যে তেওঁ হয়তো আৰু কেইদিনমান জেলত থাকিব লাগিব ৷

এলভিছ যাদৱক শেহতীয়াকৈ নয়ডা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ কিছুদিনৰ পূৰ্বে তেওঁক ৰেভ পাৰ্টিত দেখা গৈছিল ৷ য'ত ডিঙিত সাপ লৈ বন্ধু-বান্ধৱীৰ সৈতে নৃত্য পাৰ্টি কৰি আছিল ৷ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত অহাৰ লগে লগে আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে ৷ ইয়াৰ পিচত এলভিছ যাদৱৰ বিৰুদ্ধে ৰুজু হৈছিল এক গোচৰ ৷ পূৰ্বৰ জেৰাৰ সময়ত তেওঁ বিষয়টো মানি ল’বলৈ অস্বীকাৰ কৰিছিল ৷ কিন্তু বিগত দেওবাৰে এই ঘটনাৰ তেওঁ স্বীকাৰোক্তি দিবলগা হৈছিল ৷

লগতে পঢ়ক: পুনৰবাৰ বিপদত এলভিছ; নয়ডা আৰক্ষীয়ে চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ বিখ্যাত ইউটিউবাৰগৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.