ETV Bharat / entertainment

শীঘ্ৰেই এক ভৌতিক কাহিনী লৈ আপোনালোকৰ মাজলৈ ‘মায়া ৮.৮’ - Debangkar Borgohain upcoming film

Debangkar Borgohain: ‘চিকাৰ’ ৰ নিৰ্মাতাগোষ্ঠীৰ পৰৱৰ্তী নিবেদন, ‘মায়া ৮.৮’ । এক ভৌতিক কাহিনীৰ আধাৰত নিৰ্মাণ হ’বলগীয়া ছবিখনৰ চলিত বর্ষৰ শেষৰভাগৰ পৰাই আৰম্ভ হ’ব কাম ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

director Debangkar Borgohain announces his upcoming film Maya 8.8
নতুন ছবি (ETV Bharat Assam)

চিটাৰা ডেস্ক, ৭ অক্টোবৰ : চিকাৰৰ পাছত প্ৰযোজক গোষ্ঠীৰ পৰৱৰ্তী নিবেদন ‘মায়া ৮.৮’ । শেহতীয়াকৈ ‘চিকাৰ’ ৰ নিৰ্মাতাগোষ্ঠীৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে তেওঁলোকৰ আহিবলগীয়া নতুন ছবিখনৰ নাম । ২০২৫ বৰ্ষত মুক্তি পাবলগীয়া এই নতুন অসমীয়া ছবিখনৰ ঘোষণাৰ খবৰে এতিয়া উৎসাহিত কৰি তুলিছে অসমীয়া ছবি প্ৰেমী ৰাইজক । বিগ ফিল্মছ মিডিয়াৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া অসমীয়া ছবি ‘মায়া ৮.৮’ এক শিহৰণকাৰী ভৌতিক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হ’ব ।

কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীক লগত লৈ নিৰ্মাণ হ’বলগীয়া ‘মায়া ৮.৮’ ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰা হ’ব নৱেম্বৰ মাহৰ পৰা । ছবিখনৰ কাহিনী বিষ্ণুজ্যোতি সন্দিকৈৰ আৰু ইয়াত সংগীত কৰিব জুবিন গাৰ্গে । আনহাতে কাহিনী, সম্পাদনা আৰু পৰিচালনাৰ দায়িত্বত থাকিব দেৱাংকৰ বৰগোঁহাই । প্ৰযোজনা চেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যৰ ।

director Debangkar Borgohain announces his upcoming film Maya 8.8
নতুন ছবি ঘোষণা (ETV Bharat Assam)

ছবিখনৰ সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিক দিপাঞ্জলী শৰ্মাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত পৰিচালক দেৱাংকৰ বৰগোঁহায়ে জনাই ছবিখন সন্দৰ্ভত বহু কথা ।

ছবিখনৰ সন্দৰ্ভত পৰিচালকৰ মন্তব্য

“ছবিখনৰ পৰিকল্পনা দীৰ্ঘদিনীয়া । কিন্তু নামটো আচলতে ঘোষণা কৰা হোৱা নাছিল । অসমীয়া ভৌতিক ছবি আচলতে তেনেদৰে নাই বা খুব কম । সেয়ে নতুন কিবা এটা চেষ্টা কৰি চাওঁ বুলি এই ছবিখনৰ পৰিকল্পনা কৰা হৈছে । ছবিখনৰ কাহিনীৰ আধাৰটো ভৌতিকধৰ্মী । দৰাচলতে এইখন ছবিৰ কাহিনীটো কলকাতাৰ এটা সঁচা ঘটনাৰৰ ওপৰত আধাৰিত । ছবিখনত ৭০-৮০% শতাংশ সঁচা ঘটনাই দৰ্শকক দেখুওৱা হ’ব । বাকীখিনি কাল্পনিক হ’ব ।”

উল্লেখ্য যে, ছবিখনৰ মুখ্য চৰিত্ৰৰ লগতে আন আন চৰিত্ৰসমূহত কোনে কোনে অভিনয় কৰিব এতিয়াও ঠিক হোৱা নাই যদিও পৰিচালকৰ তৰফৰ পৰা জনোৱা অনুসৰি ছবিখনৰ মুখ্য চৰিত্ৰ দুটাত নতুন অভিনেতা-অভিনেত্ৰীক অভিনয়ৰ সুযোগ প্ৰদান কৰা হ’ব । আনহাতে আগন্তুক বৰ্ষৰ মাজৰ ভাগত ছবিগৃহলৈ আহিব এই নতুন অসমীয়া ছবিখন ।

লগতে পঢ়ক : উদীয়মান তাৰকা পুনম লহকৰলৈ ডক্টৰেট ডিগ্ৰী - Poonam Lahkar doctorate degree

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.