গুৱাহাটী, 4 আগষ্ট: অসমৰ সাংস্কৃতিক জগতৰ এটি চিনাকি নাম চিন্ময় বাৰ্মা । সুকীয়া চিন্তাশৈলী তথা কলাত্মক চিন্তাৰ সমাহাৰ ঘটাই যুৱ পৰিচালকগৰাকীয়ে নিৰ্মাণ কৰি আহিছে ভালেসংখ্যক চুটি ছবি ।
তেওঁৰ ছবিৰ মূল উপজীব্য সমল হৈছে অসমৰ পটভূমি । লোককথা, লোকসাহিত্য, লোকাচাৰ তথা থলুৱা বিষয়বস্তুৰ আধাৰতে তেওঁ নিৰ্মাণ কৰে চুটি ছবিসমূহ । ইতিমধ্যে তেওঁৰ উল্লেখযোগ্য ছবিসমূহে দেশ-বিদেশৰ বিভিন্ন প্ৰেক্ষাপটত আদৰ বুটলিবলৈ সক্ষম হৈছে । ভালেসংখ্যক ছবি আন্তৰ্জাতিক পৰ্যায়ৰ বঁটাৰে সমাদৃতও হৈছে ।
ইতিমধ্যে বাৰ্মাই তেওঁ "যখিনী", "অহল্যা", "নৰকাসুৰ", "তেজৰ টুকুৰা" আদিকে ধৰি কেইবাখনো চুটি ছবি নিৰ্মাণ কৰি তেওঁৰ দক্ষতা আৰু ব্যতিক্ৰমী চিন্তাক প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ এইগৰাকী পৰিচালকে অসমীয়া সাংস্কৃতিক জগতলৈ কঢ়িয়াই আনিছে এটি সু-খবৰ । "গ্ল'ৱেল লিডাৰ্ছ এৱাৰ্ড ২০২৪ৰ" "চলচিত্ৰ নিৰ্মাণৰ বাবে প্ৰেৰণাদায়ক যুৱ উদ্যোগী বঁটা"ৰ বাবে নিৰ্বাচিত হৈছে পৰিচালকগৰাকী ।
Bizox Media Networkৰ দ্বাৰা আয়োজিত আৰু I-Novate Technology Ltd. দ্বাৰা চলিত গ্ল'ৱেল লিডাৰ্ছ এৱাৰ্ড ২০২৪" শীৰ্ষক অনুষ্ঠানটি অনুষ্ঠিত হ'ব চলিত মাহৰ ৩১ আগষ্ট তাৰিখে । কাজাখস্তানৰ আলমাটিত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত ভাৰতৰ বিভিন্ন ঠাইৰ লগতে আমেৰিকা, অষ্ট্ৰেলিয়া, কানাডা তথা অন্যান্য দেশৰ প্ৰায় ২৫০ গৰাকী ব্যৱসায়ী আৰু উদ্যোগীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।
উল্লেখযোগ্য যে, অসমৰ লোক সাংস্কৃতিক পৰা আৰম্ভ কৰি বৰ্তমান সময়ত সমাজত চলি থকা ভিন্ন বাস্তৱধৰ্মী বিষয়বস্তু আদিকলৈ বহুকেইখন চুটি ছবি নিৰ্মাণ কৰিছে বাৰ্মাই । অসমীয়া লোকাচাৰ, লোককথাক বিস্তৃত ৰূপত জনসাধাৰণৰ মাজলৈ লৈ যোৱা বাবে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে চিন্ময় বাৰ্মাই । দেশ-বিদেশৰ বহু গণ্য-মান্য ব্যক্তিসকলৰ মাজত অসমৰ যুৱ পৰিচালক চিন্ময় বাৰ্মা এনেদৰে সন্মানিত হোৱাটো অসমৰ সাংস্কৃতিক জগতখনৰ বাবে এটা অত্যন্ত গৌৰৱৰ কথা ।