চিটাৰা ডেস্ক, ৫ ফেব্ৰুৱাৰী: যেতিয়াই কোনো অভিনেতাৰ পুত্ৰ বা কন্যাই বলীউডত আত্মপ্ৰকাশ কৰে তেতিয়াই আশা কৰা হয় যে তেওঁ পিতৃ-মাতৃৰ দৰেই অভিনয় কৰিব । কিন্তু মানুহে পাহৰি যায় যে, সকলোৰে এটা নিজস্ব পৰিচয় থাকে আৰু এজন ব্যক্তিয়ে সময়ৰ লগে লগে হে নিজৰ কামত সফল হয় । তেনেকুৱাই কিবা এটা হৈছিল অভিষেক বচ্চনৰ সৈতে ৷ অভিনেতাজনে একেৰাহে ১৫ খন ফ্লপ ছবি দিছিল যদিও কেতিয়াও হাৰি যোৱা নাছিল আৰু চেষ্টা অব্যাহত ৰাখিছিল ।
পৰিচালকে লঞ্চ কৰিবলৈ সাজু হোৱা নাছিল অভিষেকক
এক সাক্ষাৎকাৰত অভিষেক বচ্চনে তেওঁৰ সংগ্ৰামৰ বিষয়ে বৰ্ণনা কৰিছিল । অভিনেতাজনে কৈছিল যে আজিৰ সময়ত ছবি নিৰ্মাতাসকলে অতি সহজেই নিজৰ ছবিত ষ্টাৰ কিডছক লঞ্চ কৰে । কিন্তু মোৰ সময়ত কোনো পৰিচালক মোক লঞ্চ কৰিবলৈ সাজু হোৱা নাছিল । অমিতাভ বচ্চনৰ পুত্ৰ হোৱাৰ বাবে সকলোৱে মোক সন্মানেৰে অস্বীকাৰ কৰিছিল ।
ইখনৰ পিচত সিখন ছবি ফ্লপ হৈছিল
অভিষেক বচ্চনে ২০০০ চনত ‘শৰণাৰ্থী’ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল । তেওঁৰ প্ৰথমখন ছবি বক্স অফিচত বিফল হৈছিল । ইয়াৰ পিচত তেওঁ পৰৱৰ্তী চাৰি বছৰলৈ কেৱল ফ্লপ ছবিহে দিছিল । ‘তেৰা জাদু চল গয়া’, ‘ধাই অক্ষৰ প্ৰেম কে’, ‘বাছ ইতনা চা খৱাব হে’ আদি ছবিৰ নাম এই ছবিসমূহৰ তালিকাত অন্তৰ্ভুক্ত আছে ।
অৱশ্যে অভিষেক বচ্চনে নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছিল । তেওঁ অবিৰতভাৱে কঠোৰ পৰিশ্ৰম কৰিছিল ৷ কোৱা হয় যে চেষ্টাৰ অসাধ্য একো নাই, পৰৱৰ্তী সময়ত তাকেই যেন প্ৰমাণ কৰি দেখুৱালে অভিষেকে ৷ তাৰ পিচত তেওঁৰ ছবিসমূহ হিট হ’বলৈ আৰম্ভ কৰিছিল । অভিষেকে ‘যুৱা’, ‘বাণ্টী ঔৰ বাবলি’, ‘গুৰু’ আদি ছবিৰে সকলোৰে হৃদয় জয় কৰিছিল । আজি অভিষেক বচ্চনক বলীউডৰ দক্ষ অভিনেতাৰ ভিতৰত গণ্য কৰা হয় ।
লগতে পঢ়ক : এদিন বাছ ষ্টেণ্ডত ৰৈ থকাৰ পৰা কেনেকৈ সলনি হৈছিল জেকি শ্ৰফৰ ভাগ্য ?