ETV Bharat / business

ব্যক্তিগত কোম্পানীত কৰ্মৰত কৰ্মচাৰীয়ে কেতিয়া লাভ কৰে গ্ৰেচুইটি; ইয়াৰ মাপকাঠী কি ? - Know About Gratuity

author img

By ETV Bharat Business Team

Published : Sep 8, 2024, 9:27 AM IST

What is Gratuity Pay in Salary: গ্ৰেচুইটি কি বা গ্ৰেচুইটি লাভ কৰাৰ নিয়ম কি বাৰু, আপুনি জানেনে ? এটা সংস্থাত কিমান দিন কৰ্মৰত হৈ থাকিলে গ্ৰেচুইটি লাভ কৰিব পাৰে ?

What is Gratuity Pay in Salary
গ্ৰেচুইটি কি ? (Getty Image)

নেশ্যনেল ডেস্ক, 8 ছেপ্টেম্বৰ : গ্ৰেচুইটি, অধিকাংশ কৰ্মচাৰীৰ মুখতে শুনিবলৈ পোৱা এটা শব্দ ৷ পিছে আপুনি বাৰু জানেনে এই গ্ৰেচুইটি মানে কি ? কেনেকৈ আৰু কেতিয়া লাভ কৰিব পৰা যায় এই গ্ৰেচুইটি ? যদিহে আপুনি কোনো এটা চৰকাৰী বা ব্যক্তিগত সংস্থাত কৰ্মৰত হৈ আছে, তেন্তে এই বিশেষ প্ৰতিবেদনটো আপোনাৰ বাবে ৷

সকলোৰে জ্ঞাত যে, কোনো কৰ্মচাৰীয়ে অৱসৰ ল’লে বা চাকৰি এৰিলে নিৰ্দিষ্ট সংস্থা বা কোম্পানীসমূহে উপহাৰ বা প্ৰশংসা হিচাপে গ্ৰেচুইটি প্ৰদান কৰে । ইয়াৰ বাবে কৰ্মচাৰীজনে নিৰ্দিষ্ট সময়ৰ বাবে কোম্পানীত সেৱা আগবঢ়াব লাগিব, তেতিয়াহে তেওঁ ইয়াৰ বাবে তেওঁ যোগ্য বুলি বিবেচনা কৰা হ’ব । যিসকল কৰ্মচাৰীয়ে কমেও পাঁচ বছৰ একেটা কোম্পানী বা সংস্থাত কাম কৰি আহিছে, তেওঁলোকেহে এই গ্ৰেচুইটিৰ বাবে যোগ্য হ’ব ।

ইয়াৰ বাবে যোগ্যতা, চৰ্ত আৰু অন্যান্য ব্যৱস্থাসমূহ পেমেণ্ট অৱ গ্ৰেচুইটি আইন 1972 (Payment of Gratuity Act, 1972) কৰা হৈছে । এই আইনত উল্লেখ কৰা হৈছে যে এজন কৰ্মচাৰী কেতিয়া গ্ৰেচুইটিৰ অধিকাৰী আৰু ইয়াক নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহৰ দায়িত্ব কি ?

এই আইনখন চৰকাৰী বিভাগ, প্ৰতিৰক্ষা, স্থানীয় শাসকীয় সংস্থা আৰু ব্যক্তিগত সংস্থাকে ধৰি বিভিন্ন খণ্ডৰ ক্ষেত্ৰত প্ৰযোজ্য ৷ মাত্ৰ এই প্ৰতিষ্ঠান আৰু কোম্পানীসমূহে পূৰ্বনিৰ্ধাৰিত চৰ্তসমূহ পূৰণ কৰিব লাগিব ।

  • গ্ৰেচুইটিৰ বাবে মাপকাঠী

গ্ৰেচুইটি লাভ কৰিবলৈ এজন কৰ্মচাৰীয়ে চাকৰি এৰিব বা অৱসৰ লোৱাৰ আগতে 4 বছৰ 10 মাহ আৰু 11 দিনৰ অবিৰত সেৱা সম্পূৰ্ণ কৰিব লাগিব । অৰ্থাৎ প্ৰায় পাঁচ বছৰৰ অবিৰতভাৱে নিজৰ সেৱা সম্পূৰ্ণ কৰিব লাগিব । কিন্তু কিছুমান বিশেষ পৰিস্থিতিত যেনে লকআউট, দুৰ্ঘটনা, অকৰ্তৃত্বশীল অনুপস্থিতি বা চাকৰিৰ পৰা বৰ্খাস্ত কৰা আদিত কোম্পানীসমূহ ইয়াৰ দ্বাৰা বান্ধ খাই নাথাকে ৷

কেৱল অৱসৰৰ সময়তে নহয়, অন্যান্য বিভিন্ন পৰিস্থিতিত যেনে : পদত্যাগ, মৃত্যু বা অক্ষমতা, চাকৰিৰ পৰা বৰ্খাস্ত, স্বেচ্ছামূলক অৱসৰ, সেৱা বন্ধ (কৰ্মচাৰীৰ কোনো দোষ নোহোৱাকৈ)ত গ্ৰেচুইটি প্ৰদান কৰা হয় ।

  • কোম্পানীসমূহৰ বাবে মাপকাঠী

এই আইন অনুসৰি যদি কোনো কোম্পানীয়ে যোৱা এবছৰ ধৰি 10 বা তাতকৈ অধিক কৰ্মচাৰীক নিয়োগ কৰিছে তেন্তে তেনে কোম্পানী বা সংস্থাই গ্ৰেচুইটি দিবই লাগিব । অৱস্যে কিছুমান ব্যক্তিগত খণ্ডৰ কোম্পানীত 10 বছৰৰ সেৱাৰ পিছতহে গ্ৰেচুইটি দিয়াৰ নিয়ম আছে ।

  • নিয়মৰ ব্যতিক্ৰম

পাঁচ বছৰৰ পূৰ্বে গ্ৰেচুইটিৰ যোগ্যতাৰ দুটা ব্যতিক্ৰম আছে :

  1. মৃত্যু বা অক্ষমতাৰ বাবে সেৱা বন্ধ কৰা : এই পৰিস্থিতিত কৰ্মচাৰীজনে সেৱাৰ সময়সীমা সম্পূৰ্ণ নকৰাকৈয়ো গ্ৰেচুইটিৰ বাবে যোগ্য হয় ।
  2. 4 বছৰ 240 দিনৰ নিয়ম : কৰ্মচাৰীসকলে কিছুমান চৰ্তত চাৰি বছৰ সাত মাহৰ সেৱাৰ সৈতেহে গ্ৰেচুইটিৰ বাবে যোগ্য হ’ব পাৰিব ।
  • গ্ৰেচুইটি কেনেকৈ গণনা কৰিব

গ্ৰেচুইটিৰ পৰিমাণ নিৰ্ভৰ কৰে কৰ্মচাৰীজনৰ শেষৰ দৰমহা আৰু তেওঁৰ কাৰ্যকালৰ বছৰবোৰৰ ওপৰত । গ্ৰেচুইটি আইনৰ অধীনত কৰ্মচাৰীৰ বাবে গ্ৰেচুইটি গণনাৰ সূত্ৰটো হ’ল -

  • সূত্ৰ = (15 × শেষৰ দৰমহা × কৰ্ম বছৰৰ সংখ্যা) / 26
  1. শেষৰ দৰমহাৰ মৌলিক পৰিমাণ আৰু ডিয়াৰনেছ এলাৱেন্স (DA) অন্তৰ্ভুক্ত কৰা হৈছে ।
  2. এটা বছৰ ছমাহ বা তাতকৈ অধিক সময় সম্পূৰ্ণ কৰাটোক এক কৰ্মবৰ্ষ হিচাপে স্বীকৃতি দিয়া হয় ।

উদাহৰণ স্বৰূপে :-

XYZ ৰ সেৱাৰ সময়সীমা = 14 বছৰ 8 মাহ

কৰ্মৰত বছৰৰ সংখ্যা = 15 বছৰ

শেষৰ দৰমহা = 40 হাজাৰ টকা

মুঠ গ্ৰেচুইটিৰ পৰিমাণ = 15 × 40000 × 15 / 26 = 346153

  • গ্ৰেচুইটিৰ সৈতে জড়িত মূল কথা
  1. সৰ্বোচ্চ গ্ৰেচুইটি 20 লাখ টকাৰ অধিক হ’ব নোৱাৰে । ইয়াৰ অধিক যিকোনো ধনৰাশিক এক্স-গ্ৰেচিয়া বুলি গণ্য কৰা হয় ৷ যিটো স্বেচ্ছামূলক আৰু আইনগতভাৱে বলবৎ কৰিব নোৱাৰি ।
  2. গ্ৰেচুইটি গণনাৰ বাবে ছমাহতকৈ অধিক সময়ৰ সেৱাক পৰৱৰ্তী সম্পূৰ্ণ বছৰৰ বাবে পূৰ্ণাংকিত কৰা হয় ।
  3. কৰ্মচাৰীজনৰ মৃত্যু হ’লে গ্ৰেচুইটিৰ নিয়ম অনুসৰি মনোনীত বা উত্তৰাধিকাৰীক গ্ৰেচুইটি প্ৰদান কৰা হয় ।
  4. কোম্পানীয়ে ভাল কাম নকৰা বা অসৎ আচৰণ কৰা কৰ্মচাৰীৰ ক্ষেত্ৰত এই সেৱা বন্ধ কৰাৰো অধিকাৰ আছে ৷ অৰ্থাৎ কোম্পানীয়ে গ্ৰেচুইটি প্ৰদান কৰিবলৈ অস্বীকাৰো কৰিব পাৰে ।
  5. কিন্তু কোম্পানীটো দেউলীয়া হ’লেও গ্ৰেচুইটিৰ প্ৰতিশ্ৰুতি পূৰণ কৰাটো বাধ্যতামূলক ।
  6. চাকৰি শেষ হোৱাৰ ৩০ দিনৰ ভিতৰত যদি গ্ৰেচুইটি দিয়া নহয় তেন্তে কোম্পানীয়ে ইয়াৰ সুত ভৰিব লাগে ৷ অৰ্থাৎ মূলধনৰ সৈতে এক নিৰ্দিষ্ট পৰিমাণৰ সুত দিয়াৰো নিয়ম আছে ।

লগতে পঢ়ক : আপোনাৰ বাৰু পান কাৰ্ডখন হেৰাইছে নেকি; তেন্তে কেনেকৈ পুনৰ এই নথিখন লাভ কৰিব ? - Get PAN Card Online With Aadhaar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.